ETV Bharat / state

কাজিনেমুৰ খেতিৰে স্বাৱলম্বী উচ্চশিক্ষিত ধনমণি শইকীয়া - Nagaon

Kaji Nemu: কাজি নেমুক ৰাজ্যিক ফল ঘোষণাৰ পিচতে উৎফুল্লিত ৰাজ্যৰ খেতিয়কসকল ৷ অৱশ্যে তাৰ মাজতো চৰকাৰৰ বিৰুদ্ধে আছে কিছু আক্ষেপ ৷ চৰকাৰী সা-সুবিধাৰ সন্দৰ্ভত খেতিয়কে কি কয়? এগৰাকী নেমু খেতিয়কৰ সৈতে ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰ...

Kaji Nemu
কাজিনেমুৰ খেতিৰে স্বাৱলম্বী উচ্চশিক্ষিত ধনমণি শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 7:41 PM IST

Updated : Feb 14, 2024, 8:09 PM IST

কাজিনেমুৰ খেতিৰে স্বাৱলম্বী উচ্চশিক্ষিত ধনমণি শইকীয়া

নগাঁও, 14 ফেব্ৰুৱাৰী: কাজি নেমুক ৰাজ্যিক ফল ঘোষণা কৰিলে অসম চৰকাৰে । চৰকাৰৰ এই ঘোষণাই উৎসাহ যোগাব বুলি দাবী কৰিছে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ এগৰাকী কৃষকে । ৰাজ্যিক ফল ঘোষণা কৰা চৰকাৰে নেমু খেতিৰ সৈতে জড়িত খেতিয়কক চৰকাৰী সুবিধা প্ৰদানৰো দাবী জনাইছে কাজি নেমু খেতিৰে স্বাৱলম্বী হোৱা উচ্চ শিক্ষিত কৃষক ধনমণি শইকীয়াই ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে কাজি নেমুক ৰাজ্যিক ফল ঘোষণা কৰিছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই । মঙলবাৰে সদনৰ মজিয়াত কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ পিচতেই উৎফুল্লিত হৈ পৰিছে নেমু খেতিৰ সৈতে জড়িত কৃষক । ৰাজ্যৰ কৃষিমন্ত্ৰীৰ ঘোষণাৰ পিচত উৎফুল্লিত এগৰাকী নেমু খেতিয়কে প্ৰকাশ কৰিলে আক্ষেপো ।

নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ জাজৰি মোলান কামোৰা গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত লোক স্বাৱলম্বী হৈছে নেমু খেতিৰ জৰিয়তে । লোকজনৰ নাম ধনমণি শইকীয়া । মোলান কামোৰা গাঁৱৰ ধনমণি শইকীয়া ১৯৯৩ চনতে নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯৪ চনৰ পৰাই জড়িত হৈ পৰিছে নেমু খেতিৰ সৈতে ।

প্ৰথমে পৰীক্ষামূলকভাৱে এবিঘা ভূমিত নেমু খেতি আৰম্ভ কৰিছিল ধনমণি শইকীয়াই । বিগত ৩০ বছৰে কাজি নেমু খেতিৰেই স্বাৱলম্বী হৈছে এইগৰাকী ধনমণি শইকীয়া । বৰ্তমান দহ, বাৰ বিঘা ভূমিত নেমু খেতি কৰিছে ধনমণি শইকীয়াই । কেৱল কাজি নেমু খেতিৰেই বছৰি দুই লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধনমণি শইকীয়া ।

চৰকাৰী চাকৰিৰ আশা এৰি নেমু খেতিত জড়িত হৈ এতিয়া পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ধনমণি শইকীয়া । সম্প্ৰতি চৰকাৰে কাজি নেমুক ৰাজ্যিক ফল ঘোষণা কৰাৰ পিচত ধনমণি শইকীয়াও উৎফুল্লিত হৈ পৰিছে যদিও আজি পৰ্যন্ত চৰকাৰৰ কোনো সাহাৰ্য্য লাভ নকৰাত কিছু আক্ষেপো প্ৰকাশ কৰিছে ধনমণি শইকীয়াই ।

উল্লেখ্য যে ধনমণি শইকীয়াই সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰে নেমু খেতিত ৷

লগতে পঢ়ক: নেমুৰ বজাৰ সৃষ্টিৰ আহ্বান প্ৰগতিশীল কৃষক প্ৰভাকৰ পোণা ডেকাৰ

Last Updated : Feb 14, 2024, 8:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.