ETV Bharat / state

লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ নেপথ্যৰ ভাস্কৰ্য শিল্পীজন কোন ? - PM Modi Lachit Statue inauguration

Lachit Barphukan Statue in Jorhat: 9 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ মেলেং হোলোঙাপাৰত উন্মোচন কৰিব লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ব্যঞ্জৰ প্ৰতিমূৰ্তি ৷ উক্ত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে প্ৰখ্যাত ভাস্কৰ্যশিল্পী ৰাম ভাঞ্জী সুতাৰে ৷ শিল্পীগৰাকীৰ বিষয়ে জানো আহক...

Lachit Barphukan Statue in Jorhat
লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্যঞ্জৰ প্ৰতিমূৰ্তি
author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 7:41 PM IST

Updated : Mar 7, 2024, 8:03 PM IST

লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্যঞ্জৰ প্ৰতিমূৰ্তি

যোৰহাট, 7 মাৰ্চ: অসমীয়াৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন । লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে যোৰহাটৰ মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত বীৰগৰাকীৰ ১২৫ ফুট দৈৰ্ঘৰ ব্যঞ্জৰ প্ৰতিমূৰ্তি ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উৰ্চগা কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="c">c

উত্তৰ প্ৰদেশ গাজিয়াবাদৰ ৰাম সুতাৰ ষ্টুডিঅ’ত দেশৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰে (Ram Vanji Sutar) লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিলে ৷

উল্লেখ্য যে ১৭৫ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে । যিটো হ’ব মহান বীৰ লাচিত বৰফুকনৰ প্ৰতি অসমবাসীৰ গৌৰৱময় শ্ৰদ্ধাঞ্জলি । যি গৰাকী বীৰ পুৰুষৰ বীৰত্বৰ বাবে অসম তথা অসমীয়া মোগলৰ পৰা ৰক্ষা পৰিছিল । উল্লেখ্য যে লাচিত বৰফুকনৰ ১২৫ ফুট ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ উপৰিও বৰ্ষীয়ান ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰৰ হাতৰ পৰশত বিশ্বৰ আটাইকৈ ওখ ঐক্যমূৰ্তি (Statue of unity) অথাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিৰ ডিজাইন প্ৰাণপাই উঠিছিল ।

গুজৰাটৰ নৰ্মদা নদীৰ চৰ্দাৰ সৰোবৰ বান্ধ ওচৰত Statue of Unity তথা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ (৫৯৭ ফুট) ওখ প্ৰতিমূৰ্তি আছে । এইগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পীয়ে সংসদ কমপ্লেক্সৰ ভিতৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিকে ধৰি সমগ্ৰ বিশ্বতে নিজৰ কেৰিয়াত ৫০ টাতকৈ অধিক ভাস্কৰ্যৰ ডিজাইন কৰিছে । ভাস্কৰ্য ক্ষেত্ৰখনলৈ আগৱঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত প্ৰদ্মশ্ৰী, ২০১৬ ত পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল ।

২০২২ বৰ্ষত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্ছুৱেলী লাচিত মৈদামৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প স্থাপন কামৰ আধাৰশিলা কৰিছিল ৷ উক্ত প্ৰকল্পৰ বাবে ৪৯ বিঘা ২ কঠা ১৭ ৰ লেচা মাটি অধিগ্ৰহণ কৰা হৈছিল ৷ উক্ত প্ৰকল্পত লাচিত বৰফুকনৰ ১২৫ ফুট দৈঘ্যৰ প্ৰকল্প লগতে ভিজুৱেল ছিষ্টেম, ৱাটাৰ ফাউন্টেইন আৰু আৱাসিক ব্লককে ধৰি বহু আন্তঃগাঁথনিৰ কাম সনিবিষ্ট হৈ আছে ।

তাপৰ্যপূৰ্ণ যে লাচিত বৰফুকনক দেশ তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অসম চৰকাৰে মহান বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী নতুন দিল্লীত উদযাপন কৰিছিল ।

লগতে পঢ়ক: আছুৱে পিছুৱালে CAA বিৰোধী আন্দোলন

Last Updated : Mar 7, 2024, 8:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.