ETV Bharat / state

ভদীয়া পথাৰত চিৰাল ফাঁট, নিদ্ৰামগ্ন কৃষি-জলসিঞ্চন বিভাগ - Water Crisis In Paddy Field - WATER CRISIS IN PADDY FIELD

Poor irrigation scheme:ভাদ-আহিনত খেতিডৰা সঁজাল ধৰি গেঁৰ ধৰাৰ সময় ৷ পিছে এই সময়তে বৰষুণৰ অভাৱত কৃষকৰ শালিতলীলৈ আহিছে অশনি সংকেত ৷ হাহাকাৰ লাগিছে কৃষকৰ । পথাৰত নাই পানী ।

Poor irrigation scheme
পথাৰত নাই পানী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 1:58 PM IST

আমগুৰি, ৩ ছেপ্টেম্বৰ : জলসিঞ্চন বিভাগে ৰাজ্য়ত উপযুক্তভাৱে খেতিপথাৰত পানীৰ যোগান ধৰা বুলি দাবী কৰি আহিলেও এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হাজাৰ হাজাৰ কৃষক । আজিও পানীৰ অভাৱত বহু ঠাইত কৃষকে কৰিব পৰা নাই খেতি । আনহাতে, বানৰ পিচত যিবোৰ ঠাইত কৃষকে কঁপালৰ ঘাম মাটিত পেলাই খেতি কৰিছিল সেইবোৰৰ প্ৰায়ভাগতেই পথাৰত শুকাইছে পানী । বৰষুণৰ অভাৱত শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ কৃষকৰ শালিতলীলৈ আহিছে অশনি সংকেত ৷

পথাৰত নাই পানী (ETV Bharat Assam)

ভদীয়া পথাৰত চিৰাল ফাঁট দিয়াত আমগুৰিত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এজন কৃষকে কয়, "প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে কৃষকে । কৃষি বিভাগৰ নাই বৈজ্ঞানিক দৃষ্টিভংগী । সেয়েহে হতাশাগ্ৰস্ত হৈ পৰিছে চহা কৃষক । পৰ্যাপ্ত বৰষুণৰ অভাৱত কৃষকৰ কষ্টোপাৰ্জিত কৃষিভূমিত চিৰালফাঁট দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।"

আমগুৰি মহকুমা কৃষি বিভাগৰ অন্তৰ্গত দিকচু পথাৰ, মাহমৰা পথাৰ, খেমদৈ পথাৰ,ভূঞাহাট, সাউদ গাঁও, হাতীমূৰীয়া, ঘৰফলীয়া, চামগুৰি, জকাইচুক পথাৰকে ধৰি বহু কৃষিভূমিত পানী নথকাত চিৰালফাঁট দিছে । শালি ধানৰ খেতি গেঁৰ ধৰা সময়তে পৰ্যাপ্ত বৰষুণৰ অভাৱত চিৰালফাঁট দিয়াত গ্ৰামাঞ্চলৰ চহা কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

  • জলসিঞ্চন বিভাগৰ অৱহেলা :

এতিয়া শিৱসাগৰ জিলা কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ কৃষকৰ প্ৰতি অৱহেলাৰ প্ৰকৃত ছবিখন ফুঁটি উঠিছে । আমগুৰি মহকুমা কৃষি বিভাগৰ অন্তৰ্গত বহু হেক্টৰ কৃষিভূমিত চিৰালফাঁট দিয়াত সেউজীয়া হ'বলৈ ধৰা কৃষিভূমি ক্ৰমে ধানখেৰলৈ পৰ্যবেসিত হোৱাৰ উপক্ৰম হৈছে । শিৱসাগৰ জিলা জলসিঞ্চন বিভাগৰ কৰ্মহীনতাৰ নিদৰ্শন দাঙি ধৰি কৃষিভূমিত পৰ্যাপ্ত পানী ব্যৱস্থা কৰিব নোৱৰাৰ বাবেই কৃষকসকল দুৰ্ভোগ ভুগিছে বুলি একাংশ কৃষকে কয় ।

ৰাজ্যৰ কৃষি বিভাগটোৱে পথাৰত কৃষকৰ বাবে জটিল সময়ত পানীৰ ব্যৱস্থা কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক হিচাপে বিৱেচিত হৈছে । পৰিশ্ৰম আৰু অৰ্থ ব্যয় কৰি কৃষিকৰ্ম কৰাৰ পাছতো এনেদৰে পথাৰত পানীৰ অভাৱত কৃষিভূমি খৰাং হোৱত মৌজাকেইটাৰ কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত শিৱসাগৰ জিলা কৃষি বিভাগ আৰু জিলা জলসিঞ্চন বিভাগক ক্ষতিগ্ৰস্থ কৃষকক সহায় কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:ভাদ মাহতো পথাৰত নাই পানী,মূৰে-কঁপালে হাত দিছে কৃষকে - Water Crisis In Paddy Field

সজাল ধৰা ধাননিত অচিন পোকৰ আক্ৰমণ: বছৰৰ ভাতমুঠিক লৈ চিন্তিত কৃষক - Pests destroy paddy fields

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.