ETV Bharat / state

মুকালমুৱা এনকাউন্টাৰ: আত্মৰক্ষাৰ বাবেহে নলবাৰী আৰক্ষীয়ে গুলীয়ালে ডকাইত হামিদ আলীক - POLICE FIRING IN NALBARI - POLICE FIRING IN NALBARI

Firing in Nalbari : নলবাৰীৰ ডকাইতিকাণ্ড ৷ ব্যৱসায়ীক গুলীয়াই লক্ষাধিক টকা লুট কৰা ডকাইতক এনকাউন্টাৰ ৷ আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰীয়া দাসে সংবাদমেলযোগে সদৰী কৰিছে সকলো তথ্য ৷

POLICE FIRING IN NALBARI
নলবাৰীৰ ডকাইতি ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 2:33 PM IST

নলবাৰী, ২১ জুলাই : চৰ্চাত মুকালমুৱাৰ গুলীচালনাৰ ঘটনা ৷ ইতিমধ্যে নলবাৰী আৰক্ষীৰ জালত দুই অপৰাধী । দেওবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত মুকালমুৱাৰ ডকাইতিকাণ্ডৰ লগত জড়িত এটা ডকাইতক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আহত হোৱা ডকাইতটো হৈছে হামিদ আলী ৷ দেওবাৰে দিনৰ ভাগত নলবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াই আৰক্ষী অধীক্ষকৰ কনফাৰেঞ্চ হলত আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰীয়া দাসে এক সংবাদমেলযোগে সদৰী কৰে এই কথা ৷

নলবাৰীৰ ডকাইতি ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষীৰ সংবাদমেল (ETV Bharat Assam)

নলবাৰী আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত গুলীবিদ্ধ ডকাইতটোৰ চিকিৎসা চলি আছে ৷ আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱাই উল্লেখ কৰা অনুসৰি, দুদিন পূৰ্বে মুকালমুৱাৰ ৰামপুৰত ব্যৱসায়ীক গুলী চলাই হামিদ আলীসহ তিনি ডকাইতে লুটিছিল কেবা লক্ষাধিক টকা ৷ তাৰ পাচতে আৰক্ষীয়ে আৰম্ভ কৰা কৰে তদন্ত ৷

লগতে পঢ়ক : মুকালমুৱাৰ ডকাইতিকাণ্ড: আৰক্ষীৰ গুলীত আহত ডকাইত হামিদ আলী - POLICE FIRING IN NALBARI

আৰক্ষীৰ তদন্তত মুকালমুৱা আৰক্ষীয়ে হামিদ আলীসহ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰে । লগতে আৰক্ষীয়ে এটা পিষ্টল আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বাইক এখনো জব্দ কৰে । আনহাতে যোৱা নিশা (শনিবাৰে নিশা) আদাবাৰীৰ পৰা কংকন ডেকা নামৰ আন এটা ডকাইত আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত কংকণ ডেকা পূৰ্বেও ডকাইতি ঘটনাৰ লগত জড়িত আছিল ।

আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰীয়া দাসে উল্লেখ কৰা মতে, তদন্তৰ খাতিৰত শনিবাৰে নিশা হামিদ আলীক লৈ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত অভিযান চলাই আছিল ৷ তেনেতে হামিদ আলীয়ে এগৰাকী আৰক্ষী বিষয়াৰ পৰা তেওঁৰ পিষ্টলটো কাঢ়ি ল’বলৈ চেষ্টা কৰে ৷

তেতিয়াই ধৃত হামিদ আলী আৰু আৰক্ষীৰ মাজত কিছু টনা-আজুৰা হয় ৷ ফলত পৰিস্থিতি কিছু বিষম দেখি আন এগৰাকী আৰক্ষী বিষয়াই দুই জাঁই গুলী ফুটায় ৷ যাৰ ফলত আৰক্ষীৰ বন্দুকৰ এটা গুলী হামিদৰ সোঁ-ভৰিৰ আঠুৰ তলত লাগে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহত হামিদ আলীক মুকালমুৱা চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীয়ে জনোৱা মতে, হামিদ আলী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত এগৰাকী উপ-পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবল আহত হয় । বৰ্তমান আৰু অধিক তদন্তৰ খাতিৰত আৰক্ষীয়ে সংবাদ মাধ্যমক সকলো কথা কোৱাৰ পৰা বিৰত আছে ।

লগতে পঢ়ক : নলবাৰীত ব্যৱসায়ীলৈ গুলী : দুৰ্বৃত্তই লুটি নিলে ধন - Armed robbery in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.