ETV Bharat / state

কেনেকৈ মৃত কয়েদীক উলিয়াই দিলে কাৰাগাৰ কৰ্তৃপক্ষই - DIBRUGARH CENTRAL JAIL

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 6:48 AM IST

Prisoner dead in Dibrugarh Central Jail : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা । কাৰাগাৰত মৃত্যু হোৱা কয়েদীক হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গটাই দিলে পৰিয়ালক । মৃত্যু হোৱা কয়েদীক জামিনত লৈছিল পৰিয়ালে ।

How dibrugarh jail authorities evicted the deceased prisoner
কেনেকৈ মৃত কয়েদীক উলিয়াই দিলে কাৰাগাৰ কৰ্তৃপক্ষই (ETV Bharat Assam)

ডিব্ৰুগড়, 14 জুন : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । কেন্দ্ৰীয় কাৰাগাৰত কৰ্তৃপক্ষই লজ্জানকভাৱে উলংঘন কৰিছে মানৱ অধিকাৰ । কাৰাগাৰত মৃত্যু হোৱা কয়েদীক বৃহস্পতিবাৰে সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গটাই দিলে পৰিয়ালক ।

ঘটনা অনুসৰি টিংখাঙৰ 2 নং গন্ধীয়া পুৰণি গাঁৱৰ শৈলজা বৰগোঁহাই নামৰ যুৱকজনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰহস্যজনকভাৱে মৃত্যু হয় । মৃত্যুৰ পাচতে বৃহস্পতিবাৰে মৃত কয়দীজনক চমজাই দিবলৈ বুলি হুইল চেয়াৰত বহুৱাই উলিয়াই দিলে মৃতদেহ । অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তিনিদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল শৈলজা বৰগোঁহাইক ।

বৃহস্পতিবাৰে পৰিয়ালৰ লোকে জামিন লৈ কাৰাগাৰৰ পৰা শৈলজা বৰগোঁহাইক নিবলৈ আহিছিল । কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি অৱগত কৰা নাছিল পৰিয়ালক । পৰিয়ালৰ অভিযোগ কাৰাগাৰলৈ অনাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰিছিল আৰক্ষীয়ে । তেনেস্থলত কেনেকৈ তিনিদিনৰ পিছত সুস্থ ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে ?

কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে পৰিয়ালে যোগাযোগ কৰিছে যদি কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । সেয়ে সমগ্ৰ ঘটনা সোমাই পৰিছে ৰসহ্য আৱৰ্তত । এই সম্পৰ্কত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কোনো তথ্য সংবাদ মাধ্যমক আৱগত কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ।

মানৱ অধিকাৰ উলংঘা কৰা যি ঘটনা সংঘটিত কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই তাক লৈ ক্ষোভ প্ৰকাশ কৰে ডিব্ৰুগড়বাসী ৰাইজে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ডিব্ৰুগড়ত ।

লগতে পঢ়ক: NSA চেলত উদ্ধাৰ নিষিদ্ধ সামগ্ৰী; কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

অমৃত পাল সিংসহ 9 সহযোগীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ অভিযোগ অধিবক্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.