ETV Bharat / state

ক'লা সাম্ৰাজ্যৰ গৰাকী ৰাকেশ সিং : জিম্মাত ল'বলৈ গুৱাহাটীত মণিপুৰ আৰক্ষী - Rakesh Singh arrested

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:44 PM IST

Rakesh Singh arrested: মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি মুখ্যমন্ত্ৰী সাহাৰ্য নিধিৰ ধন সৰকোৱাৰ অপৰাধত কলকাতাৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰাকেশ সিঙক জিম্মাত ল'বলৈ গুৱাহাটীত মণিপুৰ আৰক্ষী । ন ন তথ্য পোহৰলৈ আহিছে CM Vigilance ৰ জেৰাত । মণিপুৰৰো মুখ্যমন্ত্ৰী সাহাৰ্য নিধিৰ ৯ লাখ ৯২ হাজাৰ টকা লুট কৰিছিল দুৰ্বৃত্তই ।

Rakesh Singh arrested for forging CM's signature and looting CM Relief Fund money
ক'লা সাম্ৰাজ্যৰ গৰাকী ৰাকেশ সিং (ETV Bharat Assam)

গুৱাহাটী,১২ জুলাই: কলকাতাৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰাকেশ সিঙৰ পৰা ওলাইছে ন ন তথ্য । এইবাৰ মণিপুৰ আৰক্ষীয়ে জিম্মাত ল'ব ধৃত ৰাকেশ সিঙক । মণিপুৰৰো মুখ্যমন্ত্ৰী সাহাৰ্য নিধিৰ ৯ লাখ ৯২ হাজাৰ টকা লুট কৰিছিল দুৰ্বৃত্তই । মণিপুৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ নামত ভুৱা চেক বনাই কৌশলেৰে লুটিছিল ধন । ৰাকেশ সিং এণ্ড কোম্পানীয়ে সংঘটিত কৰিছিল এই বৃহৎ লুণ্ঠন । যাৰ বাবে ৰাকেশ সিঙক জিম্মাত ল'বলৈ গুৱাহাটীত উপস্থিত মণিপুৰ আৰক্ষী ।

কলকাতাৰ পৰা CM Vigilance এ গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ সিঙক । মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিৰ ধন আত্মসাতৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হৈছিল সিং । পিচে কেঁচু খান্দোতে এতিয়া সাপ ওলাইছে CM Vigilance ৰ তদন্তত । বিহাৰৰ ধৃত ৰাকেশ সিঙৰ আছে এখন বিশাল ক'লা সাম্ৰাজ্য । বেংক একাউন্টৰ ক'লা ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে সিঙৰ । ভূৱা ঠিকনাৰে বেংক একাউন্ট খুলি অপৰাধীক ভাৰালৈ দিয়ে সেই একাউন্ট ।

বিভিন্ন দুখীয়া লোকৰ নামত ভূৱা ঠিকনাৰে ৰাকেশে খোলে বেংক একাউন্ট । বহু চাইবাৰ অপৰাধীক ইতিমধ্যে শ শ বেংক একাউন্ট ভাৰালৈ দিছে ৰাকেশে । ক'লা ধন সাচিবলৈও বহু প্ৰভাৱশালী ব্যক্তিক বেংক একাউন্ট ভাৰালৈ দিছে সিঙে । কলকাতা চহৰৰ মাজমজিয়াত আছিল ৰাকেশ সিঙৰ বিলাসী কাৰ্যালয় । ভিজিলেন্সে ইতিমধ্যে ৬ টাকৈ বেংক একাউন্ট জব্দ কৰিছে সিঙৰ । অধিক তদন্তৰ বাবে ১৪ দিনৰ বাবে ভিজিলেন্সে নিজৰ জিম্মাত লৈছিল সিঙক ।

শুকুৰবাৰে ভিজিলেন্সৰ জিম্মা শেষ হয় ৰাকেশ সিঙৰ । ইয়াৰ পিচতেই মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ৰাকেশ সিঙক । উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রীৰ চহী জাল কৰি ধন সৰকোৱাৰ চেষ্টা চলাইছিল যদিও বার্থ হৈছিল ৰাকেশ সিং । মুখ্যমন্ত্রীৰ বিশেষ কোষে এই সন্দর্ভত এটা গোচৰ ৰুজু কৰি প্রৱঞ্চক চক্রটোৰ অন্যতম সদস্য ৰাকেশ সিঙক পশ্চিমবংগৰ পৰা ২৯ জুনত গ্রেপ্তাৰ কৰি গুৱাহাটীলৈ আনিছিল । নিউআলিপুৰৰ ৰাকেশ সিঙৰ সৈতে এটা চক্রই অসমৰ মুখ্যমন্ত্ৰীৰ চহী জাল কৰি সাহাৰ্য পুঁজিৰ ধন সৰকোৱাৰ বাবে বেংকত চেক জমা দিছিল ।

কলকাতাত থকা বেংক একাউন্টৰ বিপৰীতে প্রবঞ্চক চক্রটোৱে চেক জমা দিছিল বেংগালুৰুত । এনে ৮ খন চেক জমা দিছিল চক্রটোৱে । কিন্তু সংশ্লিষ্ট বেংকসমূহে এই সন্দর্ভত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সৈতে যোগাযোগ কৰাত এই জালিয়াতিৰ কথা পোহৰলৈ আহে । সেইমর্মে মুখ্যমন্ত্রীৰ ভিজিলেন্সে বিষয়টোৰ তদন্ত কৰি প্ৰৱঞ্চক চক্ৰটো বিহাৰৰ বুলি নিশ্চিত হয় । এনে তথ্যৰ আধাৰতে ৰাকেশ কুমাৰ সিং নামৰ অভিযুক্তজনক পশ্চিমবংগত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযুক্তজনক বিশেষ আদালতে ১৪ দিনৰ বাবে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ জিন্মাত দিছিল ।

লগতে পঢ়ক: ৰুদ্ৰ তিনিআলিত কথমপি পুনৰাবৃত্তি নঘটিল অভি-নীলকাণ্ডৰ ! - MOB LYNCHING AT SARUPATHAR

ন্যায় ব্যৱস্থাত চাপ বৃদ্ধি : গুৱাহাটী উচ্চ ন্যায়ালয়তে পৰি আছে ৬০ হাজাৰোধিক গোচৰ - Pendency of court cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.