ETV Bharat / state

গৰু নিয়া গাড়ীৰ পৰা ধন দাবী কৰি ৰাইজৰ ৰোষত চ্যুকাফা চেতিয়া - Policeman Demanding Money

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:03 PM IST

Demanding Money : গৰু নিয়া বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীক আৱদ্ধ স্থানীয় ৰাইজৰ ৷ গৰু কঢ়িয়াই নিয়া বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ৰাজপথত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

POLICEMAN DEMANDING MONEY
আৰক্ষীক আৱদ্ধ স্থানীয় ৰাইজৰ (ETV BHARAT ASSAM)

তিনিচুকীয়া, 23 জুন : গৰু কঢ়িয়াই নিয়া বাহনৰ পৰা ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ 1নং বৰবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে গৰু কঢ়িয়াই নিয়া এখন বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিগবৈ আৰক্ষী থানাৰ এগৰাকী আৰক্ষীক আৱদ্ধ কৰে স্থানীয় ৰাইজে ৷ স্থানীয় লোক আৰু দল-সংগঠনে বহু সময়লৈকে আৱদ্ধ কৰি ৰাখে আৰক্ষী জোৱানজনক ৷ স্থানীয় ৰাইজে অভিযোগ অনুসৰি ধন দাবী কৰা আৰক্ষী জোৱানগৰাকী চ্যুকাফা চেতিয়া ৷

ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী (ETV BHARAT ASSAM)

গৰু কঢ়িয়াই নিয়া বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ৰাজপথত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্ত আৰক্ষী জোৱান চ্যুকাফা চেতিয়াক তুলাধুনা দিয়ে উপস্থিত ৰাইজে ৷ আৰক্ষীগৰাকীয়ে পোছাকৰ পৰা নাম ফলক আঁতৰাই গৰু কঢ়িয়াই নিয়া গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ 38নং ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষী চ্যুকাফা চেতিয়াক আৱদ্ধ কৰি ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰে স্থানীয় লোক আৰু দল-সংগঠনে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিগবৈ আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযুক্ত আৰক্ষী জোৱান চ্যুকাফা চেতিয়া আৰু তেওঁৰ বাহনখন থানালৈ লৈ যায় ৷

প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি আৰক্ষীগৰাকীয়ে মুঠ 400 টকা লৈ যাবলৈ দিছিল বাহনখন ৷ ইফালে অভিযুক্ত আৰক্ষী জোৱানগৰাকীয়ে নিজৰ টকা আগৰ পৰাই পকেটত আছে আৰু কিবা অসুবিধাৰ বাবে কৰ্তব্যৰ সময়ত নাম ফলক খুলি ৰাখিছিল বুলি উল্লেখ কৰে ৷ সমান্তৰালভাৱে বাহনখনৰ পৰা ধন লোৱাটো অস্বীকাৰ কৰে যদিও স্থানীয় ৰাইজে বাৰম্বাৰ কৈ থকাত টকা লোৱাটো স্বীকাৰ কৰে জোৱানজনে ৷

লগতে পঢ়ক : প্ৰেম, পলায়ন আৰু এনকাউন্টাৰ; যুৱতীক পলুৱাই নিয়া মান্নানক গুলীয়ালে আৰক্ষীয়ে - Police firing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.