ETV Bharat / state

কথা আছিল মাটি দিয়াৰ, কিন্তু দিলে কুপন : ‘‘অ’ চৰকাৰ আমি নামানো’’ - EVICTION IN GORUKHUTI

Gorukhuti Agricultural Project eviction : পুনৰ চৰ্চাত আকৌ গৰুখুটিৰ উচ্ছেদৰ প্ৰসংগ ৷ গৰুখুটিত পুনৰ বুলডজাৰেৰে 397 টা বেদখলকাৰী পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হয় ।

Gorukhuti Agricultural Project eviction
কথা আছিল মাটি দিয়াৰ, কিন্তু দিলে কুপন: অ’ চৰকাৰ আমি নামানো (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 12:15 PM IST

কথা আছিল মাটি দিয়াৰ, কিন্তু দিলে কুপন: অ’ চৰকাৰ আমি নামানো (etv bharat assam)

মঙলদৈ, ২১ মে’ : ভূতৰ ওপৰত দানহ পৰাদি পুনৰ গৰুখুটিত চলিল উচ্ছেদ অভিযান । বহু চৰ্চিত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে নিৰ্ধাৰিত ভূমি অবৈধভাৱে দখল কৰা পৰিয়ালসমূহৰ বিৰুদ্ধে সোমবাৰ তথা 20 মে’ত পুনৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ।

ছিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়া ৰিতিমণি দাসে 620 টা বেদখলকাৰী পৰিয়ালক ধলপুৰৰ পৰা হৈ দলগাঁৱলৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিছিল । এই নিৰ্দেশৰ পাচতো পৰিয়ালকেইটাই কৃষি প্ৰকল্পৰ ভূমি খালী কৰিবলৈ অস্বীকাৰ কৰে । ফলত চক্ৰ বিষয়া আৰু ৰাজহ বিভাগৰ অতিৰিক্ত উপ আয়ুক্ত গোপাল শৰ্মাৰ নেতৃত্বত শতাধিক নিৰাপত্তাৰক্ষীৰ সৈতে উচ্ছেদ অভিযান চলায় ।

এই অভিযানত বুলডজাৰেৰে 397 টা বেদখলকাৰী পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হয় । ঘৰ ভাঙি পেলোৱাৰ পাচতে বহু স্থানচ্যুত বেদখলকাৰীয়ে নিজৰ সামগ্ৰী লৈ দলগাঁৱৰ ফালে ঢাপলি মেলা দেখা যায় । উল্লেখ্য যে, গৰুখুটি কৃষি প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে 8700 বিঘা মাটি আৱণ্টন দিছে ৷ ইয়াৰে 6800 বিঘা ভূমি বেদখলৰ পৰা মুক্ত হৈছে ৷ বাকীখিনি এতিয়াও অবৈধ দখলৰ অধীনত আছে ।

2021 চনৰ ছেপ্টেম্বৰ মাহত প্ৰশাসনে এই প্ৰকল্পৰ সুবিধাৰ বাবে ধলপুৰৰ পৰা 1418 টা পৰিয়ালক উচ্ছেদ কৰিছিল । এই কাৰ্যৰ ফলত আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনে স্থানচ্যুত পৰিয়ালকেইটাক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে । পৰ্যায়ক্ৰমে গৰুখুটি কৃষি প্ৰকল্পৰ পৰা 1431 টা পৰিয়ালে নিৰ্দেশনা মানি চলি দলগাঁৱলৈ যোৱাৰ বিপৰীতে 620 টা পৰিয়ালে প্ৰকল্পৰ ভূমি দখল কৰি থাকে ।

তেওঁলোকক ইয়াৰ পূৰ্বে কেইবাবাৰো নিৰ্দেশনা দিয়াৰ পাচতো তেওঁলোকে ধাৰাবাহিকভাৱে স্থানান্তৰিত হ’বলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰশাসনে তেওঁলোকক দলগাঁৱলৈ স্থানান্তৰ কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Gorukhuti Agricultural Project: গৰুখুটি প্ৰকল্পক লৈ অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য অধ্যক্ষ পদ্ম হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.