ETV Bharat / state

বৰপেটাত ৰাজনাথ সিঙৰ জনসভা; প্ৰস্তুতি সন্দৰ্ভত বিজেপি-অগপৰ যৌথ সভা

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 1:38 PM IST

Updated : Mar 11, 2024, 2:03 PM IST

Rajnath Singh Barpeta Visit : বৰপেটাত ৰাজনাথ সিঙৰ সভাত ৭০ হাজাৰোধিক লোকৰ জনসমাগমৰ লক্ষ্য বিজেপি আৰু অগপৰ । অগপক বিগ ব্ৰাদাৰ হিচাপে লৈ বৰপেটাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি ।

বৰপেটাত  বিজেপি-অগপৰ যৌথ সভা
বৰপেটাত বিজেপি-অগপৰ যৌথ সভা
বৰপেটাত বিজেপি-অগপৰ যৌথ সভা

বৰপেটা, ১১ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে শাসক-বিৰোধী উভয়ৰে নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে । অসমতো লোকসভা নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএয়ে অসমত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । মুঠ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ১১ খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছে ।

আনহাতে, মিত্ৰ দল অগপক দুখন আৰু ইউপিপিএলক এখন আসন প্ৰদান কৰা হৈছে । ইয়াৰে ভিতৰত অগপক বৰপেটা আৰু ধুবুৰীত আৰু ইউপিপিএলক কোকৰাঝাৰ লোকসভা আসনখন আগবঢ়োৱা হৈছে । অৱশ্যে অগপই এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰা নাই । কিন্তু তাৰ মাজতে ১৪ মাৰ্চত বৰপেটাত আয়োজন কৰা হৈছে এনডিএৰ বিশাল জনসভা ।

এই সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইফালে ৰাজনাথ সিঙৰ সভাক লৈ তৎপৰ হৈ পৰিছে বৰপেটা জিলা অগপ আৰু বিজেপি ৷ আনহাতে, ৰাজনাথ সিঙৰ সভাখন সফল কৰাৰ অৰ্থে বৰপেটাত দেওবাৰে অনুষ্ঠিত হয় অগপ আৰু বিজেপি নেতাসকলৰ এখন যৌথ সভা ৷

এই সভাত বিজেপি নেতা জয়ন্ত কুমাৰ দাস, বনদীপ ডেকা, অনিল কুমাৰ দাস আৰু নিপা কলিতা উপস্থিত থাকে । আনহাতে, অগপৰ তৰফৰ পৰা কুমাৰ দীপক দাস, গুণীন্দ্ৰ নাথ দাস, ভূপেন ৰয়ৰ লগতে এই সভাত বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ, বজালী আদি জিলাসমূহৰ নেতাসকল উপস্থিত থাকে ।

উক্ত সভাই ১৪ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া জনসভাত ৭০ হাজাৰোধিক লোকৰ সমাগমৰ লক্ষ্য স্থিৰ কৰে ৷ ইপিনে প্ৰস্তুতি সভাত অংশ লৈ বিজেপি নেতা জয়ন্ত কুমাৰ দাসে বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনত অগপক বিগ ব্ৰাদাৰৰ ভূমিকা ল'বলৈ আহ্বান জনায় । লগতে বিজেপিয়ে এই নিৰ্বাচনত শ্ৰমিক বা সৈনিকৰ ভূমিকা ল'ব বুলিও মন্তব্য কৰে ৷

একেদৰে অগপৰ ভূপেন ৰয়ে অগপই বিগ ব্ৰাদাৰৰ ভূমিকাৰে নিৰ্বাচনত নিজৰ দায়িত্ব পালন কৰিব বুলি প্ৰকাশ কৰে ৷ আনকি দলে ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব দিলেও কোনো সমস্যা নাথাকিব বুলি মন্তব্য কৰে অগপ নেতা ভূপেন ৰয়ে ৷

লগতে পঢ়ক :কাজিৰঙাত মুকলি গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন

Last Updated : Mar 11, 2024, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.