ETV Bharat / state

কান্দি কান্দি পুলিবৰ থানাৰ চৌহদত ন্যায় বিচাৰিলে অনুপমৰ পৰিয়ালে - Public protest in police station

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:59 PM IST

Public Protest in Police Station: এজন যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি সহস্ৰাধিক লোকে ঘেৰাও কৰিলে পুলিবৰ থানা । কান্দি কান্দি পৰিয়ালৰ লোকে বিচাৰিলে ন্যায় । পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে তদন্তত গাফিলতি কৰাৰ অভিযোগ । যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ ।

Suicide or murder
কান্দি কান্দি পুলিবৰ থানাৰ চৌহদত ন্যায় বিচাৰিলে অনুপমৰ পৰিয়ালে (ETV BHARAT ASSAM)

যোৰহাট, ২৬ জুন: যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱৰ এজন যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ পিচদিনাই পুলিবৰ থানাত উপযুক্ত তদন্ত বিচাৰি যুৱকজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাৰ তদন্তত ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । যাৰ বাবে আজি যুৱকজনৰ গাঁৱৰ শতাধিক পুৰুষ, মহিলাই পুলিবৰ থানাৰ সন্মুখত উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: ফাষ্ট ট্ৰেক আদালতত যুৱক হত্যা-কিশোৰী ধৰ্ষণৰ বিচাৰৰ দাবীত এবছুৰ জোঁৰ সমদল - ABSU protest

মৃত যুৱকজন অনুপম বৰা বুলি চিনাক্ত কৰা হৈছে ৷ পুলিবৰ থানাত গাঁওখনৰ লোকসকল অনুপম বৰাৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰক, ঘটনাৰ উচিত বিচাৰ কৰক, আমাক ন্যায় প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে চৌদিশ উত্তাল কৰি তোলে । ইফালে মৃত যুৱকজনৰ ভগ্নীকে ধৰি আত্মীয়ই ন্যায় বিচাৰি কান্দোনত ভাগি পৰে ।

Suicide or murder
অনুপম বৰা (ETV BHARAT ASSAM)

অভিযোগ মতে অনুপম বৰা নামৰ যুৱকজনে পুলিবৰৰ অনুজ কলিতা নামৰ এজন লোকৰ মাংসৰ দোকানত কাম কৰিছিল । ১৯ জুনৰ নিশা দোকানৰ গৰাকীয়ে পকীমূৰী হাবিচুক গাঁৱৰ এঘৰ মানুহৰ চৌহদৰ গছত অনুপমে চিপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ ইফালে ঘটনাস্থলীৰ পৰিবৰ্তে সমীপৰ এঘৰত মৃত যুৱকজনৰ টি চাৰ্ট, ম'বাইল আৰু ছেণ্ডেল উদ্ধাৰ হয় । আনহাতে যুৱকজনৰ স্কুটীখন তেওঁ কাম কৰা দোকানৰ বাৰাণ্ডাত উদ্ধাৰ হয় ।

লগতে পঢ়ক: হত্যা নে আত্মহত্যা : কেনেকৈ অগ্নিদগ্ধ হৈ মৃত্যু হ'ল বোৱাৰীৰ ? - Suspected murder in Golaghat

তাৎপৰ্যপূৰ্ণ যে মৃত যুৱকজনৰ মণি বেগ আৰু স্কুটীৰ চাবি বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই । আনহাতে চিপ লোৱা যুৱকজনৰ মৃতদেহ দণ্ডাধীশ উপস্থিত নথকাকৈ নমাই পোষ্টমৰ্টেম কৰিবলৈ পঠোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে অনুপমৰ পৰিয়াল তথা গাঁৱৰ লোকে । তেওঁলোকে ঘটনাৰ পিচদিনাই এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আজি গাঁৱৰ ৰাইজে থানাৰ সন্মুখত প্ৰতিবাদ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.