ETV Bharat / state

লোডশ্বেডিঙত অতিষ্ঠ : নলবাৰীত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী ৰাইজৰ - Load Shedding in Assam

Irregular supply of electricity : বিদ্যুতৰ সঘন লোডশ্বেডিঙত অতিষ্ঠ সাধাৰণ জনতা ৷ চাহিদা অনুপাতে বিদ্যুতৰ যোগান ধৰাত ব্য়ৰ্থ এ পি ডি চি এল । ঘণ্টাৰ পিচত ঘণ্টা ধৰি কৰ্তন কৰা হৈছে বিদ্যুৎ । ৰাজ্যৰ কোন অঞ্চলত সঘনাই বিদ্যুৎ সেৱা ব্যাহত হৈছে, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:12 AM IST

Irregular supply of electricity
বিদ্যুতৰ অনিয়মীয়া যোগান (ETV BHARAT ASSAM)

নলবাৰী, ২৬ জুন : এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু । শক্তি বিভাগে বিৰক্ত কৰিছে নলবাৰীৰ ৰাইজক । নিয়মীয়া বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া জিলাখনৰ প্ৰায়ভাগ লোকেই অতিষ্ঠ । 'ঘৰ ঘৰ বিজলী' শ্ল'গান দিয়া বিজেপি চৰকাৰখনে ২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ বিশেষকৈ নলবাৰী জিলাত বিগত কেইবাদিন ধৰি বিদ্যুতৰ অনিয়মীয়া যোগানে অতিষ্ঠ কৰিছে ৰাইজক ।

একাংশ বিদ্যুৎ গ্ৰাহকে বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ কয় যে দিনৰ ভাগত লুকাভাকুৰে বিদ্যুৎ যোগান ধৰি নিশা হ'লে কৰা কৰ্তনে ৰাইজৰ টোপনি কাঢ়িছে । প্ৰচণ্ড গৰমত ওৰেটো নিশাই ৰাইজে উজাগৰে কটাবলগীয়া হোৱাত মঙলবাৰে অতিষ্ঠ হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ । জিলাখনৰ প্ৰতিটো প্ৰান্তৰ লগতে বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকসকলে বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰেই ইয়াৰ যোগান নিয়মীয়া কৰাৰ দাবী জনাইছে ।

উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ চৰম হেমাহি, গাফিলতিৰ বাবেই কিছুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে । ফলত অতিষ্ঠ হৈছে গ্ৰাহকসকল । এ পি ডি চি এলৰ পৰা বিদ্যুতৰ বিল সময়মতে ঠিকে আহিছে, কিন্তু বিদ্যুতহে যোগান ধৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

প্ৰাপ্ত তথ্য় অনুসৰি, নলবাৰী জিলাৰ চামতাস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনষ্ঠ মুকালমুৱা, ৰামপুৰ, মুগদি, বৰ্ণিবাৰী, জয়সাগৰ, নাৰায়ণপুৰ, আদাবাৰী, ঘোগা, লোহাৰকাঠা, দৰঙীপাৰা, দাগাপাৰাকে ধৰি বৰক্ষেত্ৰীৰ কেইবাখনো গাঁৱত যেতিয়াই তেতিয়াই বিদ্যুৎ কর্তনৰে গ্ৰাহকসকলক জলা-কলা খুৱাই আহিছে এ পি ডি চি এলে ৷

লগতে পঢ়ক: সঘন লোডশ্বেডিঙত অতিষ্ঠ সাধাৰণ জনতা : ঠায়ে ঠায়ে বিদ্যুৎ আহে মাজে-সময়ে - Load Shedding in Assam

এই অঞ্চলসমূহৰ দায়িত্বত থকা লাইনমেনসকলে ধুমুহা-বৰষুণৰ আগজাননীত বিদ্যুৎ যোগান আগতীয়াকৈ বন্ধ কৰি ৰাখে যদিও ধুমুহা-বৰষুণ নাহিলেও দুই-তিনি দিনলৈকে খেয়ালখুচিমতে নিদিয়ে বিদ্যুৎ সংযোগ ৷ যাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সমস্য়া হৈছে ৷

গ্ৰাহকসকলৰ অভিযোগ মতে, নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে বিভাগীয় কার্যালয়ত সময়ে সময়ে আবেদন দাখিল কৰি আহিছে, যদিও কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । মুকালমুৱা পাৱাৰ হাউছত যিটো ম’বাইল ফোন আছে, সেইটো ঠিকেই বাজি থাকে, কিন্তু কোনো এগৰাকী কৰ্মীয়ে গ্ৰাহকৰ লগত কথাহে নাপাতে । অঞ্চলসমূহৰ দায়িত্বত থকা লাইনমেনসকলৰ সৈতেও সময়মতে যোগাযোগ কৰিব নোৱাৰে বুলি গ্ৰাহক ৰাইজে ক্ষোভেৰে কয় ৷

তেওঁলোকে নিজৰ কর্তব্যত ফাঁকি দি যোগাযোগ নম্বৰসমূহ ফ্লাইট মুড অথবা বন্ধ ৰাখি গ্ৰাহকসকলে বিচাৰি নোপোৱা ঠাইত থাকে বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰে ৷ ইপিনে, বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বিভাগলৈ দাবী জনোৱাৰ উপৰিও সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সন্থাই ।

লগতে পঢ়ক:বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ এবিএমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.