ETV Bharat / state

কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

Union Budget 2024: মঙলবাৰে সংসদত পোনপটীয়াকৈ সপ্তমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে ৰোডমেপ বুলি অভিহিত কৰে ৷ পিছে বাজেটক লৈ সন্তুষ্ট নহয় বিৰোধী ৷ বিশেষকৈ অসমে পুনৰবাৰ বাজেটত বঞ্চিত হ’বলগীয়া হোৱা বুলি মন্তব্য বিৰোধী নেতাৰ ৷ চাওক সবিশেষ...

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:28 PM IST

INDIA BUDGET 2024
বাজেট সন্দৰ্ভত বিৰোধীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুলাই: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে লোকসভাত মোদী চৰকাৰৰ 3.0 কাৰ্যকালৰ ২০২৪-২৫ চনৰ প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰে ৷ কেন্দ্ৰীয় বাজেটখন দাখিলৰ পিচতে অসমৰ‌ বিৰোধী‌ দলসমূহে বাজেট সন্দৰ্ভত প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ৷ একাংশ বিৰোধী নেতাৰ বাজেট সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াসমূহ এনেধৰণৰ-

বাজেটত অসম আকৌ এবাৰ প্ৰতাৰিত হৈছে: ভূপেন বৰা

কেন্দ্ৰীয় বাজেটতত অসম আকৌ এবাৰ প্ৰতাৰিত হৈছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে ৷ বৰাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে যোৱা 5 বছৰ ধৰি অসম চৰকাৰে মুঠ 10,785 কোটি টকা দাবী কৰিছে বুলি সদৰী কৰে ৷ কিন্তু ইয়াৰ বাবদ কেন্দ্ৰই মাত্ৰ 250 কোটি টকা দিছিল ৷ পুনৰবাৰ আজি অসম আকৌ এবাৰ প্ৰতাৰিত হৈছে ৷ এই বাজেটে বিহাৰক 11,500 কোটি টকা দিছে, কিন্তু কেৱল অসমক সহায়ৰ আশ্বাসহে দিছে ৷

বৰাই কয় যে - এই বাজেট পূৰ্বৰ বিজেপি চৰকাৰৰ বাজেটৰ দৰে, এই বাজেটে জনসাধাৰণৰ দুৰ্দশা হ্ৰাস নকৰে ৷ বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে কৰ্মহীনতা ৷ বাজেটত ব্যাপক কৰ্মসংস্থাপনৰ সুযোগৰ কথা উল্লেখ কৰা হোৱা নাই ৷ ইয়াৰ পৰিৱৰ্তে চৰকাৰে 500 টা শীৰ্ষ কোম্পানীত ইন্টাৰ্ণশ্বিপৰ জুমলা লৈ আহিছে ৷ এই শীৰ্ষ 500 টা কোম্পানীত কাম কৰিবলৈ কিমানজন লোক যোগ্য হ'ব ?

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট 2024-25: তিনি লাখ টকালৈ আয়কৰ ৰেহাই, বান সমস্যাৰ বাবে বিশেষ পুঁজি আৰু কি কি আছে এই বাজেটত - Budget 2024

সম্পূৰ্ণ অসম বিৰোধী বাজেট: অজিত কুমাৰ ভূঞা

কেন্দ্ৰীয় বাজেটখনক সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চল তথা অসম বিৰোধী বাজেট বুলি উল্লেখ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ বাজেটখন তৈলমৰ্দন(Sugarcoat) বুলি তেওঁ অভিহিত কৰে ৷ কেন্দ্ৰত বিজেপিক সমৰ্থন কৰা দলসমূহক সন্তুষ্ট কৰাৰ বাবে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বহুত টকা দিছে ৷ বিহাৰক বানৰ বাবে সুকীয়া বাজেট নিৰ্ধাৰণ কৰিছে ৷

অসমৰ ‌বাবে একো নকৰি মাত্ৰ চাম বুলি বাজেটত আশ্বাসহে দিছে ৷ সেই আশ্বাসতে চলি‌ আছে অসম ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে‌ মাত্ৰ গাদী বচাবলৈ দিল্লীক তৈলমৈৰ্দন কৰি আছে ৷ যোৱা ৫ বছৰত অসমে কেন্দ্রীয় চৰকাৰৰ পৰা বান সাহায্য হিচাপে বিচাৰিছিল ১০,৭৮৫.৩৮ কোটি টকা । কিন্তু বানৰ নামত অসম চৰকাৰে এন ডি আৰ এফৰ পৰা পালে মাত্র ২৫০.৩১ কোটি টকা ।

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেটত ডাঙৰ ঘোষণা: হ্ৰাস পাব সোণ-ৰূপৰ মূল্য ! - India Budget 2024

বেংকৰ শাখা খুলিলে অসম ৰক্ষা নপৰে: মনোৰঞ্জন তালুকদাৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে লোকসভাত ২০২৪-২৫ চনৰ মোদী 3.0 ৰ প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰি অসমৰ বান সমস্যা মোকাবিলা কৰাৰ বাবে বাজেটত সহায়ৰ আশ্বাস দিয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১০০০ টা বেংকৰ শাখা মুকলি কৰাৰ কথা ঘোষণা কৰিছে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, প্ৰতিবছৰে বানত সৰ্বশ্ৰান্ত হোৱা অসমত অকল বেংকৰ শাখা স্থাপন কৰা কথা বাজেট ঘোষণা কৰিলে অসম ৰক্ষা নপৰে ৷ অসমৰ বান সমস্যাটোৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন ৷ এই সহায় অবিহনে অসম ৰক্ষা নপৰে ৷‌ অসমত লাখ লাখ যুৱক যুৱক-যুৱতী কৰ্মস্থাপনহীন হৈ আছে ৷ এইক্ষেত্ৰত কেন্দ্ৰৰ বাজেটত কোনো কথাৰ‌ উল্লেখ নাই ৷

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট 2024-25 : বাজেটে সস্তা কৰিলে কিহৰ কিহৰ দাম ? কিহত ভৰিব লাগিব অধিক ধন ? - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.