ETV Bharat / state

দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাজিৰঙা ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 1:11 PM IST

Updated : Mar 8, 2024, 2:15 PM IST

PM Modi Kaziranga Visit : কাজিৰঙালৈ অহা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী ৷ অৱশ্যে জৱাহৰলাল নেহেৰুৰ পিচত বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী ৷ লগতে ৰামনাথ কোবিন্দ আৰু দ্ৰৌপদী মূৰ্মুৰ পিচত প্ৰদানমন্ত্ৰী মোদীক আদৰি তৃতীয়বাৰলৈ গৌৰৱান্বিত হ’ব কাজিৰঙাৰ আৰক্ষী অতিথিশালা ৷

কাজিৰঙা ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰস্তুতি সম্পূৰ্ণ

কাজিৰঙা, ৮ মাৰ্চ : দেশৰ প্ৰধানমন্ত্ৰীক আদৰি তৃতীয়বাৰলৈ গৌৰৱান্বিত হ’ব কাজিৰঙাৰ আৰক্ষী অতিথিশালা ৷ শুকুৰবাৰে কাজিৰঙাত ৰাত্ৰিযাপন কৰাৰ লগে লগেই কাজিৰঙাৰ কঁহৰাস্থিত অতিথিশালাখনি গৌৰৱান্বিত হ’ব ৷ কাৰণ এইখন অতিথিশালাতেই ইতিমধ্যে দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতিয়ে ৰাত্ৰিযাপন কৰিছে ৷ আনহাতে, কাজিৰঙাৰ কঁহৰাত অৱস্থিত আৰক্ষীৰ এই অতিথিশালাতেই ৮ মাৰ্চৰ নিশাটো পাৰ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

উল্লেখ্য যে বহুজনৰ গালি-গালাজৰ মাজতে কাজিৰঙাৰ কঁহৰাত ২০১৮-১৯ বৰ্ষত এখন অতিথিশালা নিৰ্মাণ কৰিছিল সেই সময়ৰ গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৷ বৰ্তমান ৰাজ্যৰ জনসংযোগ সঞ্চালকৰ দায়িত্বত থকা মানবেন্দ্ৰ দেৱৰয়ে সেই সময়ত একপ্ৰকাৰ প্ৰত্যাহ্বানত নিৰ্মাণ কৰিছিল অতিথিশালাখনি ৷ গোলাঘাটৰ পৰা সত্তৰ কিলোমিটাৰ বাটকুৰি বাই পুৱা ৬ বজাত কঁহৰাত উপস্থিত হৈ অতিথিশালা নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰে আৰক্ষী অধীক্ষক দেৱৰয়ে ৷

পৰৱৰ্তী সময়ত পুনৰ ১১ বজাত গোলাঘাটৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়ৰ কাম কৰে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৷ আনকি বিয়লিৰ ভাগতো পুনৰ অতিথিশালাৰ নিৰ্মাণকাৰ্য নিৰীক্ষণ কৰিবলৈ কাজিৰঙালৈ আহে আৰক্ষী অধীক্ষকগৰাকী ৷ সেই সময়ত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া তথা আন আন আৰক্ষী বিষয়াক নিৰীক্ষণৰ কামত নিয়োজিত কৰিছিল আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৷ প্ৰায় ডেৰ বছৰে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ প্ৰতিদিনৰ নিৰীক্ষণৰ অন্তত নিৰ্মিত হয় আৰক্ষী অতিথিশালাখনি ৷

সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা অৱস্থাত কাজিৰঙালৈ আহিলেই এই অতিথিশালাত উপস্থিত হোৱাৰ সমান্তৰালভাৱে ৰাত্ৰিযাপন কৰিছিল ৷ প্ৰাকৃতিক পৰিৱেশত নিৰ্মিত এই অতিথিশালাৰ এক সুকীয়া গাম্ভীৰ্যতা পূৰ্বৰে পৰা আছে ৷ এপিনে যদি হাতীখুলি চাহ বাগিচা, আনপিনে আকৌ কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য ৷

এইখন অতিথিশালাতে ২০২২ চনত ৰাত্ৰিযাপন কৰিছিল দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ পৰৱৰ্তী সময়ত পিছৰ বছৰেই বৰ্তমানৰ ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মূ কাজিৰঙাত উপস্থিত হৈ ৰাত্ৰিযাপন কৰিছিল এই অতিথিশালাত ৷ আনহাতে, এই অতিথিশালাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৮ মাৰ্চৰ নিশাটো কটাব ৷ উল্লেখ্য, নৰেন্দ্ৰ মোদী হ'ব দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকীয়ে অহা ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব ।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ কেইবছৰমানৰ পাছতে অৰ্থাৎ ১৯৫৭ চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল । নেহৰুৱে তেখেতৰ দুহিতা ইন্দিৰা গান্ধীক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত হাতীৰ পিঠিত উঠি উদ্যানখন ভ্ৰমণ কৰিছিল । কাজিৰঙাৰ প্ৰথমখন চৰকাৰী অতিথিশালা কঁহৰাস্থিত তেতিয়া বন বিভাগৰ অধীনত থকা বনানী পৰ্যটন নিবাসত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাত্ৰিযাপন কৰিছিল ।

পৰৱৰ্তী সময়ত ১৯৭৮ চনত দ্বিতীয়বাৰৰ বাবে কাজিৰঙালৈ আহিছিল ইন্দিৰা গান্ধী ৷ অৱশ্যে তেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰীৰ দ্বায়িত্বত নাছিল ৷ সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হৈ আছিল । গুৱাহাটীত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে কাজিৰঙালৈয়ো আহিছিল । ইপিনে, ১৯৮৮ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পত্নী ছোনিয়াক লগত লৈ কাজিৰঙালৈ আহিছিল । অৱশ্যে বনানী পৰ্যটন নিবাসত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল যদিও তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নকৰাকৈয়ে উভতিছিল ৷

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলগীয়া নৰেন্দ্ৰ মোদী হ'ব স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী তথা কাজিৰঙালৈ অহা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী ৷

লগতে পঢ়ক :আজি দুদিনীয়া অসম ভ্ৰমণলৈ আহি ৰাজ্যবাসীক ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে

Last Updated : Mar 8, 2024, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.