ETV Bharat / state

নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিল কৰাৰ দাবীত প্ৰতিবাদ - ANTI CAA PROTEST IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:21 PM IST

Citizenship Amendment Act: কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত মহানগৰীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সমিতিৰ লগত জড়িত তথা অসমৰ ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতা, সাংস্কৃতিক জগতৰ লগত জড়িত বিভিন্নজনে অংশগ্ৰহণ কৰি এই আইনখনৰ চৰম বিৰোধিতা কৰে ৷ তেওঁলোকে চৰকাৰৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

ANTI CAA PROTEST IN GUWAHATI
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বাতিল কৰাৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,৩ আগষ্ট: দেশৰ জনসাধাৰণৰ প্ৰতিবাদক নস্যাৎ কৰি দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন 2019 চমুকৈ 'কা'ৰ বিধি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন (কা) কাৰ্যকৰী কৰাৰ নিয়মসমূহ অধিসূচীত কৰাৰ পাচৰে পৰা দেশজুৰি অব্যাহত আছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কোনোবাই ন্যায়ালয়ত দ্বাৰস্থ হৈছে যদি আন কোনোবাই আকৌ ৰাজপথত কৰিছে প্ৰতিবাদ ৷ সকলোৰে মাত্ৰ এটাই কথা বাতিল হ’ব লাগিব 'কা' ৷

এই দাবীৰে আজি মহানগৰীৰ মেঘদূত ভৱনৰ সমীপত কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত শনিবাৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই প্ৰতিবাদত সমিতিৰ লগত জড়িত তথা অসমৰ ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতা, সাংস্কৃতিক জগতৰ লগত জড়িত বিভিন্নজনে অংশগ্ৰহণ কৰি এই আইনখনৰ চৰম বিৰোধিতা কৰি চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

তেওঁলোকে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ প্ৰয়োগ বন্ধ কৰা, ধৰ্মৰ ভিত্তিত ট্রিবিউনেলৰ সন্দেহযুক্ত বিদেশীৰ বিচাৰৰ নিৰ্দেশ প্রত্যাহাৰ কৰা,
সংবিধানবিৰোধী 'কা' বাতিল কৰা, মুখ্যমন্ত্ৰীৰ সাম্প্রদায়িক ৰাজনীতি আৰু তথ্য বিকৃতি বন্ধ কৰাৰ দাবী উত্থাপন কৰে ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ "কা আমি নামানো, এন আৰ চি প্ৰকাশ কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, অসমত কা প্ৰত্যাহাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

কা বিৰোধী সমন্বয় সমিতিয়ে এই সন্দৰ্ভত প্ৰতিবাদস্থলীৰ পৰা অসমৰ ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰি বিশিষ্ট কবি নীলিম কুমাৰে কয়, "কা বিৰোধী আন্দোলনত ৫ জন যুৱক শ্বহীদ হ’ল । তেওঁলোকৰ তেজৰ স্মৃতি আমাৰ মাজত মিহলি হৈ আছে । সেই তেজ অথলে যাবলৈ নিদিও । আমি সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিহত কৰি একগোট হৈ কা বিৰোধিতা কৰিব লাগিব ।"

লগতে পঢ়ক: 'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি আপ অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, "কা জাপি দি বিদেশীক সংস্থাপন দিব বিচৰা হৈছে । অসমে বিদেশীৰ বোজা পুনৰ নলয় । অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয় ।" ইফালে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, "আজি দুজন বিদেশীয়ে আবেদন কৰিছে, অহা বছৰত আৰু লোকে কৰিব ৷ এইখন চৰকাৰে কা বলবৎ কৰিলে, আকৌ নতুন চৰকাৰ আহিলে আমি কা ওফৰাই পঠাম ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.