ETV Bharat / state

বৰপেটাত দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি: ৰঙে-ৰূপে একাকাৰ হ’ব দ্বিতীয় বৈকুণ্ঠপুৰী

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 3:38 PM IST

Barpeta Doul Mahotsav: বৰপেটা দৌল মহোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান দিন ৷ ২৪ৰ পৰা ২৬ মাৰ্চলৈ বিশাল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল মহোৎসৱ ৷

Barpeta Doul Mahotsav
বৰপেটাত দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
বৰপেটাত দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

বৰপেটা, ২০ মাৰ্চ: বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱলৈ আৰু মাত্ৰ তিনিটা দিন বাকী । বৰপেটা সত্ৰত অহা ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বিশাল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল মহোৎসৱ ৷ সত্ৰৰ বিভিন্ন বংশৰাই আৰম্ভ কৰিছে দৌল মহোৎসৱৰ প্ৰস্তুতি ৷

ইতিমধ্যে দৌল মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পথত ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী মতে ২৪ মাৰ্চত বহ্নুৎসৱ, ২৫ মাৰ্চত ভৰদৌল আৰু ২৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা ৷ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ ৷

সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমুহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰৰ দৌল মহোৎসৱ বা আন তিথি, অনুষ্ঠান আদি পালনৰ ক্ষেত্ৰত যথাবিধি বংশানুক্ৰমে বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে দায়িত্ব পালন কৰি আহিছে অতীজৰে পৰা ।

উল্লেখ্য যে, এইবেলি তিনিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱক লৈ বৰপেটা সত্ৰ সমিতিয়েও ব্যাপক প্ৰস্তুতি চলাই আছে । শান্তি আৰু শৃংখলাৰ মাজেৰে বিগত সময়ৰ লগতে এইবেলিও দৌল উৎসৱ সমাপন হ'ব বুলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে । ইপিনে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে সংবাদ মাধ্যমৰ যোগেদিসমূহ অসমবাসীৰ লগতে আন আন ৰাজ্যৰ ভক্তসকলক বৰপেটাৰ দৌল মহোৎসৱলৈ আমন্ত্ৰণ জনাইছে ।

তদুপৰি যিসকল ভক্তপ্ৰাণ লোক বৰপেটাৰ বাহিৰৰ পৰা আহিব তেওঁলোকক খোৱাৰ বাবে সীধা দিয়া হ'ব । বৰপেটা সত্ৰত দুৰণিৰ পৰা অহা ভক্তসকলক সীধা দিয়া পৰম্পৰা অতীজৰে পৰা চলি আহিছে ।

লগতে পঢ়ক: সত্ৰ নগৰীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ দাবীত ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.