ETV Bharat / state

কলিয়াবৰত প্ৰহসনত পৰিণত জল জীৱন মিছন - Jal Jeevan Mission Assam

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 2:27 PM IST

Jal Jeevan Mission Assam : কলিয়াবৰৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছন প্ৰকল্প ভেকোঁভাওনাত পৰিণত হোৱা দেখা গৈছে । নলবোৰ স্থাপন কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই খোৱাপানী । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ ।

Jal Jeevan Mission Assam
কলিয়াবৰত প্ৰহসনত পৰিণত জল জীৱন মিছন (ETV Bharat Assam)

কলিয়াবৰ,১৮ মে' : 'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' বা 'ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী' এই শ্ল'গানবোৰ আপুনি নিশ্চয় শুনিছে । কিন্তু এতিয়া এইবোৰ কেৱল চৰকাৰী নথি আৰু বেনাৰ-পোষ্টাৰতে সীমাবদ্ধ হৈ আছে ! ৰাজ্যবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ অভিলাষী আঁচনি এতিয়া প্ৰহসনত পৰিণত হৈছে ।

এয়া আমাৰ কথা নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জল জীৱন মিছনৰ ভেকোঁভাওনা স্পষ্ট হৈ পৰিছে । চৰকাৰে দাবী কৰা মতে বহু স্থানত এই আঁচনিৰ কাম ৮০-১০০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ৰাইজে পোৱা নাই খোৱাপানী ।

নলবোৰ স্থাপন কৰা হৈছে কিন্তু সেই নলেৰে কেতিয়াও অহা নাই পানী । নগাঁও জিলাৰ কলিয়াবৰত একেই দৃশ্য দেখা গৈছে । প্ৰায় এবছৰ পূৰ্বে কলিয়াবৰ মহকুমাৰ লক্ষণাবন্ধাৰ এখন গাঁৱত নলবোৰ স্থাপন কৰা হৈছিল । স্থানীয় লোকসকলে অভিযোগ কৰা মতে মাত্ৰ কেইদিনমান সেই নলৰ জৰিয়তে ৰাইজে পানী পাইছিল । কিন্তু এতিয়া সেইবোৰ ঘৰৰ অলাগতিয়াল সামগ্ৰী হৈ পৰিছে ।

নলবোৰ কোনোৱে যদি গোৱৰৰ গেৰৰ ৰখীয়া কৰি ৰাখিছে, আন কোনোৱে নলবোৰক আন কামত ব্যৱহাৰ কৰা দেখা গৈছে । পানী যোগান প্ৰকল্প ঘৰ নিৰ্মাণ কৰা হৈছে যদিও তাত কোনো কৰ্মচাৰী নথকাৰ অভিযোগ ৰাইজৰ । মুঠতে বিশুদ্ধ খোৱাপানী যোগানৰ নামত চৰকাৰে এখন নাটক কৰাৰ অভিযোগ ৰাইজৰ ।

যোৱা জানুৱাৰী মাহৰ তথ‍্য অনুসৰি প্ৰায় ১১ কোটি লোকৰ ঘৰত পানী যোগানৰ বাবে নল সংযোগ কৰা হৈছে । ইফালে অসমৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাবী কৰি আহিছে যে জল জীৱন মিছনৰ যোগেদি অসমৰ প্ৰতিটো পৰিয়ালে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী লাভ কৰিব । মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজহুৱাকৈ আঁচনিৰ কামৰ অগ্ৰগতিৰ কথা উল্লেখ কৰিছে । কিন্তু এতিয়াও বহু অঞ্চলত বিভাগীয় হেমাহী আৰু ঠিকাদাৰৰ মইমতালিৰ ঘটনা হে সংঘটিত হৈছে ।

প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখন এতিয়া অথলে যোৱাৰ উপক্ৰম হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছনত সংঘটিত অনিয়ম আৰু কেলেংকাৰীৰ তথ্য লাভ কৰাৰ পিচতো চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও সন্দেহৰ আৱৰ্তত আছে ।

লগতে পঢ়ক :চিলাপথাৰত জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ - Jal Jeevan Mission Corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.