ETV Bharat / state

সৰবৰাহৰ বাবে টকাৰ বিনিময়ত অপহৰণ কৰিছিল মহানগৰীৰ খানাপাৰাৰ ১৮ মহীয়া শিশু - Child Kidnapping Case

Child Kidnapping in Guwahati : মহানগৰীৰ শিশু অপহৰণৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল ৷ ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্ত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’, সবিতা দে’ আৰু জেলিমন বেগমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Child Kidnapping in Guwahati
শিশু অপহৰণ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 8:07 PM IST

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী,12 গুৱাহাটী : সৰবৰাহৰ বাবে টকাৰ বিনিময়ত মহানগৰীৰ খানাপাৰাৰ পৰা অপহৰণ কৰিছিল 18 মহীয়া শিশু ৷ টকাৰ লোভত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ই 18 মহীয়া কন্যা শিশুক অপহৰণ কৰি সৰবৰাহকাৰীক যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সোমবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, দেওবাৰে খানাপাৰাৰ পৰা অশোক দাসৰ 18 মহীয়া কন্যা শিশুটি তেওঁৰ চাহ দোকানৰ পৰা সন্ধানহীন হোৱা বুলি দিছপুৰ আৰক্ষীক জনাইছিল ৷ সেই খবৰৰ ভিত্তিত 118/24 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

দোকানলৈ অহা এজন যুৱকৰ ওপৰত সন্দেহ উপজিছিল ভুক্তভোগীৰ ৷ লগে লগে আৰম্ভ হৈছিল অনুসন্ধান ৷ চিচিটিভিৰ ফুটেজ চাই ধৰা পৰিছিল ফটাশিলৰ ফালে লৈ যোৱা হৈছিল শিশুটিক ৷ কাৰণ ফটাশিলত বাস কৰে অভিযুক্ত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ ৷ পৰৱৰ্তী সময়ত নিশা লাল গণেশৰ জেলিমন বেগম নামৰ এগৰাকী মহিলাৰ বাসগৃহত লুকুৱাই ৰখা অৱস্থাত শিশুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগতে ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্ত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ , সবিতা দে’ আৰু জেলিমন বেগমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে এই চক্ৰৰ লগত কোন কোন জড়িত সেই তথ্য আৰক্ষীৰ হাতত পৰা বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

কেনেকৈ অপহৰণ কৰিছিল ?

ম’বাইল মেকানিক বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ কিছুদিনৰ পৰা শিশুটিৰ খানাপাৰাত থকা পিতৃৰ চাহ দোকানলৈ চাহ খাবলৈ অহা-যোৱা কৰিছিল ৷ শিশুটিক অপহৰণ কৰাৰ বাবে কেইবাদিনো ধৰি পৰিকল্পনা কৰিছিল ৷ দেওবাৰে শিশুটিৰ পিতৃৰ দোকানৰ সমীপতে থকা ড্ৰাগছ আসক্ত নিকি বড়োক ফুৰাবলৈ নিম বুলি ফুচুলাই শিশুটিক লৈ আহিব কৈছিল সমীৰ দাসে ৷ সেইমতে শিশুটিক দোকানৰ পৰা লৈ আহিছিল নিকিয়ে ৷ বিশ্বজিতে স্কুটীত উঠাই খানাপাৰাৰ পৰা জি এছ ৰোড হৈ ফটাশিললৈ নি শিশুটিক জেলিমন বেগমক দিছিল ৷ তাৰ পিচত নিকিক খানাপাৰাত নমাই দিয়ে বিশ্বজিতে ৷

বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ কোন ?

2022 ৰ পৰা ফটাশিলত এটা ভাড়াঘৰত আছিল নগাঁৱৰ বৰদোৱাৰ বিশ্বজিৎ আৰু পত্নী সবিতা দে’ ৷ লাখটকীয়াত ম’বাইল মেৰামতিৰ দোকান থকা বিশ্বজিতৰ ব্যৱসায় ভাল নোহোৱাত দোকান বন্ধ কৰিব লগা হয় ৷ লাখ টকাৰ ধাৰত পোত গৈ আছিল বিশ্বজিৎ ৷ সহজে টকা উপাৰ্জনৰ বাবে শিশু সৰবৰাহকাৰীৰ সৈতে মিলি শিশু অপহৰণত নামি পৰিছিল বিশ্বজিৎ ৷

ইফালে জেলিমন বেগমে মহানগৰীৰ ইন্দিৰা আই ভি এফ ক্লিনিকত এগ ডনাৰ হিচাপে কাম কৰিছিল ৷ সেই সময়ত এজন লোকৰ সৈতে চিনাকি হৈছিল জেলিমনৰ ৷ সেই লোকজনে হায়দৰাবাদত চাৰোগেচিৰ বাবে প্ৰস্তাৱ দিয়ে জেলিমনক ৷ সেই অনুসৰি দুবছৰ পূৰ্বে চাৰোগেচিৰ বাবে হায়দৰাবাদলৈ গৈছিল জেলিমন ৷ চাৰোগেচিৰ বাবে বহুবাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল ৷ সেই সময়তে হায়দৰাবাদত থকা অসমৰ এজন ব্যক্তিৰে চিনাকি হৈছিল জেলিমনৰ ৷ সেই লোকজনে কোনো শিশু পালে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ কৈছিল জেলিমনক ৷ অপহৃত এই শিশুবোৰ সন্তানহীন দম্পতীক যোগান ধৰিব বুলি কৈছিল জেলিমনক ৷

কিছুদিন পূৰ্বে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ ঘূৰি আহিছিল জেলিমন ৷ ইয়াৰ পিছতে বিশ্বজিতৰ লগত চিনাকি হৈছিল জেলিমনে ৷ বিশ্বজিতক তেনে শিশু পালে যোগান ধৰিবলৈ কৈছিল জেলিমনে ৷ ইয়াৰ পিছতে বিশ্বজিতে কেইবাদিনৰ পৰা পৰিকল্পনা কৰি শিশুটিক অপহৰণ কৰিছিল ৷ অপহৰণ কৰাৰ কিছুদিন পূৰ্বে শিশুটিৰ ভিডিঅ’ বনাই জেলিমনক পঠিয়াইছিল বিশ্বজিতে ৷ শিশুটিক অপহৰণ কৰি ৰে’লযোগে হায়দৰাবাদলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু আৰক্ষীৰ তৎপৰতাৰ বাবে উদ্ধাৰ হয় শিশুটি ৷

লগতে পঢ়ক : মহানগৰীত অপহৃত কন্যা শিশু উদ্ধাৰ: মহিলাসহ গ্ৰেপ্তাৰ ৪ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.