ETV Bharat / state

গড়ভাঙাত ধুমুহাত বিস্তৰ ক্ষতিসাধন‌, ৰাইজৰ খৱৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ - Rain And Hailstorm in Assam - RAIN AND HAILSTORM IN ASSAM

Rain And Hailstorm in Assam :দেওবাৰে নিশা অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে গড়ভাঙা বনাঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ উপৰি বিস্তৰ ক্ষতি সাধন হৈছে ৷ ধুমুহা- শিলাবৃষ্টিত বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি যোৱাৰ ফলত বহুতো পৰিয়াল আশ্ৰয়হীন হৈছে ৷ কিন্তু ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ ৷

Garbhanga Reserve Forest
প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাত
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:27 PM IST

Updated : Apr 1, 2024, 10:37 PM IST

প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাত

গুৱাহাটী, ১ এপ্ৰিল: দেওবাৰৰ দিনটোত অহা প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষতিসাধন‌ হোৱা গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা বনাঞ্চলতো ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ আহৰি‌ নাই জনপ্ৰতিনিধিসকলৰ ।‌ নিৰ্বাচনৰ‌ সময়তহে ভোট বিচৰি এই অঞ্চলত বিভিন্ন সমস্যাৰে‌ সহৱস্থান‌ কৰি‌ থকা‌ লোকসকলৰ খবৰ ল'বলৈ আহৰি‌ পোৱা কোনো‌ জনপ্ৰতিনিধিয়ে ২৪ ঘন্টাৰ পিছতো কোনো খবৰ লোৱা নাই ।

এই ঘটনাৰ ২৪ ঘন্টা উকলি যোৱাৰ পিছতো খবৰ লোৱা নাই স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই । সাংসদ‌ কুইন‌ ওজাৰো কোনো‌ খা-খবৰ নাই । ইয়াৰ বিপৰীতে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আজি দিনৰ ভাগত উপস্থিত হয় সেই স্থানত । প্ৰাকৃতিক দুৰ্যোগত বিধস্ত গড়ভাঙাৰ মাতাংকং গাঁও আৰু জালুকপাহামত স্থানীয় ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয় নেত্ৰীগৰাকীয়ে । তদুপৰি দুৰ্যোগত আঘাতপ্ৰাপ্ত হোৱা স্থানীয় ৰাইজৰ স্বাস্থ্যৰো তেওঁ বুজ লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে দেওবাৰৰ দিনতোত ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলে ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হয় ৷ সমান্তৰালভাৱে ধুমুহাৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা সংৰক্ষিত বনাঞ্চলতো দেওবাৰে বিয়লি ভাগত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ঘন বনাঞ্চলখনত আবদ্ধ হৈ পৰে শ শ লোক । ধুমুহাত গছ পৰি ক্ষতিসাধন হয় ২০ খনৰো অধিক পৰ্যটকৰ বাহনৰ । বিলাসী বাহনৰ ওপৰত বৰ্তমানেও পৰি আছে প্ৰকাণ্ড গছ ।

লখৰাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ ভিতৰত গড়ভঙাৰ ভালুকজাৰৰ জলপ্ৰপাতত আৱদ্ধ হৈ পৰে শ শ লোক । লগতে গড়ভঙাৰ দুখনকৈ গাঁও মাটাংকং আৰু জালুকপাহামৰ সকলোৰে বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে । গাঁওদুখনৰ প্ৰায় সকলো মানুহৰে উৰুৱাই নিয়ে বাসগৃহৰ টিনপাট । ঘৰখনৰ সকলো সামগ্ৰী ধুমুহাত নষ্ট হৈ যোৱাৰ ফলত এতিয়া হাহাকাৰ লাগিছে ৰাইজৰ । এতিয়া প্ৰাথমিক চিকিৎসাৰ লগতে খোৱা পানী, শিশুৰ বাবে খাদ্যৰ অভাৱ হৈছে ।

লগতে পঢ়ক:ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm In Assam

Last Updated : Apr 1, 2024, 10:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.