ETV Bharat / state

"এইবোৰ সকলো ভেকো-ভাওনা" বুলি কৈ অখিল গগৈৰ সংগ এৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকে

ৰাইজৰ দল ত্যাগ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈ ৷ ৰাইজৰ দলে ৰাষ্ট্ৰীয় দলৰ সৈতে মিতিৰালি কৰাত দলৰ কৰ্মীৰ মাজত বৃদ্ধি পাইছে ক্ষোভৰ ৷

Assam Bye Election 2024
ৰাইজৰ দল ত্যাগ ৰাতুল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

ডিব্ৰুগড়: উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই ব্যাপক প্ৰচাৰ অভিযানত নামিছে । পিছপৰি ৰোৱা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দলটোও । বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হৈ যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যত গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ ।

বৰ্তমান এই বিৰোধী ঐক্যমঞ্চৰ নাম সলনি কৰি অসম সন্মিলিত মৰ্চা কৰা হৈছে । এই সন্মিলিত মৰ্চাৰ অংশীদাৰ ৰাইজৰ দল । কিন্তু ৰাইজৰ দলৰ নেতৃত্বই দলটো আগবঢ়াই নিবলৈ যি ধৰণেৰে চেষ্টা চলাইছে তাক লৈ দলৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে অসন্তুষ্টি ।

"এইবোৰ সকলো ভেকো-ভাওনা" বুলি কৈ অখিল গগৈৰ সংগ এৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকে (ETV Bharat Assam)

আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে গঠন হোৱা ৰাইজৰ দলে ৰাষ্ট্ৰীয় দলৰ সৈতে মিতিৰালি কৰাত ক্ষোভ বৃদ্ধি পাইছে দলটোৰ কৰ্মীসকলৰ । ফলত উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ দলত মোক্ষম আঘাত । আজি ৰাইজৰ দলত্যাগ কৰে কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে । ২০২২ চনৰ ৩ জুলাইত অখিল গগৈৰ উপস্থিতিত গুৱাহাটীৰ এক অনুষ্ঠানত ৰাইজৰ দলত ৰাতুল গগৈয়ে যোগদান কৰিছিল । কিন্তু দলটোৰ নেতৃত্বই ৰাষ্ট্ৰীয় দলৰ সৈতে বন্ধুত্ব স্থাপন কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি পদত্যাগ পত্ৰ আজি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে । উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে দলত্যাগ কৰাটো ৰাইজৰ দলৰ বাবে চিন্তাৰ বিষয় যে হ'ব সেয়া নিশ্চিত ।

Assam Bye Election 2024
ৰাতুল গগৈৰ পদত্যাগ পত্ৰ (ETV Bharat Assam)

দল ত্যাগ কৰি কি কয় ৰাতুল গগৈয়ে :

ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ৰাতুল গগৈয়ে কয়, "প্ৰকৃত জাতীয়তাবাদী ব্যক্তিক আমি শ্ৰদ্ধা কৰো । সেয়ে আমি ৰাইজৰ দলত যোগদান কৰিছিলো । কিন্তু আজি মই ৰাইজৰ দল ত্যাগ কৰিছো । ৰাষ্ট্ৰীয় দলক গুৰুত্ব দি যদি জাতীয়তাবাদ উদ্ধাৰ কৰিব বিচাৰিছে সেয়া অলীক কল্পনা । এই কথাবিলাক বহুবাৰ দলৰ মজিয়াত উত্থাপন কৰা হৈছিল যদিও দলে গুৰুত্ব নিদিলে ।"

তেওঁ লগতে কয়, "অসমৰ সকলো আঞ্চলিকতাবাদী শক্তি একলগ হোৱাটো অসমৰ ৰাইজে বিচাৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল । কেৱল দলৰ মজিয়াত ভেকোভাওঁনা আৰম্ভ হ'ল ।" কেইখনমান আসনৰ বাবে‌ই যাতে অসমীয়া জাতিটোক ধ্বংস নকৰে তাৰ বাবেও আহ্বান জনালে পদত্যাগী ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে ।

লগতে পঢ়ক: গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.