ETV Bharat / state

"ঘটনাৰ দোষী সাৰি যাব নোৱাৰে" পংখী সন্দিকৈৰ হত্যাকাণ্ড সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক - Mysterious Death Of Pankhi Handique - MYSTERIOUS DEATH OF PANKHI HANDIQUE

Mysterious Death Of Pankhi Handique: পংখী সন্দিকৈৰ হত্যাকাণ্ড সন্দৰ্ভত ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ তদন্ত সঠিক ৰূপত আগবাঢ়িছে বুলি জনায় আৰক্ষী অধীক্ষকে ৷

Dibrugarh SP
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 3:24 PM IST

ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ সংবাদমেল (Etv bharat assam)

মৰাণ, 20 মে’: পংখী সন্দিকৈৰ হত্যাকাণ্ড সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । বিভিন্ন দল-সংগঠনে ঘটনাৰ উচিত তদন্তৰ দাবী জনাই সাব্যস্ত কৰিছে প্ৰতিবাদ । সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সংবাদমেল সম্বোধন কৰে ৷

ঘটনা অনুসৰি যোৱা 3 মে’ তাৰিখে চৰাইদেউ জিলাৰ সাপেখাটী কঠিয়াখুণ্ডা গাঁৱৰ নিবাসী নিতিকেশ দাস (32) ৰ পত্নী পংখী সন্দিকৈ দাসে (22) নামৰূপৰ এটা ভাৰাঘৰত আত্মহত্যা কৰে । পতি আৰু পত্নীয়ে কৰ্মসূত্ৰ তিনি মাহৰ পূৰ্বে নামৰূপত বসবাস কৰিছিল ।

পিছদিনা পুৱা গিৰিয়েক নিতিকেশ দাসে শোৱনি কোঠাত চিলিং ফেনত চিপ লৈ থকা প্ৰত্যক্ষ কৰে পংখীক । ইয়াৰ পাচতে শিৱসাগৰৰ নিতাইপুখুৰীৰ পৰা পংখী সন্দিকৈৰ পিতৃ-মাতৃ তথা আত্মীয় আহি নামৰূপত উপস্থিত হয় আৰু জোঁৱাইয়েক নিতিকেশ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । নামৰূপ আৰক্ষীয়ে স্বামী নিতিকেশ দাসক গ্ৰেপ্তাৰ কৰি 29/2024 গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 498(A)/306 ৰ অধীনত জে’ললৈ প্ৰেৰণ কৰে । সমগ্ৰ ঘটনাক প্ৰকৃততে হত্যাকাণ্ড বুলি কৈ ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰিছিল পংখীৰ পৰিয়ালে ।

বৰ্তমান ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অভিযুক্ত নিতিকেশ দাস ।

সমগ্ৰ ঘটনা সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে নিজৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ঘটনাৰ তদন্ত সঠিক ৰূপত আগবাঢ়িছে বুলি কয় । জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "বৰ্তমান উচ্চ পৰ্যায়ত তদন্ত চলি আছে । ভিন্ন উৎসৰ পৰা ভিন্ন সমল ইতিমধ্যে সংগ্ৰহ কৰা হৈছে যদিও চিকিৎসকৰ পৰা কিছু সমল বৰ্তমান সংগ্ৰহ কৰা প্ৰক্ৰিয়া চলি আছে । বিশেষকৈ উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ কিছু তথ্য আহি পোৱাৰ পিচতে সকলো তথ্য পোহৰলৈ আহিব । ইতিমধ্যে পৰিয়ালৰ মানুহৰ পৰা ভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে call record সমূহো লোৱা হৈছে । এই ঘটনাৰ দোষী সাৰি যাব নোৱাৰে ।"

লগতে পঢ়ক: মাৰ যোৱা নাই পংখীৰ মৃত্যুৰ উত্তেজনা; মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী দল-সংগঠনৰ - Pankhi Handique death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.