ETV Bharat / state

কংগ্ৰেছত নিষিদ্ধ এ আই ডি এফৰ বিধায়ক : ৰকিবুল হুছেইন - congress vs aiudf - CONGRESS VS AIUDF

Rakibul Hussain on AIUDF MLAs : লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতে এ আই ইউ ডি এফত বিধায়কৰ পদত্যাগ আৰম্ভ হৈছে ৷ ইয়াৰ পিচতে এ আই ইউ ডি এফ ত্যাগ কৰা বিধায়কসকলক লৈ কঠোৰ সিদ্ধান্ত কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ ৷

CONGRESS VS AIUDF
কংগ্ৰেছত নিষিদ্ধ এ আই ডি এফৰ বিধায়ক- ৰকিবুল হুছেইন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 9:39 PM IST

গুৱাহাটী, ১১ জুন : এ আই ডি এফৰ বিধায়ক কংগ্ৰেছত যোগদান কৰাৰ ক্ষেত্ৰত ঘোৰ আপত্তি কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে । লোকসভা নিৰ্বাচনত সম্পূৰ্ণভাৱে বিপৰ্যয়ৰ‌ সম্মুখীন হোৱা এ আই ইউ ডি এফৰ কেইবাগৰাকী বিধায়কৰ কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলি থকাৰ পিচতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে ৷

কংগ্ৰেছত নিষিদ্ধ এ আই ডি এফৰ বিধায়ক- ৰকিবুল হুছেইন (ETV BHARAT ASSAM)

উল্লেখ্য যে, এ আই ইউ ডি এফ দলে এইবাৰ লোকসভাত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি শোচনীয়ভাবে পৰাজিত হয় । ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমলক পৰাজিত কৰি বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছৰ চামগুৰি বিধানসভাৰ বিধায়ক ৰকিবুল‌ হুছেইনে । তাৰ মাজতে আমানতৰ ধন বাজেয়াপ্ত হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ অন্যতম ধনী প্রার্থী এ আই ইউ ডি এফৰ কৰিমগঞ্জৰ প্রার্থী চাহাবুল ইছলাম চৌধুৰীয়ে ২৯,২০৫ টা‌‌ ভোটহে লাভ কৰিবলৈ সক্ষম‌ হয় ।‌

আকৌ নগাঁও লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ‌ শক্তিশালী প্ৰাৰ্থী হিচাপে চৰ্চাত থকা বিধায়ক আমিনুল ইছলামে মাত্ৰ ১,৩৭,৩৪০ টা ভোট লাভ কৰি আমানতৰ ধন হেৰুৱাবলগীয়া হয় ।

লগতে পঢ়ক: বিধায়ক পদ ত্যাগ কৰি মুখ্যমন্ত্ৰীক সকীয়নি ৰকিবুল হুছেইনৰ - Rakibul Hussain resigns as MLA

ইপিনে এ আই ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানকাচৰৰ এ আই ইউ ডি এফৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰি থকা আমিনুল ইছলামে লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে । ইয়াৰ পিচতে এতিয়া একাংশ‌ এ আই ডি এফৰ বিধায়ক কংগ্ৰেছলৈ গমন কৰাক লৈ চৰ্চা চলিছে ।

মঙলবাৰে গুৱাহাটীত চামগুৰিৰ কংগ্ৰেছ বিধায়কগৰাকীৰ বিদায় অনুষ্ঠানতে ৰকিবুল হুছেইনে সাংবাদিকক সম্বোধন কৰি কয়-"এ আই ডি এফৰ কোনো‌ বিধায়কে যাতে কংগ্ৰেছ দলত যোগদান কৰিব নোৱাৰে তাৰ‌‌ বাবে ব্যক্তিগতভাৱে মই কংগ্ৰেছ দলক অনুৰোধ কৰিম ৷ কাৰণ কংগ্ৰেছ দলক এ আই ডি এফৰ কোনো‌ বিধায়ক নালাগে ।"

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰা কংগ্ৰেছৰ চামগুৰি বিধানসভাৰ বিধায়ক ৰকিবুল‌ হুছেইনক মঙলবাৰে কংগ্ৰেছৰ বিধায়িনী দলে গুৱাহাটীত সম্বৰ্ধনা জনায় । এই অনুষ্ঠানতে দেৱব্ৰত শইকীয়া জনাই যে, অহা ১৬ জুনত কংগ্ৰেছৰ ৰাজনৈতিক কোষৰ বৈঠক অনুষ্ঠিত হ'ব । তাত এই সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা‌ হ’ব ৷

লগতে পঢ়ক: যুদ্ধ হ’ব প্ৰতিশোধৰ ! ধুবুৰীত পৰাজয়ৰ পোটক চামগুৰিত তোলাৰ পৰিকল্পনা আজমল বাহিনীৰ - Bye election in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.