ETV Bharat / state

উপ-নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ : চামগুৰিত কি হ’ব কংগ্ৰেছ-বিজেপিৰ অংক ? - Assam byelections 2024

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 1:50 PM IST

Samaguri Byelection : ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে নিৰ্বাচন আয়োগৰ প্ৰস্তুতি । নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰিছে খচৰা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত পূৰ্বৰ সমষ্টিৰ সীমা অনুযায়ীয়েই অনুষ্ঠিত হ’ব নেকি নিৰ্বাচন ? ৰাজনৈতিক দলসমূহেও আৰম্ভ কৰিছে তৎপৰতা । প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি দখলৰ বাবে এইবাৰ কি হ’ব শাসকীয় দলৰ অংক ?

Samaguri Byelection
চামগুৰিৰ ৰাজনৈতিক প্ৰেক্ষাপট কি (ETV Bharat Assam)

নগাঁও, ৩ আগষ্ট : ৰাজ্যৰ পাঁচগৰাকীকৈ বিধায়কে বিগত লোকসভা নিৰ্বাচনত সাংসদ নিচাপে নিৰ্বাচিত হয় । যাৰ বাবে তেওঁলোকে বিধায়ক পদ ত্যাগ কৰে । এতিয়া খালী হোৱা এই পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলৈ গৈ আছে উপ-নিৰ্বাচন । যাৰ বাবে এই পাঁচটা বিধানসভা সমষ্টিক লৈ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিজৰ নিজৰ অংক ।

নিৰ্বাচন আয়োগেও ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু এটা খোজ আগবাঢ়িছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত পূৰ্বৰ সীমা নে নতুন সীমা অনুযায়ী সমষ্টিকেইটাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব, তাক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে খচৰা ভোটাৰ তালিকাও প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে ।

Samaguri Byelection
এন এছ ইউ আই নেতা তাঞ্জিল হুছেইন (ETV Bharat Assam)

সেই অনুসৰি পূৰ্বৰ বিধানসভা সমষ্টিৰ সীমা অনুযায়ীয়েই উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে । আনহাতে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক চর্চা লাভ কৰা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও প্ৰকাশ পাইছে খচৰা ।

চামগুৰি সমষ্টিৰ ভোটাৰৰ সংখ্যা

চৰকাৰী তথ্য অনুসৰি, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৮০ হাজাৰ ৪ শ ৪৮ গৰাকী । ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 91,304 গৰাকী ।

আনহাতে, মহিলা ভোটাৰৰ সংখ্যা 89,133 গৰাকীৰ বিপৰীতে চামগুৰি বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 11 গৰাকী । মুঠ 180,448 গৰাকী ভোটাৰ থকা চামগুৰি বিধানসভা সমষ্টিটোৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰিছে ৰাজনৈতিক দলসমূহে ।

Samaguri Byelection
সাংসদ ৰকিবুল হুছেইন (ETV Bharat Assam)

চামগুৰিক লৈ কি পৰিকল্পনা কংগ্ৰেছৰ ?

বিগত পাঁচটাকৈ বিধানসভা নিৰ্বাচনত একেৰাহে নিৰ্বাচিত হোৱা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অৱশেষত চামগুৰি সমষ্টি এৰি ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় । চামগুৰি সমষ্টি এৰি ধুবুৰীৰ পৰা দিল্লী যাত্ৰা কৰা ৰকিবুল হুছেইনে বিধানসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ পাচতো সমষ্টিটো নিজৰ দখলত ৰাখিব বিচাৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

নিজে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচত পুত্ৰৰ জৰিয়তে চামগুৰি সমষ্টিটো ৰকিবুল হুছেইনে দখলত ৰাখিব বিচাৰিছে বুলি ব্যাপক চর্চা আৰম্ভ হৈছে নগঞা ৰাজনৈতিক মহলত । আনকি সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যৰেই চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত সভা-সমিতি আয়োজন কৰি ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে ৰকিবুল হুছেইনৰ পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনে ।

এতিয়া চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ মূল দাবীদাৰ হিচাপে চর্চা হৈছে এন এছ ইউ আই নেতা তথা ৰকিবুল তনয় তাঞ্জিল হুছেইনৰ নাম ।

ৰকিবুলৰ পুত্ৰক ৰুধিবলৈ শাসকীয় বিজেপিৰ কি ৰণকৌশল ?

2001 চনৰ পৰা একেৰাহে চামগুৰি বিধানসভা সমষ্টি নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ৰকিবুল হুছেইনৰ বিৰুদ্ধে যেন যুঁজিবলৈ সাজু হৈছে শাসকীয় দল বিজেপি । সমষ্টিটোৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নাম চৰ্চালৈ অহা ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে ।

চামগুৰি সমষ্টিৰ গাতে লাগি থকা বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে ইতিমধ্যেই চামগুৰি সমষ্টিটো ৰকিবুলৰ দখলমুক্ত কৰাৰ উদ্দেশ্যে সমষ্টিটোৰ গাঁৱে গাঁৱে সভা-সমিতি কৰাৰ লগতে ৰাইজৰ কাষচপা পৰিলক্ষিত হৈছে । যিকোনো মূল্যৰ বিনিময়ত যেন এইবাৰ সমষ্টিটোৰ পৰা ৰকিবুলৰাজক বিদায় দিবলৈ সাজু হৈছে শাসকীয় দল বিজেপি । মুঠৰ ওপৰত ৰাজ্যৰ আন পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম আকৰ্ষণীয় হ’ব চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ।

লগতে পঢ়ক :জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project
লগতে পঢ়ক :৯ আগষ্টত ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী : কোনে যোগদান কৰিব কংগ্ৰেছত ? - ASSAM POLITICS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.