ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ তথা কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান - Abani Borthakur passes away - ABANI BORTHAKUR PASSES AWAY

Abani Barthakur: ছাত্ৰ অৱস্থাৰ পৰাই সৰ্বহাৰাৰ বাবে কাম কৰা বর্ষীয়ান কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰে সামৰিলে জীৱনৰ নাট । ৯৫ বছৰ বয়সত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদগৰাকীৰ ৷

Communist leader Avani Borthakur
কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:05 AM IST

গুৱাহাটী, ২৪ জুলাই: বিশিষ্ট শিক্ষাবিদ, কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান । কমিউনিষ্ট নেতাগৰাকীয়ে ৯৫ বছৰত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । বিগত কেইবামাহ ধৰি বাৰ্ধক্য়জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল বর্ষীয়ান কমিউনিষ্ট নেতাগৰাকী ।

ভাৰতীয় কমিউনিষ্ট পার্টীৰ অসম শাখাৰ সম্পাদক পদত একালত কার্যনির্বাহ কৰা বৰঠাকুৰক কিছুদিন আগলৈকে অসমৰ প্রতিটো সামাজিক আন্দোলন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে সক্রিয় ৰূপত দেখা গৈছিল । ১৯২৯ চনত জন্মগ্রহণ কৰা অৱনী বৰঠাকুৰে কটন কলেজত অধ্য়য়ন কৰি থকা সময়তেই দেশৰ স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিছিল । তেওঁ ড৹ দেৱপ্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদি সহপাঠীৰ সৈতে গ্রহণ কৰিছিল ভাৰতীয় কমিউনিষ্ট পার্টীৰ সদস্য পদ । ১৯৫০ চনৰে পৰা চি পি আইৰ সৰ্বক্ষণৰ কৰ্মী হোৱা বৰঠাকুৰ ১৯৪৫ চনত শিৱসাগৰ জিলা ছাত্র ফেডাৰেচনৰ সম্পাদকৰূপে নির্বাচিত হৈছিল ।

১৯৪৮ চনৰ পৰা ১৯৫৮ চনলৈ অসম ছাত্র ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা অৱনী বৰঠাকুৰে ১৯৫৫ চনত স্নাতক আৰু ১৯৬৩ চনত বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল । নাজিৰা কলেজ প্রতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অৱনী বৰঠাকুৰে ১৯৮২ চনত কলেজখনৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰে আৰু ১৯৯৪ চনত অব্যাহতি লয় সেই গুৰু দায়িত্বৰ পৰা । ১৯৭০ চনৰ পৰা চি পি আইৰ ৰাজ্যিক কমিটীৰ সহকাৰী সম্পাদক আৰু দলৰ সম্পাদক মণ্ডলীৰ সদস্যৰূপে ১৯৮১ চনলৈ কার্যনির্বাহ কৰিছিল বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে ।

'নব্য উদাৰতাবাদ আৰু অন্যান্য প্রবন্ধ', 'অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতিকথা' আদি কেইবাখনো গ্রন্থৰে অসমৰ সমাজ জীৱনক তেওঁ সমৃদ্ধ কৰিছিল । অৱনী বৰঠাকুৰৰ বিয়োগত ৰাজ্যখনৰ কমিউনিষ্ট আন্দোলন আৰু বৌদ্ধিক জগতখনৰ এক অপূৰণীয় ক্ষতি হ’ল ৷ তেওঁৰ বিয়োগত চি পি আই অসম ৰাজ্য পৰিষদৰ লগতে পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মুনীন মহন্ত, ৰাজ্যিক সম্পাদক কনক গগৈ, চি পি আইৰ জেষ্ঠ নেতা ডম্বৰু বৰা, বিশিষ্ট কমিউনিষ্ট নেতা, শিক্ষাবিদ ফণী চেতিয়া, পাৰ্টিৰ নিয়ন্ত্ৰণ আয়োগৰ সভাপতি ধৰ্ম বৰুৱা আৰু প্ৰবীন শ্ৰমিক নেতা লক্ষেশ্বৰ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:জননেতা ৰমণী বৰ্মনৰ দেহাৱসান; গুণমুগ্ধৰ ভিৰ নলবাৰীস্থিত ভাৰাঘৰত

৮৫ বাৰ কংসৰ চৰিত্ৰক অভিনয় কৰা কেশৱ হাজৰিকাৰ বিয়োগ

অভিনেতা ৰাজীৱ ৰাজনীশৰ পৰলোক, কান্দোনত ভাগি পৰিছে পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.