ETV Bharat / state

সংৰক্ষিত বনাঞ্চললৈ উন্নীত হোৱাৰ দিশে দেওপাহাৰ : জনালে বনমন্ত্ৰীয়ে - Deopahar reserve forest

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 7:09 PM IST

Reserve forest in Assam : দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰা হ’ব ৷ এই ভাল খবৰ জনালে বনমন্ত্ৰীয়ে ৷ সংযোগ কৰা হ’ব এক নতুন সংস্কৰণো ৷

Etv Bharat
Etv Bharat (Etv Bharat)

গোলাঘাট, ২৬ জুলাই : শুকুৰবাৰে গোলাঘাটবাসীয়ে লাভ কৰিলে এক ভাল খবৰ ৷ নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চললৈ উন্নীত হ’ব বুলি ঘোষণা কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ উল্লেখ্য যে ইতিমধ্যে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাবে আছিল নুমলীগড়ৰ দেওপাহাৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি বৃহস্পতিবাৰে বনমন্ত্ৰী পাটোৱাৰীয়ে গোলাঘাট জিলা আয়ুক্তৰ লগতে বন বিষয়াৰ লগত বিষয়টো আলোচনা কৰে ৷ আলোচনাৰ অন্তত বনমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চলিত বৰ্ষতেই দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখন সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰা হ’ব ৷

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (ETV Bharat Assam)

উল্লেখ্য যে বহু ঐতিহাসিক সমল উপলব্ধ দেওপাহাৰত ৷ দেওপাহাৰত আছে সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যানৰ লগতে অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ এটা যাদুঘৰ ৷ দেওপাহাৰত লাজুকী বান্দৰ, হলৌ বান্দৰ, বনৰৌ, জহামাল, নাহৰফুটুকী, লতামাকৰী, কেটেলা পহু, ঢেকীয়াপতীয়া আদিও পোৱা যায় ৷ আনহাতে জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈকে পৰিভ্ৰমী মৌমাখিৰো আগমন ঘটে বুলি জনা যায় ৷ দেওপাহাৰৰ অন্যতম আকৰ্ষণ হ’ল নুমলীগড় তেল শোধনাগাৰৰ দ্বাৰা নিৰ্মিত পখিলা কেন্দ্ৰ ৷ যিটো পখিলা কেন্দ্ৰ এছিয়াৰ বৃহত্তম পখিলা কেন্দ্ৰ বুলি জনা যায় ৷

বৃহস্পতিবাৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেওপাহাৰক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰাৰ পিচতে স্বাভাৱিকতে সন্তুষ্টি লাভ কৰিছে জিলাবাসীয়ে ৷ ঐতিহাসিক কীৰ্তিচিহ্নসমৃদ্ধ দেওপাহাৰ সংৰক্ষিত বনাঞ্চললৈ উন্নীত হ’লে পৰ্যটনৰ ক্ষেত্ৰৰ বাবেও এক ইতিবাচক দিশ হিচাবে বিবেচিত হ’ব ৷

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে যে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত কোনোধৰণৰ বেদখল নাই ৷ সেয়ে সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰাৰ ক্ষেত্ৰত অসুবিধা নাই ৷ দেওপাহাৰৰ এক নতুন সংস্কৰণৰ কথাও আজি আলোচনা কৰা হয় বুলি বনমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.