ETV Bharat / state

লাগিলে আৰক্ষীয়েই নহওক কিয়; এইসকলে কাকো কেৰেপ নকৰে... - Road accident in Gauripur

Tense situation in Dhubri:ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপথত একাংশ লোকে আক্ৰমণ কৰিলে আৰক্ষীক । গেৰামাৰী বটেৰতলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এক পথ দুৰ্ঘটনাৰ পিচতেই প্ৰহাৰ কৰিলে আৰক্ষীক । ইতিমধ্যে আৰক্ষীয়ে এই লোকসকলৰ বিৰুদ্ধে অভিযান চলাই তিনি অভিযুক্তক আটক কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 1:18 PM IST

Updated : Apr 2, 2024, 2:02 PM IST

Tense situation in Dhubri
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ধুবুৰী, ২ এপ্রিল: ধুবুৰী জিলাৰ গৌৰীপুৰত সোমবাৰে আবেলি সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই একাংশ ৰাইজে যান-বাহন আৰক্ষীক আক্ৰমণ কৰে । উত্তেজিত ৰাইজে তিনিজনকৈ যান-বাহন আৰক্ষীক লাঠিৰে খেদি খেদি প্ৰহাৰ কৰে । এই ঘটনাত যান-বাহন শাখাৰ দায়িত্বত থকা আৰক্ষী বিষয়াসহ দুজন আৰক্ষী আহত হয় । ইয়াৰ পিচতেই আৰক্ষীয়ে এই লোকসকলৰ বিৰুদ্ধে অভিযান চলাই তিনি অভিযুক্তক আটক কৰে ।

গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী বটেৰতল অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন শিক্ষক । AS-17-A-8020 নম্বৰৰ মটৰ চাইকেলখনক JK-02-AQ-2557 নম্বৰৰ মালবাহী ট্ৰাক এখনে খুন্দিওৱাৰ ফলত মটৰ চাইকেল আৰোহীজন গুৰুতৰভাৱে আহত হয় । এই দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী তথা আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অলিউল ইছলাম গুৰুতৰভাৱে আহত হয় । পাছত গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে ততালিকে শিক্ষকজনক উদ্ধাৰ কৰি আৰক্ষীৰ গাড়ীৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পূৰ্বৰে পৰা গেৰামাৰী বটেৰতল অঞ্চলত যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ অবৈধভাৱে নদীৰ বালি সৰবৰাহ কৰা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতিৰ । একাংশ লোক উত্তেজিত হৈ পৰাৰ লগতে যান-বাহন শাখাৰ দায়িত্বত থকা আৰক্ষী বিষয়া ডি পাঠক আৰু কনিষ্টবল চিৰঞ্জিত ৰায়ক আক্ৰমণ কৰে । ফলত দুয়োজন আৰক্ষী আহত হয় । পাছত ঘটনাস্থলীত গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ লগতে আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । লগতে আহত দুয়ো আৰক্ষীক চিকিৎসালয় লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

ইপিনে, এই ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি এতিয়ালৈকে লাডেন আলী, আব্দুল ছিদ্দিক শ্বেখ আৰু মইনুল হকক আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:শনিবাৰে কেইবাটাও পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য - Several Road Accidents In Assam

Last Updated : Apr 2, 2024, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.