ETV Bharat / state

ৰাজ্যিক কেবিনেটৰ পূৰ্বেই জনজাতিকৰণৰ দাবীত উত্তাল উজনি অসম - Tribalisation of Six Tribes

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 7:39 PM IST

Tribalisation of six tribes : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বছৰৰ পাছত বছৰ ধৰি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেটৰ পূৰ্বেই চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনে বুধবাৰে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । লখিমপুৰত চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদকক আটক ।

Protests in several parts of Assam demanding tribalisation of six communities
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

নিউজ ডেস্ক,৪ ছেপ্টেম্বৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগত ৰাজ্যজুৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনে । ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে জনজাতিকৰণ নকৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনকেইটাৰ ।

মাজুলীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ:

সত্ৰনগৰী মাজুলীৰ নতুন বজাৰত মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাই পুত্তলিকা দাহেৰে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বছৰৰ পাচত বছৰ চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই । দেশৰ প্ৰধানমন্ত্ৰী, জনজাতি মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে ।

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয়,"মোদী চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শাসনলৈ আহিলে ছয় জনগোষ্ঠীক জনজাতি কৰাৰ আশ্বাস দিছিল যদিও আজিকোপতি ছয় জনগোষ্ঠীক জনজাতি নকৰিলে ।"

চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদকক আটক:

লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকৰ প্ৰাকমুহূৰ্তত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বেই ঢকুৱাখনা আৰক্ষীয়ে আটক কৰে চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক । ঢকুৱাখনা আৰক্ষীয়ে নিশা দুই বজাত শোৱাপাটিৰ পৰা উঠাই আনিলে যুৱ নেতাজনক ।

চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদকক মুক্তিৰ দাবীত সৰুপথাৰত প্ৰতিবাদ:

লখিমপুৰত চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে চুতীয়া যুৱ সন্মিলনৰ কৰ্মকৰ্তাসকল । সাধাৰণ সম্পাদকগৰাকীক মুক্তিৰ দাবীত সৰুপথৰাত টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া যুৱ সন্মিলনে । সম্পাদকগৰাকীক মুকলি নকৰিলে ইয়াতকৈয়ো জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এ আই ইউ ডি এফ - Foreigners sent to detention camp

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.