ETV Bharat / state

ৰাজহুৱা খেলপথাৰ বেদখল কৰি নিৰ্মাণ কৰিছে বিবাহ ভৱন-সংঘ: ৰাইজৰ প্ৰতিবাদ - Encroachment Of Playground - ENCROACHMENT OF PLAYGROUND

Protest in Guwahati :'আমাক খেলপথাৰ ঘূৰাই দিয়ক '-এই আহ্বানেৰে আজি এজাক শিশু ওলাই আহিল এখন খেলপথাৰ বেদখলমুক্ত কৰিবলৈ । গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা এখন খেলপথাৰত কোনে কৰিছে বেদখল ?

Protest in Guwahati
ঐতিহ্য়মণ্ডিত খেলপথাৰত বেদখল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:05 PM IST

Updated : Aug 11, 2024, 10:54 PM IST

গুৱাহাটী, ১১ আগষ্ট: গুৱাহাটী মহানগৰীৰ এখন ঐতিহ্য়মণ্ডিত খেলপথাৰ । এই খেলপথাৰখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এটা বৃহত্তৰ অঞ্চল । এই অঞ্চলটোত আছে এটা ঐতিহাসিক মন্দিৰৰ লগতে নৱগ্ৰহ শ্মশান । ইয়াতেই থকা খেলপথাৰখন উদ্ধাৰৰ বাবে দেওবাৰে আগবাঢ়ি আহিল স্থানীয় জনতা । খেলপথাৰখন বেদখলমুক্ত কৰিবৰ বাবে ওলাই আহিল শিশুৰ পৰা মহিলা, খেলুৱৈৰ পৰা বৃদ্ধ লোক । ঘটনাটো গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ শিলপুখুৰী অঞ্চলৰ ।

ঐতিহ্য়মণ্ডিত খেলপথাৰত বেদখল (ETV Bharat Assam)

কোনে কৰিছে বেদখল ?

কেইজনমান লোকৰ ব্য়ক্তিগত লাভৰ বাবে শিলপুখুৰী অঞ্চলৰ ৰাজহুৱা খেলপথাৰ ধ্বংস কৰি বৃহৎ শিৱ মন্দিৰ স্থাপন কৰাৰ পিচত এইবাৰ খেলপথাৰত পাৰ্কিঙৰ ব্য়ৱস্থা কৰিবলৈ ওলোৱাত ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা । এই খেলপথাৰখনত ৰাইজে দীৰ্ঘদিন ধৰি বিহু, খেল আদি অনুষ্ঠিত কৰি আহিছে । পিছে এই খেলপথাৰত পাৰ্কিঙৰ ব্য়ৱস্থা কৰি শিৱ মন্দিৰ আৰু কালি মন্দিৰ কমিটীয়ে বিবাহ তথা অন্যান্য ধৰ্মীয় অনুষ্ঠান পাতিবলৈ লোৱাৰ পিচতেই স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাজহুৱা সভা সম্পন্ন :

দেওবাৰে সমাজকৰ্মী গোপাল দাসৰ সভাপতিত্বত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভাত শিলপুখুৰী কাৰটে ডো একাডেমীৰ প্ৰশিক্ষক জয়ন্ত বৰ্মন, মৃগেন নাথ আৰু শিলপুখুৰী ক্ৰিকেট কোচিং চেন্টাৰৰ মিতুল শৰ্মাকে ধৰি প্ৰাক্তন গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কুশল শৰ্মা আৰু স্থানীয় বহুসংখ্যক ৰাইজে উক্ত কাৰ্যৰ প্ৰতিবাদ কৰে । কণ কণ শিক্ষাৰ্থীসকলে হাতে হাতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে য'ত লিখা আছিল 'আমাক খেলপথাৰ ঘূৰাই দিয়ক '।

পাৰ্কিং স্থানত বান্ধিলে বাঁহ :

আজিৰ সভাই এই খেলপথাৰ ধ্বংস কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা জিলা আয়ুক্তক সাক্ষাৎ কৰি ইয়াৰ উচিত বিচাৰৰ দাবী জনায় । আনহাতে, পাৰ্কিং স্থানত বাঁহ বান্ধি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । উত্থাপিত অভিযোগ মতে, খেলপথাৰ সংকুচিত কৰি দীপক সংঘ‌ই ডেৰ কথা মাটিত গৃহ নিৰ্মাণ কৰিছে । আনহাতে, শিৱমন্দিৰ নিৰ্মাণৰ নামত বিবাহ বাহৰলৈ পৰ্যবসিত কৰি খেলপথাৰ ধ্বংস কৰা হৈছে । সেয়েহে কালি মন্দিৰ আৰু শিৱ মন্দিৰৰ মাজত অৰিয়া-অৰিয়ে এখন খেলপথাৰ ধ্বংস কৰিব নোৱাৰিব বুলি ৰাজহুৱা সভাত স্থানীয় লোকসকলে সকীয়াই দিয়ে ।

লগতে পঢ়ক:পি জি আৰ-ভি জি আৰৰ ভূমি বেদখল : ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন - PGR VGR LAND ENCROACHMENT

ডুমডুমা অসামৰিক চিকিৎসালয়ৰ ভূমি বেদখল : জড়িত আছে প্ৰাক্তন বিধায়ক ! - Illegally encroaching land

Last Updated : Aug 11, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.