ETV Bharat / state

নিয়ন্ত্ৰণহীন ৰাজ্যৰ পাচলিৰ বজাৰ : হোৰাহোৰে বাঢ়িছে দাম - price hike in assam

Price hike of vegetables : ইমূৰৰ পৰা সিমূৰলৈ বানে কালৰূপ ধৰাৰ সময়তে নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ পাচলিৰ বজাৰ ৷ পাচলিৰ অভাৱনীয় দাম বৃদ্ধিত দিশহাৰা হৈ পৰিছে সাধাৰণ ৰাইজ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 5:18 PM IST

PRICE HIKE OF VEGETABLES
পাচলিৰ অভাৱনীয় দাম বৃদ্ধি (ETV BHARAT ASSAM)

গুৱাহাটী, 10 জুলাই : বানৰ মাজতে পাচলিৰ বজাৰত লাগিছে জুই ৷ পাচলিৰ অভাৱনীয় দাম বৃদ্ধিত দিশহাৰা হৈ পৰিছে সাধাৰণ ৰাইজ ৷ দাম বৃদ্ধিৰ কেঁকোৰা চেঁপাত সাধাৰণ পাচলিও ক্ৰয় সামৰ্থৰ বাহিৰলৈ গতি কৰিছে ৰাইজৰ ৷ বান পৰিস্থিতিৰ অজুহাতত হোৰাহোৰে বৃদ্ধি পোৱা শাক-পাচলিৰ দামক লৈ এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷

নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ পাচলিৰ বজাৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, ইমূৰৰ পৰা সিমূৰলৈ বানে কালৰূপ ধৰাৰ সময়তে নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ পাচলিৰ বজাৰ ৷ ঔষধ, টোল কৰ, পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিৰ পাচতে এইবাৰ হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম ৷ সাধাৰণ গ্ৰাহকে এতিয়া আলু, বিলাহী, জলকীয়া, পটল, ভেণ্ডি, বেঙেনাৰ দৰে সাধাৰণ পাচলিও ক্ৰয় কৰিব নোৱাৰা হৈ পৰিছে ৷ 80 টকাৰ তলত কোনো পাচলি পাবলৈ নাই মহানগৰীৰ বজাৰত ৷ গৃহিণীসকলে পাকঘৰত সোমাই মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ 40 টকাৰ পাচলিৰ দাম বৃদ্ধি হৈ এতিয়া 80ৰ পৰা 100 টকা হৈছেগৈ ৷

বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল-খুচিমতে পাচলিৰ দাম বৃদ্ধি কৰাৰ অভিযোগ উঠিছে ৷ ইফালে বজাৰত অনিয়ন্ত্ৰিত দাম বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ ৷ মহানগৰীৰ বিভিন্ন বজাৰত প্ৰতিবিধ পাচলিৰ মূল্য বেলেগ বেলেগ ৷ মহানগৰীৰ বিভিন্ন বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহী 100-120, ভেন্দি 80-100 , জিকা 80 , তিয়হ 60-80, ভোল 50-60, ভাতকেৰেলা 80-100 টকা, জলকীয়া 120-150 গাজৰ-160, বিন- 160, কেপচিকাম 130-150 টকা, পটল 80-100 টকা , আলু 40-50 টকা, পিঁয়াজ 50-60 টকা, স্কোৱাচ 80-100 টকাকৈ বিক্ৰী হৈছে ৷

ইফালে শাক-পাচলিৰ দাম বৃদ্ধি হোৱাৰ বাবে বিক্ৰী কমিছে বুলিও ব্যৱসায়ী সকলে জনায় ৷ আনহাতে অত্যাৱশ্যকীয় সামগ্ৰী তথা পাচলিৰ দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী কৰিছে গৃহিণীসকলে ৷

লগতে পঢ়ক : মৰহি যোৱা শইচলৈ চাই কৃষকে টুকিছে চকুলো - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.