ETV Bharat / state

নিৰীহ মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্য়া কৰাৰ অভিযোগ : প্ৰতিবাদত উত্তাল কাছাৰ - Hmar militants killed - HMAR MILITANTS KILLED

Police Encounter : কাছাৰত আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰি নিৰীহ লোকক হত্যা কৰাৰ অভিযোগ । আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক ।

HMAR PEOPLE PROTEST
প্ৰতিবাদত উত্তাল কাছাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:44 PM IST

Updated : Jul 22, 2024, 9:59 PM IST

শিলচৰ, ২২ জুলাই: কাছাৰৰ ভূৱন পাহাৰত যোৱা মঙলবাৰে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত তিনি মাৰ যুৱকৰ মৃত্যুৰ প্ৰতিবাদত কাছাৰৰ লক্ষীপুৰ মাৰকুলিনত মাৰ লোকসকলে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কলা কাপোৰ পৰিধান কৰি হাতত প্লেকাৰ্ড লৈ হাজাৰ হাজাৰ মাৰ লোকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে । উগ্ৰপন্থী বুলি আৰক্ষীয়ে দাবী কৰা মৃত তিনি মাৰ যুৱক উগ্ৰপন্থী সদস্য নাছিল বুলি দাবী কৰিছে প্ৰতিবাদকাৰীসকলে । আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি তিনি মাৰ যুৱকক উগ্ৰপন্থী সজোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদত উত্তাল কাছাৰ (ETV Bharat Assam)

ইয়াৰ পিচতেই এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই লক্ষীপুৰ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । লগতে আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি নিৰীহ লোকক হত্যা কৰা বন্ধ কৰাৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে । উল্লেখ্য় যে যোৱা মঙলবাৰে কাছাৰৰ ধলাই গংগা নগৰত মাৰণাস্ত্ৰসহ তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে । নিশা ধৃত এই তিনি যুৱকক লৈ আৰক্ষীয়ে অসম-মিজোৰাম সীমান্তৰ ভূৱন পাহাৰত চলাইছিল এক অভিযান । এই অভিযানত জংঘলত হঠাতে আন উগ্ৰপন্থীয়ে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰাত ইয়াৰ প্ৰত্য়ুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰে । দুয়োপক্ষৰ এই সংঘৰ্ষত মৃত্যু হয় আৰক্ষীয়ে লগত লৈ যোৱা তিনি মাৰ যুৱকৰ ।

উক্ত ঘটনাৰ পাচত কাছাৰৰ আৰক্ষী অধীক্ষকে সমগ্ৰ ঘটনাটোৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকশ কৰিছিল । গুলীয়াগুলীত মৃত্যু হোৱা তিনি যুৱক মাৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছিল বুলি আৰক্ষী অধীক্ষকে দাবী কৰিছিল । কাছাৰ আৰক্ষীৰ এই দাবীৰ পাচত মৃতকৰ পৰিয়ালে তিনি যুৱক উগ্ৰপন্থী নাছিল বুলি দাবী কৰি এক গোচৰ ৰুজু কৰিছিল লক্ষীপুৰ আৰক্ষী চকীত । সোমবাৰে এই তিনি মাৰ যুৱকৰ মৃত্যুৰ প্ৰতিবাদত কাছাৰৰ লক্ষীপুৰ মাৰকুলিনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মাৰ সম্প্ৰদায়ৰ লোকসকলে । আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি তিনি যুবকক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

উল্লেখ্য় যে অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ ভূৱন পাহাৰত সংঘটিত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত মৃত তিনি যৱকৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । লক্ষীপুৰ আৰক্ষী চকীত মৃত তিনি মাৰ যুৱক উগ্ৰপন্থীৰ সদস্য নহয় বুলি দাবী কৰি পৰিয়ালৰ লোকে এই গোচৰ ৰুজু কৰিছে ৷ পৰিয়ালৰ দাবী- যুৱককেইজন পূৰ্বে কোনো অপৰাধজনিত কাণ্ডৰ লগত জড়িত নাছিল ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তত আৰক্ষী-উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীয়াগুলী; 3 মাৰ উগ্ৰপন্থী নিহত - Hmar militants killed

নিহত তিনি মাৰ উগ্ৰপন্থী মণিপুৰৰ হিংসাত্মক কাৰ্যৰ সৈতে জড়িতৰ সন্দেহ আৰক্ষীৰ - CACHAR SP REACTS ON POLICE FIRING

Last Updated : Jul 22, 2024, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.