ETV Bharat / state

চৰকাৰে দুমুখীয়া নীতি এৰক : চাহ উদ্যোগৰ অচলাৱস্থাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া ৰাইজৰ দলৰ - RAIJOR DAL PRESS MEET

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 6:56 PM IST

Assam Tea Industry : ক্ষুদ্ৰ চাহ বাগিচাসমূহ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ পিছতো বিষয়টো নিস্পত্তি কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহণ নকৰি মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত গৈ প্ৰমোদ বিহাৰত ব্যস্ত থকাৰ অভিযোগ তুলি আক্ষেপ প্ৰকাশ ৰাইজৰ দলৰ ৷ মুখ্যমন্ত্ৰীয়ে যদি ৰাইজৰ দুখৰ সময়ত থিয় দিব নোৱাৰে তেন্তে তেওঁক ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী জনায় ৰাইজৰ দলে ৷

RAIJOR DOL PRESS MEET
ৰাইজৰ দলৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 1 জুন : ভাৰতীয় চাহ ব’ৰ্ডৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰা বটলিফ চাহ নিৰ্মাতা সন্থাই আজিৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচত এতিয়া হাহাকাৰ লাগিছে লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ চাহ উদ্যোগৰ এই অচলাৱস্থাৰ বাবে বটলিফ ফেক্টৰী আৰু ৰাজ্য চৰকাৰক জগৰীয়া কৰি গুৱাহাটীত এখন সংবাদমেল যোগে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ক্ষোভ প্ৰকাশ কৰে ৷

ৰাজ্য চৰকাৰক জগৰীয়া ৰাইজৰ দলৰ (ETV BHARAT ASSAM)

তেওঁ কয় যে, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে আজিৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰতিদিনে পেলাই দিব লাগিব 21 কোটি টকাৰ চাহপাত ৷ অথচ বটলিফ ফেক্টৰীয়ে আজিৰ পৰা কেঁচা চাহপাত কিনা বন্ধ কৰাৰ পিছত খিলঞ্জীয়াই প্ৰতিষ্ঠা কৰা ক্ষুদ্ৰ চাহ বাগিচাসমূহ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ পিছতো সমগ্ৰ বিষয়টো নিস্পত্তি কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহণ নকৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত গৈ প্ৰমোদ বিহাৰত ব্যস্ত থকাৰ অভিযোগ তুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ ৷ মুখ্যমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, গুজৰাটী আৰু কলকাতাৰ লবীৰ অসমৰ চাহ বাগিচাৰ মালিকক সহায় কৰিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত নিমাত হৈ থাকিল ৷

একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বটলিফ চাহ নিৰ্মাতা সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে ৰাসায়নিক পদাৰ্থ চাহপাতত সকলোৱে ব্যৱহাৰ কৰে কিন্তু মুখ্যমন্ত্ৰীৰ কৃপাত গুজৰাটী আৰু কলকাতা লবীৰ বৃহৎ উদ্যোগবোৰ বাচি গ'ল ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালে চাহৰ বজাৰত ভুমুকি মৰাৰ বাবেই আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ মৃতপ্ৰায় অৱস্থা হোৱা বুলি তেওঁ লগতে ব্যক্ত কৰে ৷

ৰাছেল হুছেইনে পুনৰ কয় যে, মুখ্যমন্ত্ৰীয়ে কয় অসমত অবৈধ কয়লা খনন হোৱা নাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে মাৰ্ঘেৰিটাত কয়লা খনিত তিনিজন শ্ৰমিকৰ মৃত্যু হ'ল; কিন্তু আজিলৈকে মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে, ৰাইজৰ টকাৰে চাৰ্টাড ফ্লাইট লৈ বিয়া খাবলৈ যায় মুখ্যমন্ত্ৰীয়ে ৷ অথচ বানত ককবকাই থকা ৰাইজৰ দুখ-দুৰ্গতিৰ খবৰ লবলৈ আহৰি নাই ৷ মুখ্যমন্ত্ৰী যদি ৰাইজৰ দুখৰ সময়ত থিয় দিব নোৱাৰে তেন্তে তেওঁ ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ আহ্বান জনায় ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বটলিফ চাহ নির্মাতা সন্থাৰ; আজিৰে পৰা ফেক্টৰীয়ে নলয় কেঁচা চাহপাত - TEA BOARD

লগতে পঢ়ক : ১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত; চিন্তাত ক্ষুদ্ৰ চাহ খেতিয়ক - Small Tea Farmers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.