ETV Bharat / state

উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024 - AMBUBACHI MELA 2024

Kamakhya Dham : আৰম্ভ হৈছে অম্বুবাচী মেলাৰ প্ৰস্তুতি। ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ড ঘটিব প্ৰবৃত্তি। ২২ জুনৰ পৰা ২৬ জুনলৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। পঢ়ক সম্পূৰ্ণ খবৰ...

AMBUBACHI MELA 2024
আৰম্ভ হৈছে অম্বুবাচী মেলাৰ প্ৰস্তুতি (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 6:42 PM IST

গুৱাহাটী, 10 জুন : উখল-মাখল নীলাচলৰ বুকু ৷ মহা অম্বুবাচী মেলালৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে অম্বুবাচীৰ ৷ অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে সাধু-সন্তৰো ৷ কামাখ্যাৰ প্ৰৱেশদ্বাৰৰ পৰা ওপৰলৈ উঠি যোৱা পথছোৱা এতিয়া ৰং বোলোৱাত ব্যস্ত বনুৱাসকল ৷ ঠায়ে ঠায়ে যাত্ৰী তথা পৰ্যটকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা হৈছে পানী আৰু খাদ্য বিতৰণ কৰা স্থানসমূহ ৷

অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি আৰম্ভ (ETV BHARAT ASSAM)

উল্লেখযোগ্য যে দেশৰ 51 খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম ৷ কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসী তথা ভক্তৰ ৷ অম্বুবাচীৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচললৈ আগমন ঘটে বহু সাধু-সন্ন্যাসীৰ ৷ চলিত বৰ্ষৰ 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা ৷ 22 জুনৰ পুৱা 8 বাজি 43 মিনিট 39 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব ৷ অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷

26 জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ৷ ইফালে প্ৰতিবর্ষৰ দৰে এইবর্ষও অম্বুবাচী উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটা লাখ লাখ ভক্ত তথা সাধু-সন্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ ৷ কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ ৷ 26 জুনৰ পুৱা নিত্য পূজাৰ পাচত খুলি দিয়া হ'ব মন্দিৰৰ মূল দ্বাৰ ৷ অম্বুবাচীৰ বাবে যিখিনি কৰণীয় আছে, সেইখিনি ইতিমধ্যে আৰম্ভ হৈছে ৷ দেৱালয় কৰ্তৃপক্ষই ইতিমধ্যে স্থানীয় ৰাইজৰ লগত লগ হৈ এখন পৰিচালনা সমিতি গঠন কৰিছে ৷ ঠায়ে ঠায়ে খোৱাপানী, চি চি কেমেৰাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰস্তুতি চলোৱা হৈছে ৷ অম্বুবাচীৰ আয়োজনক লৈ ইতিমধ্যে ৰাজ্যৰ পৰ্যটন বিভাগৰ সৈতে মন্দিৰ কৰ্তৃপক্ষৰ আলোচনা অনুষ্ঠিত হৈছে ৷ এই বৈঠকত কামৰূপ জিলা প্ৰশাসনৰ লগতে, অন্যান্য বিভাগ সমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ অম্বুবাচী মেলাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত মন্দিৰ কৰ্তৃপক্ষই গঠন কৰিছে পৰিচালনা সমিতি ৷'

দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা অনুসৰি, বিগত 2012 চনৰ পৰা প্ৰতি বছৰে অম্বুবাচীলৈ আগমন ঘটা ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ যোৱাটো বর্ষত অম্বুবাচীমেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটিছিল প্ৰায় 25 লাখ ভক্তৰ ৷ সেয়েহে এইবৰ্ষও পূৰ্বতকৈ ভক্তৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : মহা অম্বুবাচীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.