ETV Bharat / state

মণিপুৰত কুকি উগ্ৰপন্থীৰ ঘাটি উচ্ছেদ আৰক্ষীৰ, মুখ্যমন্ত্ৰীয়ে ল’লে পৰিস্থিতিৰ বুজ - MANIPUR VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 12:06 PM IST

Evict Kuki militants base : সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত হোৱা গুলীচালনাৰ ঘটনাৰ পিছতে অধিক সষ্টম হৈ পৰিছে আৰক্ষী ৷ আৰক্ষীয়ে গুলীচালনাৰ ঘটনা সংঘটিত হোৱা গাঁওখনত প্ৰৱেশ কৰি উচ্ছেদ কৰে সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা একাধিক ঘাটি ৷

MANIPUR VIOLENCE
মণিপুৰত হিংসা (Etv Bharat Assam)

তেজপুৰ, 11 জুন: বিগত চাৰিটা দিন ধৰি উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিৱেশ ৷ বিশেষকৈ জিৰিবাম জিলাত সংঘটিত হিংসাত্মক ঘটনাত আতংকিত হৈছে স্থানীয় লোকসকল ৷ ইয়াৰ মাজতে সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷

সষ্টম কাছাৰ প্ৰশাসন (Etv Bharat Assam)

এই ঘটনাত এগৰাকী আৰক্ষীৰ জোৱানৰ লগতে এগৰাকী গাড়ীচালক গুৰুতৰভাৱে আহত হয় ৷ 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেন নামৰ গাঁৱখনৰ সমীপৰ টি লাইজাঙত কোনো সন্দেহজনক কুকি উগ্ৰপন্থীয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক উদ্দেশ্যি গুলীবৰ্ষণ কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

পৰৱৰ্তী সময়ত ঘটনাস্থলীত শীৰ্ষ আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত দুয়োগৰাকীকে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ লগতে আৰক্ষীৰ দলসমূহে ঘটনাটো সংঘটিত হোৱা গাঁৱখনৰ লগতে আশে-পাশে থকা অঞ্চলসমূহত প্ৰৱেশ কৰি তালাচী চলায় ৷ এই তালাচীৰ সময়ত আৰক্ষীয়ে গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে উগ্ৰপন্থীসমূহে ব্যৱহাৰ কৰা একাংশ শিবিৰো ধ্বংস কৰে ৷ তদুপৰি সেই স্থানত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় ৷

  • গুলীচালনাত আহতক মুখ্যমন্ত্ৰীৰ সাক্ষাৎ

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে নিশা শ্বিজা হাস্পতালত উপস্থিত হৈ এই ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা আৰক্ষী জোৱানৰ অৱস্থাৰ বুজ লয় । দিনে-নিশাই নিজ কৰ্তব্য পালন কৰি থকা নিৰাপত্তাৰক্ষীৰ ওপৰত কৰা এনে ঘৃণনীয় আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • জিৰিবামৰ ঘটনাৰ প্ৰভাৱ

শনিবাৰৰে পৰা জিৰিবামত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ ফলত প্ৰাণৰ মমতাত নিজৰ থকা ঠাই এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলে জিলাখনৰ বাসিন্দাসকলে ৷ বিশেষকৈ কাছাৰৰ লক্ষীপুৰ অঞ্চলত আহি মণিপুৰী লোকসকলে আশ্ৰয় লৈছে ৷ তদুপৰি অসম-মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল কাছাৰৰ লক্ষীপুৰত এইসকল লোকৰ বাবে নিৰ্মিত অস্থায়ী শিবিৰত ব্য়াপক ভিৰ পৰিলক্ষিত হৈছে ৷

আনহাতে, কাছাৰ আৰক্ষীৰ তহলদাৰী দলসমূহে দিনে-নিশাই সীমান্তৱৰ্তী অঞ্চলটোত চকু ৰাখিছে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় ৷ এই কাৰ্যত খোদ চকু ৰাখিছে জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ৷

লগতে পঢ়ক: কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

  • জিৰিবামৰ ঘটনাৰ সূত্ৰপাত

মণিপুৰৰ জিৰিবামৰ এজন মেইটেই যুৱকক কুকি জনবসতিপূৰ্ণ অঞ্চলত কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থোৱা অৱস্থাত দেখা পোৱা গৈছিল মৃতদেহ ৷ পৰৱৰ্তী সময়ত কুকি-মেইটেইসকলৰ মাজত এই অচিলাৰেই হিংসাত্মক কাৰ্যৰ সূত্ৰপাত ঘটে ৷ পৰৱৰ্তী সময়ত এই পৰিস্থিতি অধিক শোচনীয় হৈ পৰে, যাৰ বাবে জিলাখনত জাৰি কৰিবলগীয়া হৈছে 144 ধাৰা ৷

উল্লেখ্য যে, মণিপুৰৰ জিৰিবাম জিলা অসমৰ কাছাৰ জিলাৰ শিলচৰৰ সমীপৱৰ্তী । জিৰিবামৰ নদীয়ে দুই ৰাজ্যক বিভক্ত কৰিছে যদিও দীৰ্ঘদিনৰে পৰা সীমান্তৱৰ্তী অঞ্চলত অহা-যোৱা চলি আহিছে ।শিলচৰৰ পৰা প্ৰায় 30 কিল’মিটাৰ গ’লেই পোৱা যায় মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবাম জিলা । এই মণিপুৰত যোৱা এটা বছৰৰো অধিক সময় ধৰি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত প্ৰায় 60 হাজাৰ লোক গৃহহীন হোৱাৰ লগতে মৃত্যু হৈছিল 260 জনৰো অধিক লোকৰ ৷

চৰকাৰী তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাৰ ফলত 219 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 60,000 লোক গৃহহীন, 1000 ৰো অধিক লোক আহত আৰু 32 জন লোক নিৰুদ্দেশ হয় ৷ সেই সময়ত 4,786 টা ঘৰ জ্বলাই দিছিল দুৰ্বৃত্তই আৰু মন্দিৰ-গীৰ্জাকে ধৰি 386 টা ধৰ্মীয় অনুষ্ঠানৰ বিনষ্ট গঠন ভাঙি পেলোৱা হয় ৷

লগতে পঢ়ক: মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.