ETV Bharat / state

১২ ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন: টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ - Public protest - PUBLIC PROTEST

Public protest: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰঙাপৰাৰ ধূলাপাদুং গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । দিনৰ ভাগৰ পৰা নিশালৈ বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ লোকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । গাঁওখনত বিদ্যুতৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

Public protest
১২ ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন;টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:18 PM IST

ৰঙাপৰা,২৭ জুলাই : অনিয়মীয়া বিদ্যুৎ সেৱাৰ বাবে অতিষ্ঠ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সৰ্বসাধাৰণ ৰাইজ । নিশা বিদ্যুৎ বিভাগ তথা শক্তি মন্ত্ৰীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে ।

১২ ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন;টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

ধূলাপাদুং গাঁৱত বিদ্যুৎ সেৱা ব্যাহত :

উল্লেখ্য যে বিগত প্ৰায় দুটা দিন ৰাজ্যত প্ৰচণ্ড গৰম । তাৰ মাজতে শুকুৰবাৰে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধূলাপাদুং গাঁৱত দিনৰ ভাগৰে পৰা নিশালৈকে বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে । উৎকট গৰমৰ বাবে অসুবিধাত পৰা গাঁওখনৰ ৰাইজে বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ প্ৰকৃত কাৰণ জানিবলৈ অসম শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত ৰঙাপৰা উপ-সংমণ্ডল কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে । কিন্তু কাৰ্যালয়ৰ পৰা ৰাইজে কোনো ধৰণৰ উত্তৰ নাপালে । প্ৰচণ্ড গৰমৰ মাজত ধূলাপাদুং গাঁৱত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ৰাইজ অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহে । নিশা প্রায় ৯ মান বজাত প্ৰায় শতাধিক লোকে ৰঙাপৰা-তেজপুৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথত টায়াৰ জ্বলাই বিজেপি চৰকাৰ আৰু ৰঙাপৰা উপ-সংমণ্ডল কাৰ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ৰাইজৰ প্ৰতিবাদৰ ফলত কিছু সময় ধৰি পথটোত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে ।

ৰাইজৰ ক্ষোভ :

প্ৰতিবাদত অংশ লৈ চাহ শ্রমিক নেতা তথা গাঁওখনৰ বাসিন্দা ৰয়েল চৰেঙে কয়, "উৎকট গৰম আৰু ইয়াত ২ বজাৰ পৰা বিদ্যুৎ নাই । এয়া প্ৰথম নহয়, প্ৰায়েই ধূলাপাদুং গাঁৱত এনে হয় । কিবা কাৰণত যদি কাৰেণ্ট নাথাকে খবৰ কৰিলে কোনো ধৰণৰ সুফল নাপায় । দায়িত্বত থকা কোনো বিষয়াক নাপায় । ৰঙাপৰা উপ-সংমণ্ডলৰ বিষয়া সম্পূৰ্ণ ব্যৰ্থ হৈছে । কাৰেণ্ট নথকাটো আজিৰ কথা নহয়, পৰম্পৰা হৈ গৈছে ।"

ধূলাপাদুং গাঁৱৰ এই সমস্যা সমাধানৰ বাবে ৰাইজে স্থানীয় বিধায়ক, সাংসদ শক্তি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক দাবী জনায় । তেওঁ কয়, "প্ৰচণ্ড গৰম আৰু বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ ফলত দুগৰাকী মহিলা অচেতন হৈ পৰি গৈছে । গৰমৰ বাবে গাঁওখনৰ ৰাইজ শুৱ পৰা নাই । বিষয়া আৰু সাংসদ-মন্ত্ৰী তেওঁলোকে এ চি কোঠাত থাকে গতিকে এই অসুবিধাৰ কথা বুজি নাপায় । যদি শীঘ্ৰে ধূলাপাদুং গাঁৱত বিদ্যুতৰ যোগান নিয়মীয়া নহয় তেনেহ'লে আমি ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰিম ।" বিদ্যুৎ সেৱা নিয়মীয়া নহ'লে গাঁওখনৰ ৰাইজে ৰঙাপৰা উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰিব বুলিও চৰেঙে হুংকাৰ দিয়ে ।

পৰিস্থিতি নিয়ন্ত্ৰণ :

ইফালে দীৰ্ঘসময় ধৰি চলা প্ৰতিবাদৰ অন্তত সেই স্থানত ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰাংসহ আৰক্ষীৰ এটা দল উপস্থিত হয় । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিবাদকাৰী ৰাইজৰ সৈতে বিষয়টো আলোচনা কৰে । আলোচনাৰ সময়তো বিদ্যুৎ বিভাগৰ চৰম ব্যৰ্থতাৰ অভিযোগ কৰে গাঁওখনৰ ৰাইজে । অৱশ্যে নিশা প্ৰায় ১০.৩০ মান বজাত গাঁওখনত ৰঙাপৰা উপ-সংমণ্ডল কার্যালয়ে বিদ্যুৎ যোগান ধৰাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

লগতে পঢ়ক :স্প্ৰে গেঙে টোপনি হৰিছে ধিংবাসীৰ - Spray gang terror at Dhing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.