গুৱাহাটী,৮ জুন: শিলসাঁকো উচ্ছেদ বিৰোধী ৰাইজৰ উদ্যোগত ন্যায্যপ্রাপ্তিৰ দাবীত আজি অৰ্থাৎ শনিবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । আনকি ৪ মহীয়া সন্তানক কোলাত লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা যায় এগৰাকী প্ৰতিবাদকাৰীক । প্ৰতিবাদকাৰীসকলে পুনৰ সংস্থাপনৰ দাবীত আমাক মাটিৰ বিনিময়ত মাটি লাগিবই, আমাৰ মাটি বণিয়াক দিলে নহ'ব, থলুৱা লোকক মাটি দিব নোৱৰা হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।
উচ্ছেদিত লোকসকলে কয় যে, যেতিয়ালৈকে চৰকাৰে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব । উচ্ছেদিত লোকসকলে চৰকাৰক সঁকীয়াই দি পুনৰ কয়, চৰকাৰে আমাৰ ন্যায্য প্ৰাপ্যৰ দাবীত চলি থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনক গুৰুত্ব দিয়া নাই । আমাৰ ধৈৰ্যৰ সীমা পাৰ হৈ গ’লে এই আন্দোলনে চৰম ৰূপ পাবলৈ সময় নালাগিব । ইফালে প্রতিবাদী কাৰ্যসূচীত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেয়েও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: আমাক মাটিৰ অধিকাৰ লাগিবই: ক্ষতিপূৰণ-পুনৰ সংস্থাপনৰ দাবীত উত্তাল চচল
কৃষক মুক্তিৰ নেতাদ্বয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচন কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই । মুখ্যমন্ত্ৰীয়ে আজি ডেৰ বছৰ পূৰ্বেই শিলসাঁকোৰ উচ্ছেদিতৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দিয়া হ'ব বুলি ঘোষণা কৰি আজিলৈকে কোনো ধৰণৰ ব্যবস্থা কৰিব নোৱৰা বিষয়টোৱে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাকেই প্ৰমাণ কৰে । শিলসাঁকোৰ থলুৱাক উচ্ছেদ কৰাৰ বাবেই সমগ্ৰ অসমত বিজেপি ক্ষতিগ্রস্ত হৈছে । আনহাতে ধুবুৰীত AIUDF ৰ নেতা বদৰুদ্দিন আজমলৰ পৰাজয়ে বিজেপিলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা বিজেপি সমূলঞ্চে নিৰ্মূল হ’ব বুলি দাবী কৰে বিদ্যুৎ শইকীয়া আৰু আকাশ দলেই ।
লগতে পঢ়ক: চচলত পুনৰ শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ
লগতে পঢ়ক: শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ: এইবাৰ সময়সীমা বান্ধি দি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ