ETV Bharat / state

সোণাপুৰ কচুতলীৰ উচ্ছেদস্থলীত এ আই ইউ ডি এফৰ বিধায়কক প্ৰৱেশত বাধা - Protest Against AIUDF

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 11:00 PM IST

Protest against AIUDF: এ আই ইউ ডি এফৰ বিধায়কৰ বিৰুদ্ধে ৰাইজৰ গৰ্জন । কচুতলীৰ উচ্ছেদস্থলীক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি । বিধায়ক আমিনুল ইছলামক সোণাপুৰত কিয় প্ৰৱেশ নিষিদ্ধ কৰিলে দল-সংগঠনে ?

Protest against AIUDF
বিধায়কৰ বিৰুদ্ধে ৰাইজৰ গৰ্জন (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত যাবলৈ শুক্ৰবাৰে বিয়লি এ আই ইউ ডি এফৰ কেইবাগৰাকী বিধায়কৰ লগতে দলীয় নেতা-কৰ্মী ডিমৰীয়াত উপস্থিত হোৱাৰ সময়তেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় একাংশ দল-সংগঠনৰ নেতৃত্বই এ আই ইউ ডি এফৰ বিধায়কসকলক উচ্ছেদস্থলীলৈ যোৱাৰ পথত বাধা দিয়াত পৰিস্থিতিয়ে চূড়ান্ত ৰূপ লয় ।

সোণাপুৰ কচুতলীৰ উচ্ছেদস্থলীত এ আই ইউ ডি এফৰ বিধায়কক প্ৰৱেশত বাধা (ETV Bharat)

ধিঙৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম,দলগাঁৰ বিধায়ক মুজিবুৰ ৰহমান আৰু লগতে কেইবাগৰাকীও দলীয় নেতা-কৰ্মী কচুতলী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এ আই ইউ ডি এফৰ বিধায়ক-নেতাক কচুতলীত প্ৰৱেশত বাধা ডিমৰীয়াৰ একাংশ দল সংগঠন বাধা প্ৰদান‌ কৰে। ইয়াকেলৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

  • এ আই ইউ ডি এফৰ বিধায়কৰ প্ৰৱেশ নিষিদ্ধ

প্ৰৱেশত বাধা দিয়াৰ বাবে এ আই ইউ ডি এফৰ বিধায়ক-নেতাসকলে উভতি যাবলৈ বাধ্য় হয় । স্থানীয় একাংশ দল-সংগঠনৰ নেতৃত্বই অভিযোগ কৰা মতে,এ আই ইউ ডি এফৰ বিধায়ক-নেতাসকলে উচটনিমূলক বক্তব্য দিছে । স্থানীয় একাংশ দল-সংগঠনৰ নেতৃত্বই গুণ্ডাগিৰি কৰা বুলি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে উচটনিমূলক বক্তব্য দিয়া বুলি অভিযোগ উঠাৰ পিছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । দল-সংগঠনৰ নেতৃত্বই ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সোণাপুৰত।

  • অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে

ইপিনে,অঞ্চলটোত প্ৰৱেশ বাধা দিয়াৰ বাবে এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"অমানৱীয়ভাৱে মানুহখিনিক উচ্ছেদ কৰা হৈছে । উচ্ছেদিত মানুহখিনিক বিকল্প ব্যৱস্থা কৰা হোৱা নাই । জাননী নিদিয়াকৈ উচ্ছেদ কৰা হৈছে ।"

  • আক্ৰমণৰ আঁৰত আছে কোনো চক্ৰৰ অভিসন্ধি

ইপিনে, সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী উচ্ছেদিত, উত্তেজিত লোকৰ দ্বাৰা বুধবাৰে আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ আঁৰত কোনো চক্ৰৰ অভিসন্ধি থকা বুলি মন্তব্য কৰিছে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত কালি সংঘটিত উত্তেজনাময় পৰিৱেশৰ পিছত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাস্থলিত উপস্থিত হৈ এইদৰে মন্তব্য কৰে ।

আৰক্ষী সঞ্চালক প্ৰধান যোৱাৰ পিছত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি কালি ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত, উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তর্কিব নোৱাৰি আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত আৰু আন কেইবাজনো আহত হয়। লগতে আৰক্ষীৰ কেইবাজনো আহত হৈছিল । তাৰ পিছত উত্তেজনাময় হৈ পৰে অঞ্চলটো ।

লগতে পঢ়ক:সোণাপুৰত আৰক্ষীয়ে গুলীওৱাটো অন্যায়: এ আই ইউ ডি এফৰ লগতে আব্দুল খালেকেও বিচাৰিছে উচিত তদন্ত - Sonapur firing incident

সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.