যোৰহাট,৫ ছেপ্টেম্বৰ : শেহতীয়াকৈ বিজেপি দলে সদস্যতা অভিযান আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাতে এই অভিযান চলি আছে । যোৰহাট জিলাত বিজেপিয়ে প্ৰভাৰী হিচাপে দায়িত্ব দিছে প্ৰাক্তন কংগ্ৰেছী তথা বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীক । ৰাণা গোস্বামীয়ে ইতিমধ্যে মৰিয়নী সমষ্টিৰ বিভিন্ন প্ৰান্তত সদস্যতা অভিযানৰ নেতৃত্ব দিছে । বৃহস্পতিবাৰে তেনে এক অভিযানৰ মাজতে ৰাণা গোস্বামীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁৰ মতে অহা ৬-৭ মাহৰ ভিতৰত ৰাইজে গৰম খবৰ লাভ কৰিব । কংগ্ৰেছৰ বহু নেতা-কৰ্মীৰে ভিতৰুৱা সম্পৰ্ক থকাৰ কথাও দাবী কৰিলে ৰাণা গোস্বামীয়ে ।
কংগ্ৰেছ নেতা-কৰ্মীৰে এতিয়াও আছে সম্পৰ্ক
ৰাণা গোস্বামীয়ে কয়,"কংগ্ৰেছৰ দিনত মই উজনি অসমৰ কেইবাখনো জিলাৰ প্ৰভাৰী আছিলো । সেয়ে কংগ্ৰেছৰ বহু কৰ্মীয়ে মোক ফোন কৰি থাকে । নিৰ্বাচনৰ সময়ত গম পাব । এতিয়া মোৰ লগত ভালেমান নেতাৰ যোগাযোগ চলি আছে । আপোনালোকে সময়ত গৰম খবৰবোৰ গম পাব ।" ৰাণা গোস্বামীয়ে এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছে যে কেৱল অসমৰ মুখ্যমন্ত্ৰীয়েই নহয় কংগ্ৰেছৰ ভিতৰুৱা খবৰ তেওঁ নিজেও লাভ কৰে । একেদৰে আগন্তুক দিনত কংগ্ৰেছৰ পৰা বহু নেতাৰ বিজেপিত যোগদানৰো ইংগিত দিলে ৰাণা গোস্বামীয়ে ।
ৰাণা গোস্বামীৰ জনপ্ৰিয়তা
লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে যোৰহাটত ৰাণা গোস্বামীৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস হোৱাৰ আশংকা কৰা হৈছিল । কিন্তু জনপ্ৰিয়তা পূৰ্বৰ দৰেই আছে বুলি দাবী কৰিলে ৰাণা গোস্বামীয়ে । জনপ্ৰিয়তা সন্দৰ্ভত তেওঁ সাংবাদিকক কয়,"মই মুখেৰে নকও । কিন্তু যোৰহাটৰ সাধাৰণ ফুটপাথ ব্য়ৱসায়ী, ঠেলা চলোৱা, ৰিক্সা চলোৱা সাধাৰণ জনতা বা সাধাৰণ কৰ্মচাৰী, মহিলা, যুৱক আদিক সুধিলে গম পাব । ৬ মাহৰ পিছত মই ক'ব নালাগে আপোনালোকে নিজে সুধিব ।"
ৰাণা গোস্বামীক প্ৰাৰ্থিত্ব নালাগে !
ইফালে ২০২৬ চনৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত ৰাণা গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"মৰিয়নী সমষ্টিত এম এল এ উঠাৰ মোৰ কোনো ইচ্ছাই নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে দলক শক্তিশালী কৰিবলৈ আমি দায়িত্ব পালন কৰিবলৈ ইয়ালৈ আহিছো । ইয়াত কোনো বিধায়কৰ প্ৰশ্নই নুঠে ।" ইফালে দলে টিকট দিয়াটো দলৰ কথা আৰু টিকট নিদিলেও দলৰ হৈ কাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে ৰাণা গোস্বামীয়ে ।