ETV Bharat / state

উশাহ ঘূৰিল সুৰাপায়ীৰ: 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব সুৰাৰ দাম - LIQUOR PRICE REDUCE

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 1:31 PM IST

Liquor Price: চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন নিৰিখ ৷ ৰাজ্যত বিলাতী সুৰাৰ দাম হ্ৰাস কৰা সন্দৰ্ভত আবকাৰী বিভাগৰ বিবৃত্তি জাৰী ৷

LIQUOR PRICE REDUCE
1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব সুৰাৰ দাম (representative image)

নিউজ ডেস্ক, 19 আগষ্ট : সুৰাপায়ীসকলৰ বাবে সুখবৰ ৷ ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ দাম ৷ সুৰাপায়ীৰ মুখত হাঁহি বিৰিঙাই ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত জাৰী কৰিছে বিবৃত্তি ৷ আবকাৰী বিভাগৰ বিবৃত্তি অনুসৰি 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন মূল্য ৷

PRICES OF ALCOHOL IN ASSAM
আবকাৰী বিভাগে জাৰী কৰিছে বিবৃত্তি (ETV Bharat Assam)

অসম চৰকাৰৰ আবকাৰী বিভাগে 17 আগষ্টত প্ৰকাশ কৰা এক ৰাজহুৱা বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন নিৰিখ ৷ এই বিজ্ঞপ্তি অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম 22 টকাৰ পৰা আৰম্ভ কৰি 214 টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে ৷

PRICES OF ALCOHOL IN ASSAM
ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ দাম (ETV Bharat Assam)

আবকাৰী বিভাগৰ বিজ্ঞপ্তি অনুসৰি কিমান কমিব সুৰাৰ দাম :

  • 5 শতাংশ এলকহলযুক্ত 650 মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে 22 টকাকৈ ৷
  • 5 শতাংশৰ অধিক এলকহলযুক্ত 650 মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে 34 টকাকৈ ৷
  • জেনেৰেল ব্ৰেণ্ড (General Brand)ৰ 750 মিলি লিটাৰৰ ৰামত (Rum) 117 টকাকৈ হ্ৰাস ৷
  • ৰেগুলাৰ ব্ৰেণ্ডৰ 750 মিলিলিটাৰৰ হুইস্কী, জীন আদিৰ দাম 144 টকাকৈ হ্ৰাস কৰা হৈছে ৷
  • লাক্সাৰী ব্ৰেণ্ডৰ 360 টকাৰ পৰা 500 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীনৰ দাম 166 টকাকৈ হ্ৰাস কৰা হৈছে ৷
  • লাক্সাৰী ব্ৰেণ্ডৰ 350 টকাৰ পৰা 500 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ ৰামৰ দাম 166 টকাকৈ হ্ৰাস ৷
  • এলিগেন্ট ব্ৰেণ্ডৰ 500 টকাৰ পৰা 700 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ ব্ৰেণ্ডী, জীন, হুইস্কীৰ দাম 214 টকাকৈ হ্ৰাস কৰা হৈছে ৷
    PRICES OF ALCOHOL IN ASSAM
    1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব সুৰাৰ নতুন নিৰিখ (ETV Bharat Assam)

উল্লেখ্য যে, ৰাজ্য চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধি কৰিবলৈ চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছিল বিলাতী সুৰাৰ দাম ৷ 750 মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি হৈছিল 150ৰ পৰা 312 টকালৈ ৷ সাধাৰণ ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাৰ দাম 152 টকাকৈ বৃদ্ধি হৈছিল ৷ ৰেগুলাৰ ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাত 130 টকাকৈ, লাক্সাৰী ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাত 175 টকা, এলিগেণ্ট ব্ৰেণ্ডৰ 750 মিলি লিটাৰ সুৰাৰ দাম 225 টকাকৈ বৃদ্ধি পাইছিল ৷

লগতে পঢ়ক : ৰাজ্যত আজিৰে পৰা পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ মূল্য - Assam Liquor Price Hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.