ETV Bharat / state

দুয়োখন ভৰি নোহোৱাকৈয়ে জীৱন যুঁজত নামিছে বিলাসীপাৰাৰ আকিবুল - Physically handicapped youth

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 8:59 PM IST

জীৱন যুদ্ধত হাৰ নমনা বিলাসীপাৰাৰ এজন দিব্যাংগ যুৱকৰ কৰুণ গাথা । জন্মৰে পৰা ভৰি দুখন অক্ষম হোৱাৰ পিচতো পাচলি খেতি আৰু পশু পালনৰে নিজৰ পৰিয়ালক পোহপাল দি আহিছে । চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ।

Physically handicapped youth is self-reliant through farming without government help
জীৱন যুঁজত নামিছে বিলাসীপাৰাৰ আকিবুল (ETV Bharat Assam)

বিলাসীপাৰা,৬ জুলাই: জীৱনৰ চকৰি কেতিয়া কোনফালে ঘূৰে কোনেও ক'ব নোৱাৰে । মনৰ উদ্যমিতাই চূড়মাৰ কৰে শাৰীৰিক বাধাকো । তেনেকৈয়ে জীৱন যুঁজত নামিছে এজন যুৱক । যুৱকজন ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গোপীগাঁও তৃতীয় খণ্ড গাঁৱৰ আকিবুল ইছলাম । যুৱকজনৰ দুই ভৰি জন্মলগ্নৰে পৰা অক্ষম ।

তৎস্বত্ত্বেও নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ আছিল অযুত হেঁপাহ । নিজে খোজকাঢ়িব নোৱৰা দৰিদ্ৰ যুৱকজনে সমনীয়াসকলৰ সহায়ত বিদ্যালয়লৈ অহা যোৱা কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । পিচত পিতৃয়ে যুৱকজনক উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰাই দিয়ে । পঢ়াশুনাৰ প্ৰতি আগ্ৰহ থকা আকিবুলে একাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় । পিছে পিতৃৰ বিয়োগ ঘটাত ধনৰ অভাৱত যুৱকজনৰ পঢ়াশুনা ইমানতে অন্ত পৰিল ।

কেৱল দুই হাতৰ সহায়ত কোনোমতে চলাচল কৰা দিব্যাংগ যুৱকজনে উপায়ন্তৰ হৈ পিতৃৰ উত্তৰাধিকাৰী সূত্রে লাভ কৰা অলপ মাটিত পাচলি খেতি কৰিবলৈ আৰম্ভ কৰে । লগতে গৰু-ছাগলীও পালন কৰিবলৈ লয় । খেতি আৰু কুকুৰা, ছাগলী পালনেৰে উপাৰ্জিত ধনৰে মাতৃ, পত্নী, দুই সন্তানসহ পাঁচজনীয়া পৰিয়ালটোৰ কোনোমতে পোহপাল দি আহিছে ।

অলপ মাটিত কৃষিকৰ্ম কৰিছিল যদিও এইবেলি বানে বিনষ্ট কৰি পেলালে সেইখিনিও । যাৰ ফলত আকিবুলৰ সংসাৰলৈ এক ঘোৰ অনামিশা নামি আহিছে । চৰকাৰে ৰূপায়ণ কৰি অহা জনহিতকৰ আঁচনিসমূহৰ পৰা ৯০ শতাংশ দিব্যাংগ যুৱকজন বঞ্চিত হৈ আহিছে । আজিলৈকে নাপালে ৰেচন কাৰ্ড, নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । চৰকাৰী কোনো এখন আঁচনিয়ে ঢুকি নোপোৱা যুবকজন দিব্যাংগসকলৰ বাবে দিয়া বিশেষ আঁচনিৰ পৰাও বঞ্চিত হৈ সম্প্ৰতি এটা জুপুৰীত জীৱন যাপন কৰিবলগীয়াত পৰিছে ।

তথাপিও ভাগৰি পৰা নাছিল স্বাভিমানী যুৱকজন । পিছে নিজে অক্লান্ত পৰিশ্ৰমেৰে কৰা পাচলিৰ খেতিডৰা এইবাৰ বানে নষ্ট কৰাত হতাশ হৈ পৰিছে । নিজৰ সন্তানৰ ভবিষ্যতক লৈও বিপাঙত পৰিছে যুৱকজন । সেয়ে কিছু আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ কৰিছে দিব্যাংগ যুবকজনে ।

লগতে পঢ়ক: এখন ভৰিৰে ৰিক্সা চলাই বাবলুৱে যোগাৰ কৰিছে ভোকৰ ভাতমুঠি - BABLU PAL CHOUDHURY

ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন অৱসৰপ্ৰাপ্ত শিক্ষকৰ - SUCCESSFUL FARMER

সাগৰীয় মাণিক এতিয়া ঘৰৰ পুখুৰীত: মুকুতাৰ খেতিৰে বিপ্লৱৰ সূচনা ৰুলেন হাজৰিকাৰ - Pearl Farming Business

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.