ETV Bharat / state

প্ৰকৃতিৰ ৰোষত ডিমা হাছাও : বাসগৃহৰ লগতে সা-সম্পত্তিৰ ক্ষতিসাধন - Rainfall in Assam

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:00 PM IST

Heavy Rainfall in Dima Hasao : প্ৰকৃতিয়ে ৰূদ্ৰৰূপ ধাৰণ কৰিছে ডিমা হাছাও জিলাত ৷ ধাৰাষাৰ বৰষুণৰ ফলত বানৰ সৃষ্টিৰ লগতে ভূমিস্খলনো হৈছে ৷ ক্ষয়-ক্ষতি হৈছে বহু বাসগৃহৰ লগতে সা-সম্পত্তিৰ ৷

Heavy Rainfall in Dima Hasao
প্ৰকৃতিৰ ৰোষত ডিমা হাছাও (Etv Bharat Assam)

হাফলং, 3 মে’ : প্ৰকৃতিৰ ৰুদ্ৰৰূপে প্ৰচুৰ ক্ষয়ক্ষতি কৰিছে ডিমা হাছাও জিলাত ৷ বুধবাৰৰ নিশাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত ব্যাপক ক্ষয়-ক্ষতি হয় । ভূমিস্খলনৰ লগতে বৰষুণৰ পানীৰ ফলত বহু লোকৰ বাসগৃহ ভাগি পৰে । তদুপৰি ঘৰৰ বিভিন্ন সামগ্ৰী পানীত উটি যায় ।

বৰষুণৰ ফলত অসমৰ অন্যতম পাহাৰীয়া জিলা সদৰ হাফলঙৰ ৰামনগৰ মিছন ৰোড, নিম্ন হাফলঙৰ কাশিপুৰ ভেটেল গাঁৱত প্ৰচুৰ ক্ষয়-ক্ষতি হয় । হাফলং ৰামনগৰ এলেকাত বৃহস্পতিবাৰৰ পুৱাৰে পৰা হাফলং লেকৰ বাঢ়নী পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰে ৷ ফলত চাৰিফালে পানীৰ সোঁতে বহু বাসগৃহৰ ব্যাপক ক্ষতি কৰে ।

ঘৰৰ বিভিন্ন সামগ্ৰী পানীৰ সোঁতত উটি যায় বুলিও জানিবলৈ দিয়ে ভুক্তভোগীসকলে । হাফলং, ৰামনগৰ আৰু মিছন ৰোডত কিছু ব্যৱসায়ী প্ৰতিষ্ঠান বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকসকলে । কিন্তু এতিয়ালৈকে তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য পোৱা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ।

বৃহস্পতিবাৰে এনে প্ৰাকৃতিক দুৰ্যোগ ঘটি যোৱাৰ পিচতে জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকলে ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিয়ালসমূহৰ ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লয় ।

ইপিনে ভূমিস্খলনৰ ফলত হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ হৈ পৰে যাতায়াত ৷ শুকুৰবাৰে উক্ত ৰাষ্ট্ৰীয় ঘাইপথটো সূচল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । আনহাতে, ভূমিস্খলনৰ ফলতে লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথো বন্ধ হৈ পৰিছিল ৷ যাৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল কৰি দিয়ে ।

সম্প্ৰতি যুদ্ধকালীনভাৱে ৰে’লপথটোৰ মেৰামতিৰ কাম কৰি আছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ।

লগতে পঢ়ক: ৰাজ্য়ত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.