ETV Bharat / state

জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে চৰবাসীক; মেৰামতিৰ আহ্বান - Poor communication in dhubri

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 11:04 AM IST

Poor Road Condition In Bilasipara : পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে চৰবাসীক ৷ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা সমষ্টিৰ এটা চৰাঞ্চলৰ পথে যমৰ যন্ত্ৰণাত ভুগাইছে স্থানীয় লোকক ৷ ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে পথৰ এনে গতি হোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷

poor road condition in Bilasipara people demand construction of the local road
পথৰ দুৰৱস্থা (ETV Bharat Assam)

বিলাসীপাৰা, 22 জুন : যিসময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্ল’গান দিছে, সেই সময়তে ধুবুৰীত অনাকাংশিত ভৱিষ্যতৰ মাজেৰে যাতায়ত কৰিবলগীয়াত পৰিছে স্থানীয় লোকে ৷ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা সমষ্টি তথা নৱগঠিত বীৰসিং জৰুৱা বিধানসভা সমষ্টিত থকা একমাত্ৰ চৰ অঞ্চলটোত যাতায়তৰ বিধ্বস্ত অৱস্থাই সমস্যাত পেলাইছে স্থানীয় লোকক ।

পথৰ দুৰৱস্থা (ETV Bharat Assam)

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বিগত কেবাদিন ধৰি ধাৰাষাৰ বৰষুণৰ বাবে ৰাস্তাৰ দুয়ো কাষত হোৱা খহনীয়াৰ ফলত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে । আনকি ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । অঞ্চলটোৰ শিক্ষাৰ্থী, পথচাৰী, ৰোগীসকলে যাতায়তৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । লোকনিৰ্মাণ বিভাগে ইতিমধ্যে গধুৰ যান-বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

লগতে পঢ়ক: আধাৰশিলাৰ 10 মাহৰ পিচতো নিৰ্মাণ নহ’ল পথ, যমৰ যাতনা ভুগিছে ৰাইজে - Demand for construction of road

উল্লেখ কৰা প্ৰয়োজন যে, এইটোৱেই হৈছে চৰ অঞ্চললৈ যাতায়ত কৰাৰ বাবে একমাত্ৰ মূল পথ । দুটা বছৰ পূৰ্বে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই পথটো । এই পথটোৰে বৃহত্তৰ চৰাঞ্চলটোৰ প্ৰায় 20 খনৰো অধিক গাঁৱৰ মানুহে দৈনিক যাতায়ত কৰে । মায়াচৰ, নায়েৰ আলগা, বয়জেৰ আলগা, গয়লেৰ চৰ, বন্দীহানা, শালমাৰা, মছলাপাৰা আদি চৰাঞ্চলৰ লোকসকলে পথটো বিধস্ত হৈ পৰাত সন্মুখীন হৈছে ভীষণ সমস্যাৰ ।

স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে । পথচোৱা অতি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ভাঙি পৰিল কাঠৰ দলং; দুৰ্ভোগ ভুগিছে ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ ৰাইজে

ইপিনে ধাৰাষাৰ বৰষুণৰ ফলত গৌৰাং নৈ বাঢ়নী পানীত নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন দলঙৰ এপ্ৰচ ভাঙি দিয়াৰ ফলত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে গুটিপাৰা চতুৰ্থ খণ্ডৰ গৌৰাং নদীৰ দলঙৰ দুয়োফালে প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ ৰাস্তা পুখুৰী সদৃশ হৈ পৰা পৰিলক্ষিত হৈছে । ফলত বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়াত পৰিছে সেই অঞ্চলৰ লোকসকলে ।

লগতে পঢ়ক: ধোঁৱাচাঙত উন্নয়ন; লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দল-সংগঠনৰ - Allegation of corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.