ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰেৰে কুকি উগ্ৰপন্থীৰ চুক্তি সম্প্ৰসাৰণৰ বিৰুদ্ধে মণিপুৰত প্ৰতিবাদ

Protest in Manipur : এছঅ'অ' হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু বহুকেইটা কুকি উগ্ৰপন্থী গোটৰ মাজত স্বাক্ষৰিত এক চুক্তি । এই চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে কুকি উগ্ৰপন্থী গোটৰ বিৰুদ্ধে চলাই থকা অভিযান বন্ধ ৰাখে ।

কুকি উগ্ৰপন্থীৰ চুক্তি সম্প্ৰসাৰণৰ বিৰুদ্ধে মণিপুৰত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:04 PM IST

তেজপুৰ, ২২ ফেব্ৰুৱাৰী : হিংসাজৰ্জৰ মণিপুৰৰ ইম্ফলত বৃহস্পতিবাৰে প্ৰায় তিনি হাজাৰ প্ৰতিবাদকাৰীয়ে সমদল কৰি ইম্ফল পূবত 'ছাছপেনছন অব অপাৰেচন' চমুকৈ এছঅ'অ' বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে এই এছঅ'অ' হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু কুকি উগ্ৰপন্থী গোটৰ মাজত স্বাক্ষৰিত এক চুক্তি । এই চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে কুকি উগ্ৰপন্থী গোটৰ বিৰুদ্ধে চলাই থকা অভিযান বন্ধ ৰাখে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, এই সমদলটোৰ আয়োজন কৰে গাঁও সুৰক্ষা বাহিনী (ভিপিএফ), ইৰামডাম কানবা লুপ (EKAL),পুখাও গাঁও পঞ্চায়তৰ সংযুক্ত কমিটী আৰু মাকেং দোলাইথাবি গাঁও পঞ্চায়তে । প্ৰতিবাদী সমদলটো ইম্ফল পূবৰ ছাম্বেইৰ পৰা আৰম্ভ হয় । অৱশ্যে মণিপুৰৰ আৰক্ষী অধীক্ষক কে মেঘচন্দ্ৰৰ নেতৃত্বত অতিৰিক্ত বাহিনী প্ৰয়োগ কৰি পাংগেই সৈনিক বিদ্যালয়ৰ সমীপত সমদলটোক বাধা প্ৰদান কৰা হয় ।

ইয়াৰ পিছতে ১৫ জনীয়া এটা দলক ৰাজ্যপালক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হয় । এই দলটোৱে মণিপুৰৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত পাংগেই খেলপথাৰতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । স্মাৰক-পত্ৰখনত উল্লেখ কৰা হয় যে মণিপুৰৰ জনসাধাৰণে এই দাবী উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা এছঅ'অ' (SoO) স্থগিত ৰাখিব লাগে । কিয়নো ভাৰত চৰকাৰে মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কুকি উগ্ৰপন্থী গোটৰ উলংঘাসমূহৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজন আছে ।

এই এছঅ'অ' চুক্তিৰ বাবেই কুকি উগ্ৰপন্থী সংগঠনৰ তৰফৰ পৰা ২০১৯ চনৰ ৩ মে’ত সংকটৰ আৰম্ভণি হৈছিল । স্মাৰক-পত্ৰখনত লগতে অভিযোগ কৰা হৈছে যে বৰ্তমান মণিপুৰত চলি থকা সংঘাত, ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ তথা সন্ত্ৰাসবাদত কুকি উগ্ৰপন্থী গোটবোৰ জড়িত আছে । লগতে উল্লেখ কৰা কৰা হৈছে যে 'গ'ল্ডেন মণিপুৰ ত্ৰিভুজ' আৰু ম্যানমাৰৰ পৰা চিন কুকি জো অনুপ্ৰৱেশকাৰীৰ আগমনৰ ফলত ৰাজ্যখনত জনগাঁথনিৰ পৰিৱৰ্তন ঘটে আৰু অকৰ্তৃত্বশীলভাৱে কুকি গাঁৱৰ সম্প্ৰসাৰণ কৰা হয় ।

তদুপৰি, স্মাৰক-পত্ৰখনত এই কথাও দৃঢ়তাৰে কোৱা হৈছে যে বিদেশী চিন কুকি জো উগ্ৰপন্থীৰ এছঅ'অ'ৰ অধীনত থকা কেডাৰসকলক সমৰ্থন কৰা গোটসমূহে ভাৰতৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । লগতে আভ্যন্তৰীণ সুৰক্ষাৰ ওপৰত গুৰুতৰ ভাবুকি আহিছে ।

লগতে পঢ়ক :মণিপুৰৰ যুৱতীক নিৰ্যাতন : চাৰি নাবালকক গ্ৰেপ্তাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.