ETV Bharat / state

বোমাৰ সন্ধানত তৎপৰ আৰক্ষী: গুৱাহাটীৰ দিছপুৰ আৰু শৰণীয়াত অভিযান - 78th Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 5:07 PM IST

ULFA I Bomb threat in Guwahati : আলফা (স্বাধীন)ৰ এক বিবৃতিয়ে এতিয়া মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ । স্বাধীনতা দিৱসৰ দিনা আলফা (স্বাধীন)ৰ ৰাজ্যৰ ২৫ ঠাইত বোমা সংস্থাপনৰ ঘোষণাই তীব্ৰ চাঞ্চল্য তথা আতংকৰো সৃষ্টি কৰিছে । ইতিমধ্যে সংস্থাপিত বোমাৰ সন্ধানত নিৰ্দিষ্ট স্থানবোৰত অনুসন্ধান অভিযান চলি আছে । গুৱাহাটীতো আলফা (স্বাধীন)ৰ স্বঘোষিত বোমাৰ সন্ধানত আৰক্ষীৰ বিশেষ অভিযান ।

ULFA I Bomb threat in Guwahati
গুৱাহাটীত বোমাৰ সন্ধানত আৰক্ষীৰ অভিযান (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট : বহু বছৰৰ পাছত আলফা স্বাধীনে স্বাধীনতা দিৱসৰ দিনা থৰকাচুটি হেৰুৱাইছে অসম আৰক্ষীৰ । এটা দুটা নহয়, ২৫ টাকৈ বোমাৰে ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল আলফা স্বাধীনে । কিন্তু কিবা কাৰিকৰী বিজুতিৰ বাবে বিস্ফোৰিত নহ'ল বোমাকেইটা ।

এই কথা আলফা স্বাধীনে এক বিবৃতিযোগে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ পাছতে থৰকাচুটি হেৰাইছে অসম আৰক্ষীৰ । লগে লগে বোমা উদ্ধাৰৰ বাবে আলফা স্বাধীনে নিৰ্দিষ্ট কৰি দিয়া স্থানত আৰম্ভ হয় আৰক্ষীৰ অভিযান । গুৱাহাটী মহানগৰীৰো আঠটা স্থানত বোমা সংস্থাপনৰ কথা প্ৰকাশ কৰিছিল আলফা স্বাধীনে ।

ৰাজধানী দিছপুৰৰ মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহৰ সমীপৰ লাষ্টগে'টৰ পূৰ্বৰ ধৰ্ণাস্থলীত বোমা সংস্থাপন কৰাৰ কথা উল্লেখ কৰিছিল আলফা স্বাধীনে । লাষ্টগে'টৰ নিৰ্দিষ্ট কৰি দিয়া স্থানত আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলৰ লগতে ডগ স্কোৱাডৰ দলে তন্নতন্নকৈ পৰীক্ষা কৰে যদিও উদ্ধাৰ হোৱা নাই কোনো ধৰণৰ বোমা । প্ৰায় ডেৰ ঘণ্টা ধৰি অভিযান চলোৱা হয় ।

উক্ত স্থানত গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । অৱশ্যে আৰক্ষী আয়ুক্তগৰাকীয়ে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে । ইতিমধ্যে লাষ্টগে'টত অভিযান সামৰা হৈছে যদিও আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে গুৱাহাটীৰ শৰণীয়াৰ গান্ধী মণ্ডপলৈ যোৱা পথটোৰ বাঁওফালে থকা ট্ৰেন্সফৰ্মাৰৰ বাকচত বোমা স্থাপনৰ দাবী কৰিছিল আলফা স্বাধীনে । উক্ত স্থানতো আৰক্ষীয়ে তন্নতন্নকৈ অভিযান চলাই বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীখিনি অৱশ্যে বোমা হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই বুলি গুৱাহাটী আৰক্ষী আয়ুক্তই প্ৰকাশ কৰে ।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ উলহ-মালহ পৰিৱেশৰ মাজতে বিভিন্ন স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day
লগতে পঢ়ক :লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.