ETV Bharat / state

অসমৰ নাৰী শিক্ষাৰ বাটকটীয়া, ইতিহাসে গৰকা তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় - TARINI CHOWDHURY HS SCHOOL

বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে কেনেদৰে আগবাঢ়িছিল গুৱাহাটীৰ টি চি স্কুল ? সকলো দিশ সামৰি ই টিভি ভাৰতৰ সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ প্ৰতিবেদন ।

Tarini Chowdhury HS School
ইতিহাসে গৰকা তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 4:00 PM IST

গুৱাহাটী : অসমত নাৰী শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এখন হৈছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত টি চি স্কুল । পুৰুষৰ সমানে নাৰীৰো যে শিক্ষাৰ প্ৰয়োজন আৰু অধিকাৰ আছে সেই কথা উপলব্ধি কৰিয়ে কেইগৰাকীমান দূৰদৰ্শী লোকৰ মন-মগজুৰ চিন্তাপ্ৰসূত ফল হৈছে এই টি চি স্কুল । তাৰ পৰৱৰ্তী সময়ৰ কাহিনী এক সোণসেৰীয়া ইতিহাস । তাহানিৰ টি চি স্কুলৰ পৰা বৰ্তমানৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ বুকুত লিখা আছে কত সাফল্যৰ গাথা, সামাজিক অৱদানৰ অনবদ্য ভূমিকা ।

সেয়া ১৯৪৫ চনৰ কথা । এফালে ব্ৰিটিছৰাজ, আনফালে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা । সেই সময়তে কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত জন্ম হৈছিল তাহানিৰ টি চি স্কুল আৰু বৰ্তমানৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় ।

ইতিহাসে গৰকা তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)

পৰৱৰ্তী সময়ত এই বিদ্যালয়খনে ঠন ধৰি উঠে আৰু নাৰী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় । এই বিদ্যালয়খনত অধ্যয়ন কৰা বহু ছাত্ৰীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে সৃষ্টিৰ আঁৰত থকা বহু কষ্ট আৰু তিতা-কেঁহা অভিজ্ঞতাৰ পৰা এই বিদ্যালয়খনকো নিলগত ৰাখিব নোৱাৰি । বিদ্যালয়খনৰ জন্মলগ্নৰ আঁৰত আছে বহু যন্ত্ৰণাদায়ক কাহিনী ।

কেনেদৰে জন্ম হৈছিল টি চি স্কুল

চিকিৎসক, বিশিষ্ট সমাজসেৱক তথা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ ঘনশ্যাম দাসে ১৯৭১ চনত ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থত এই সম্পৰ্কে বিস্তৃতভাৱে তেওঁৰ প্ৰবন্ধত উল্লেখ কৰি গৈছে ।

প্ৰবন্ধটোৰ মতে, দেশত ১৯৪২ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ সময়ত পাণবজাৰত অৱস্থিত একমাত্ৰ ছোৱালী হাইস্কুলখনলৈ ছাত্ৰীসকল সামৰিক বাহিনীৰ ভয়ত সংকোচ মনেৰে যাবলগীয়া হৈছিল । যাৰ বাবে এক বিকল্প ব্যৱস্থা হিচাপে চেনিকুঠিৰ বিশিষ্ট নাগৰিক কেশৱকান্ত বৰুৱাই এই অঞ্চলত এখন ছোৱালী হাইস্কুলৰ প্ৰয়োজন অনুভৱ কৰি গোপীনাথ বৰদলৈৰ সৈতে আলোচনা কৰে ।

লগতে পঢ়ক :পুঁজি দিয়া নাই চৰকাৰে: মধ্যাহ্ন ভোজনৰ চিন্তাই চকুৰ টোপনি কাঢ়িছে প্ৰধান শিক্ষকৰ

আলোচনামৰ্মে দুয়োৱো ছেণ্ট মেৰীজ স্কুললৈ গৈ তাতেই অসমীয়া মাধ্যমৰ স্কুল খোলাৰ বাবে অনুৰোধ জনাই যদিও বিদ্যালয় কৰ্তৃপক্ষই তাত সঁহাৰি নিদিলে । তাৰ পিছতে এখন কন্যা হাইস্কুল পতাৰ প্ৰচেষ্টা আৰম্ভ হয় । সেই উদ্দেশ্যে বিশিষ্ট ব্যক্তিসকলক লৈ এখন সভা আয়োজন কৰা হয় । উক্ত সভাতে কন্যা হাইস্কুলখন প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয় । তেতিয়াই ডঃ মথুৰা গোস্বামীক সভাপতি আৰু ডাঃ ঘনশ্যাম দাসক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হয় ।

তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় নামটো কেনেকৈ হ'ল

আৰম্ভণিৰ সময়ত ভৰলুমুখৰ বাসিন্দা প্ৰমীলা চৌধুৰীয়ে বিদ্যালয়খনৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে ১৬ হাজাৰ টকা বৰঙণি আগবঢ়ায় । তেখেতৰ স্বামী প্ৰয়াত তাৰিণী চৌধুৰীৰ নামেৰে বিদ্যালয়খন নামকৰণ কৰাৰ চৰ্তত তেওঁ ১৬ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায় । এই বৰঙণিৰ লগতে পৰিচালনা সমিতিৰ বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা বৰঙণি আৰু ডাঃ ভুৱনেশ্বৰ বৰুৱাই বেংকৰ পৰা লোৱা দুহেজাৰ টকা ঋণেৰে ১৯৪৫ চনত কোনোমতে উজানবজাৰত এটি খেৰী ঘৰতেই পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ৪০ গৰাকী ছাত্ৰীৰে বিদ্যালয়খন আৰম্ভ কৰে ।

কিন্তু ঠাইৰ নাটনি হোৱাত ১৯৪৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাত দীঘলীপুখুৰীৰ পূবপাৰলৈ বিদ্যালয়খন স্থানান্তৰ কৰা হয় । উক্ত বছৰতে ১১ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয় আৰু প্ৰতিগৰাকীয়ে ভাল ফলাফলেৰে উত্তীৰ্ণ হয় । ইয়াৰ পিছতেই তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু বিত্ত আৰু ৰাজহ মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে বৰ্তমান স্কুলখন থকা ঠাইত ৪ বিঘা মাটি আৱণ্টন দিয়ে ।

নতুন ভূমিত বিদ্যালয়খনৰ এটি দুমহলীয়া ঘৰৰ কাম লাহে লাহে আৰম্ভ কৰা হয় । ইয়াৰ পিছত ১৯৫৭ চনত টি চি স্কুল বহুমুখী উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হয় । পৰৱৰ্তী সময়ত ১৯৬৪ চনত চৰকাৰক জনোৱা অনুৰোধত স্কুলখনৰ দক্ষিণফালে কলেৰা হাস্পতাল থকা ঠাইতে তিনি বিঘা মাটি স্কুলখনৰ পৰিসৰ বৃদ্ধিৰ বাবে চৰকাৰে আৱণ্টন দিয়ে । সেই ভূমিত বিজ্ঞান ভৱন এটা নিৰ্মাণ কৰা হয় । উক্ত বৰ্ষতে স্কুলখন চৰকাৰলৈ হস্তান্তৰ কৰা হয় ।

বিদ্যালয়খনৰ বিষয়ে কি কয় বৰ্তমানৰ অধ্যক্ষ শুভলক্ষ্মী বৰুৱাই

বৰ্তমানৰ অধ্যক্ষ শুভলক্ষ্মী বৰুৱাই কয়, "দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেইগৰাকীমান সমাজৰ গণ্য-মান্য ব্যক্তিয়ে কন্যা শিক্ষাৰ গুৰুত্ব বুজি বিদ্যালয়খন আৰম্ভ কৰিছিল । বিদ্যালয়খনৰ পৰা প্ৰথমবাৰ ১১ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহিছিল আৰু ১১ গৰাকী ছাত্ৰীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । এটা সময়ত টি চি স্কুলত নামভৰ্তিৰ বাবে হেতা-ওপৰা লাগিছিল । প্ৰায় ২০০৯ চনমানৰ পৰা ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিলে । বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ স্থাপন হোৱাৰ পিচত লাহে লাহে ছাত্ৰীৰ সংখ্যা হ্ৰাস পালে । বৰ্তমান বিদ্যালয়খনত ৫৪৪ গৰাকী ছাত্ৰী আছে ।"

লগতে পঢ়ক :দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকাক গৰ্ভপাতৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
লগতে পঢ়ক :এইবেলি কেতিয়া অনুুষ্ঠিত হ’ব জোনবিল মেলা ? থিৰাং হ’ল তাৰিখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.