বঙাইগাঁও, 8 মাৰ্চ : এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী হিচাপে জুবিন গাৰ্গে কা সন্দৰ্ভত মন্তব্য কৰিব নালাগে বুলি বৃহস্পতিবাৰে কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । অসমত কা বলৱৎ কৰিব নালাগিলে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব লাগে বুলি উল্লেখ কৰি বিৰোধীৰ কটাক্ষ কৰে মন্ত্ৰী দাসে ৷

দাসে কয়, " বিৰোধী ঐক্য মঞ্চ বাৰিষাৰ ভেকুলীৰ দৰে । নিৰ্বাচন আহিলে টোৰটোৰাই । সিহঁত একেলগে থাকিলেও আমাৰ অসুবিধা নাই ।" জিলাখনৰ বীৰঝৰা চাহ বাগিচা খেলপথাৰত আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে 24 কোটি টকা ব্যয় সাপেক্ষ চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন আৰু এখন এম্বুলেন্স পতাকা জোকাৰি শুভ উদ্বোধন কৰে ৷
আনহাতে বীৰঝৰা চাহ বাগিচা এলেকাত আদৰ্শ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । নিৰ্মাণ হ'বলগীয়া আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ কোঠালি, শিক্ষকৰ কোঠালি, শ্ৰেণী কোঠা, প্ৰেক্ষাগৃহ, লেবৰেটৰী, ছাত্ৰ-ছাত্ৰীৰ প্ৰস্ৰাৱগাৰ আৰু খেলপথাৰ নিৰ্মাণৰ বাবেও আধাৰশিলা স্থাপন কৰা হয় ।

লগতে পঢ়ক : কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ
অনুষ্ঠানত উপস্থিত হৈ প্ৰদান কৰা ভাষণত মন্ত্ৰী দাসে চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ, বিনামূলীয়া গেছ সংযোগ, বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া অনাময় শৌচাগাৰ প্ৰদান আদি আঁচনি সন্দৰ্ভত আলোকপাত কৰে । এই সভাৰ আদৰণী ভাষণ প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, বৃহস্পতিবাৰে এক সংগীতানুষ্ঠানত ভাগ লৈ জুবিন গাৰ্গে ৰাইজলৈ আহ্বান জনাই কয়, ‘‘NO CAA. লাগিলে ভোট নিদিব ৷ ভোট নিদিলে কোনো মন্ত্ৰী-বিধায়কেও একো কৰিব নোৱাৰে ৷ গতিকে আপোনালোকে চাই ল’ব ৷ মই ভোট নিদিও, আপোনালোকেও নিদিব ৷ যদি কা দিয়ে, তেন্তে ভোট নিদিব ৷ খতম ৷"
লগতে পঢ়ক: নাৰায়ণপুৰত ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ