ETV Bharat / state

ৰাজ্যত মহঙা হৈছে আলু : পশ্চিমবংগত আৱদ্ধ আলুৰ ট্ৰাক, অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ - Potato price hike in Assam - POTATO PRICE HIKE IN ASSAM

Potato trucks stranded in West Bengal : পশ্চিমবংগত আৱদ্ধ হৈ পৰিছে অসমলৈ আলু ৰপ্তানি কৰা ট্ৰাক ৷ ট্ৰাক পাৰ কৰাৰ নামত অবৈধভাৱে ধন লোৱাৰ অভিযোগ উত্থাপিত ৷ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰত আলুৰ দাম ৷

Potato trucks stranded in West Bengal
ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি আলুৰ দাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:16 PM IST

তেজপুৰ, ১৬ আগষ্ট : ৰাজ্যত মহঙা হৈছে আলু । আলুৰ জুই-ছাই দামে গ্ৰাহকক বিচুৰ্তি খুৱাইছে ৷ সৰ্বসাধাৰণ ৰাইজৰ পেটৰ ভাতমুঠিৰ প্ৰায় অপৰিহাৰ্য এবিধ পাচলি হৈছে আলু ৷ কিন্তু এই আলু এতিয়া সৰ্বসাধাৰণ ৰাইজৰ হৈ থকা নাই ৷ দিন হাজিৰা কৰাজনৰ পৰা সকলোকে আলুৱে জলা-কলা খুৱাইছে । এই আলুৰ দাম কেৱল তেজপুৰ বা শোণিতপুৰ জিলাৰ বজাৰতে যে বৃদ্ধি পাইছে তেনে নহয়, অসমৰ সকলো বজাৰতে আলুৰ দাম বৃদ্ধি পাইছে বিগত ডেৰ মাহ ধৰি ৷

ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি আলুৰ দাম (ETV Bharat Assam)

সম্প্ৰতি তেজপুৰৰ বজাৰ বিশেষে আলুৰ দাম পৃথক পৰিমাণত বৃদ্ধি পাইছে ৷ বজাৰ বিশেষে তেজপুৰত প্ৰতিকিলোগ্ৰাম আলু বিক্ৰী হৈছে ৪০-৫০ টকাত ৷ আলুৰ এই দামবৃদ্ধিৰ মূল কাৰণ পশ্চিমবংগৰ আলুৰ যোগান যোৱা সময়ছোৱাত বন্ধ হৈ থকা বুলি মত প্ৰকাশ কৰিছে স্থানীয় আলু ব্যৱসায়ীসকলে ৷

কিয় বৃদ্ধি পাইছে আলুৰ দাম ? :

পাইকাৰী ব্যৱসায়ীসকলে সদৰী কৰা অনুসৰি, পশ্চিমবংগৰ পৰা আলুৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব নোৱৰাৰ বাবেই এতিয়া বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা আলু আনিবলগীয়া হৈছে তেজপুৰলৈ ৷ এনেদৰে আলু আমদানি কৰাৰ বাবে ব্যৱসায়ীসকলে প্ৰতিট্ৰাক আলুৰ বিপৰীতে অতিৰিক্তভাৱে ৪০ হাজাৰ বা ততোধিক দাম ভৰিবলগীয়া হোৱা বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷

স্থানীয় আলু ব্যৱসায়ীসকলে কয় যে পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ৬৫-৭০ হাজাৰ টকা দাবী কৰা হৈছে ৷ পৰিণতিত ইমান ধন আদায় দিব নোৱৰা ব্যৱসায়ীসকলৰ ট্ৰাক তাতে আৱদ্ধ হৈ পৰে ৷ আলু ব্যৱসায়ীসকলে কয় যে পশ্চিমবংগৰ গেটত এইদৰে আলুৰ ট্ৰাক ৰখাই থোৱাৰ ফলত আলু তাতে পচি গৈছে ৷

আৱদ্ধ হৈ পৰিছে আলুৰ ট্ৰাক :

পশ্চিমবংগৰ পৰা অসমলৈ আলু ৰপ্তানিৰ বাবে সংগ্ৰহ কৰা বৃহৎ পৰিমানৰ ধনৰ বিপৰীতে কোনোধৰণৰ ৰচিদ আদায় দিয়া নাই বুলি অভিযোগ কৰি আলু ব্যৱসায়ীসকলে কয় যে এই বৃহৎ পৰিমাণৰ ধন সম্পূৰ্ণ অবৈধভাৱে সংগ্ৰহ কৰি থকা হৈছে ৷ এনে পৰিস্থিতিত পাইকাৰী বজাৰতে কিছুদিন পূৰ্বে আলুৰ দাম প্ৰতিকিলোগ্ৰামত ৪০টকালৈ বৃদ্ধি পোৱাৰ বিষয়ে সদৰী কৰি ব্যৱসায়ীসকলে কয় যে বিহাৰৰ পৰা অতিৰিক্ত দাম ভৰি আলু সৰবৰাহ কৰিবলগীয়া হোৱাৰ পিছত সম্প্ৰতি তেজপুৰৰ পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰাম আলু ৩০টকাত বিক্ৰী কৰিবলগীয়া হৈছে খুচুৰা বিক্ৰেতাক ৷

আনহাতে পশ্চিমবংগত দাবী কৰা ধন আদায় দিব নোৱৰা ব্যৱসায়ীৰ ট্ৰাক পুনৰ উভতি যাবলগীয়া হোৱা বুলিও প্ৰকাশ কৰি ক্ষোভিত ব্যৱসায়ীসকলে কয় যে, যোৱা প্ৰায় ডেৰমাহে আলু সৰবৰাহৰ ক্ষেত্ৰত এনে অৱস্থা অব্যাহত আছে পশ্চিমবংগত ৷ পৰিণতিত বিক্ৰেতা আৰু গ্ৰাহক সকলোৱে আলুৰ প্ৰকৃত দামতকৈ ৫০শতাংশ অধিক দাম ভৰিবলগীয়া হোৱা বুলিও ব্যৱসায়ীসকলে মন্তব্য কৰে ৷

লগতে পঢ়ক : অসমলৈ আলু কঢ়িওৱা ট্ৰাক পূৰ্বৰ দৰেই প্ৰৱেশ কৰিছে : ৰণজিৎ কুমাৰ দাস

দাম দিলেও পাচলি নোপোৱা অৱস্থা, উৎসতেই বৃদ্ধি মূল্য়

নিয়ন্ত্ৰণহীন ৰাজ্যৰ পাচলিৰ বজাৰ : হোৰাহোৰে বাঢ়িছে দাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.