ETV Bharat / state

ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰাৰ বিৰুদ্ধে ধুবুৰীত তীব্ৰ প্ৰতিবাদ - Rupsi Airport

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 6:20 PM IST

Rupsi Airport: প্ৰতিবাদত উত্তাল ধুবুৰী বিমানবন্দৰ । ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰাক লৈ গৰজি উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল । ৰূপসী বিমানবন্দৰ পূৰ্বৰ নাম অটুট ৰাখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ।

Protests in Dhubri against the renaming of Rupsi Airport to Sri Kali Charan Brahma Airport
ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

ধুবুৰী,২২ আগষ্ট: ধুবুৰীত স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰি শ্ৰী কালি চৰণ ব্ৰহ্ম বিমানবন্দৰ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে । উত্তেজিত জনতাই ক্ষুব্ধ হৈ বৃহস্পতিবাৰে ৰূপসী বিমানবন্দৰৰ প্ৰবেশদ্বাৰৰ সুন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক ধিক্কাৰ জনাই কয়, "জনতাই চৰকাৰ বনাব পাৰে ভাঙিবও পাৰে । গতিকে অতি সোনকালে ৰূপসী বিমানবন্দৰৰ নাম সলোৱাৰ কুট-কৌশল বন্ধ কৰি ৰূপসী নামটো অটুট ৰাখক । অন্যথা আগন্তুক ২০২৬ ৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে ।"

প্ৰতিবাদস্থলীত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে উত্তেজিত হৈ মুখ্যমন্ত্ৰী মূৰ্দাবাদ, মুখ্যমন্ত্ৰী গ' বেক, অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ বিমানবন্দৰৰ পৰিৱেশ । তথ্য অনুসৰি স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা বিমানবন্দৰটোত ভূমি আবণ্টন দিছিল সেই সময়ৰ জমিদাৰ জগদিন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে আৰু সেই অনুসৰি তেঁওৰ পত্নী ৰূপসীৰ নামেৰে ৰূপসী বিমানবন্দৰ হিচাপে নামকৰণ হৈছিল ।

কিন্তু স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা আৰু নামকৰণ হোৱা বিমানবন্দৰ ৰাজনীতিৰ পাকচক্ৰত পৰি কালিচৰণ ব্ৰহ্মৰ নামত নামকৰণক লৈ ক্ষোভিত হৈ পৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল । এই কাৰ্যক অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক অতি সোনকালে ৰূপসী বিমাবন্দৰৰ ইতিহাসৰ বিষয়ে আলোচনা কৰি ৰূপসী বিমানবন্দৰ নামটো অটুট ৰাখিবলৈ আহ্বান জনায় । অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক: ৰূপসী বিমান বন্দৰটো কাৰ নামত নামাকৰণ কৰিলে ভাল হয়- ক'লে বদৰুদ্দিন আজমলে - AIUDF Chief Ajmal on rupsi airport

নাম সলনি হ’ব আৰু এটা বিমান বন্দৰৰ : কেবিনেটে জনালে অনুমোদন - Assam cabinet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.