ETV Bharat / state

ONGC ৰ বিৰুদ্ধে প্ৰতিবাদ: ৰাইজৰ সমস্যা সমাধান নকৰিলে অনিৰ্দিষ্টকাললৈ পথ অৱৰোধৰ হুংকাৰ - Protest against ONGC

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 9:59 PM IST

Protest against ONGC : ONGC ৰ বিৰুদ্ধে গৰজি উঠিল কেইবাটাও দল-সংগঠন । মেৰাপানীত পথ অৱৰোধ কৰি AJYCP, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে প্ৰমুখ্যে কৰি বহুকেইটা সংগঠনৰ পথ অৱৰোধ কৰি প্ৰতিবাদ । অনিৰ্দিষ্টকালৰ বাবে তৈলখাদ কেইটাৰ পথ বন্ধ কৰাৰ হুংকাৰ সংগঠন কেইটাৰ ।

Protest against ONGC by blocking roads demanding solution to people's problems in Merapani
ONGC ৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

গোলাঘাট,৫ জুলাই: গোলাঘাটৰ মেৰাপানীত ONGC ৰ বিৰুদ্ধে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ । ONGC কৰ্তৃপক্ষই অসমীয়া ভাষাক অসমতে চৰম অপমান কৰাৰ লগতে তৈলখাদৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও সংগঠনে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আছু , প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে প্ৰমুখ্যে কৰি বহুকেইটা সংগঠনে ONGC ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

সংগঠনকেইটাই মেৰাপানীৰ চলং পথাৰস্থিত তৈলখাদৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি অনিৰ্দিষ্টকালৰ বাবে তৈলখাদ কেইটাৰ পথ বন্ধ কৰাৰ হুংকাৰ দিয়ে । অভিযোগ অনুসৰি ONGC কৰ্তৃপক্ষই অসমীয়া ভাষাক অসমতে চৰম অপমান কৰাৰ লগতে তৈলখাদৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই । শেহতীয়াকৈ ONGC ৰ এজন অনা অসমীয়া বিষয়াই অসমীয়া ভাষাত আবেদন দাখিল কৰাৰ বাবে এজন লোকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে ONGC ত অসমীয়া ভাষা নচলিব বুলি দম্ভালি মাৰিছিল ।

তাৰোপৰি সমগ্ৰ মেৰাপানী অঞ্চলত ONGC ৰ দহটাতকৈও অধিক তৈলখাদ থকাৰ পাচতো ONGC য়ে স্থানীয় অঞ্চলটোত তিলমানো উন্নয়নৰ কাম নকৰাৰ অভিযোগো দীৰ্ঘদিনীয়া । সেয়েহে শুকুৰবাৰে দল-সংগঠনে স্থানীয় ৰাইজৰ সহযোগত চলং পথাৰ তৈলখাদৰ সন্মুখৰ পথ অৱৰোধ কৰি ONGC ৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

অনাগত দিনত যদি ৰাইজৰ সমস্যাসমূহৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আছু , প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে প্ৰমুখ্যে কৰি প্ৰতিবাদকাৰী সংগঠনকেইটাই ।

লগতে পঢ়ক: পুনৰ এবাৰ আইৰ মুখৰ ভাষাক অপমান : অসমীয়াত আবেদন লিখিলে গ্ৰহণ নকৰে অ'এন জি চিৰ বিষয়াই - Allegation against ONGC officials

৪৮ ঘন্টাৰ বাবে অ’ এন জি চিৰ উৎপাদন বন্ধৰ আহ্বান 15 টা সংগঠনৰ - Protest Against ONGC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.