ETV Bharat / state

দীপাংকৰ গগৈৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন ক’ত ? প্ৰতিবেদন ৰাজহুৱা নোহোৱাক লৈ প্ৰশ্ন ভিন্নজনৰ - ULFA I GRENADE ATTACK

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:52 PM IST

Dipankar Gogoi suicide case : দীপাংকৰ গগৈৰ আত্মহত্যাৰ পিচতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত গঠন কৰা হৈছিল তদন্ত আয়োগ ৷ সেই আয়োগে কি তদন্ত কৰিলে ? তদন্ত প্ৰতিবেদন ক’ত ? সন্দেহ প্ৰকাশ কৰিছে ভিন্নজনে ৷

Dipankar Gogoi suicide case
NIAৰ অভিযোগনামাৰ পিচতে তিতাবৰত পুনৰ প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাট, 27 জুন : নিৰপৰাধী এজন যুৱকক অপৰাধী সজাই তিতাবৰ আৰক্ষীয়ে চলাইছিল অকথ্য নিৰ্যাতন ৷ এক গ্ৰেণেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কোনো তথ্য-প্ৰমাণ নথকাকৈ যুৱকজনক শাৰীৰিকভাৱে অপদস্থ কৰি ঠেলি দিয়া হৈছিল মৃত্যুৰ মুখলৈ ৷ এই কথাই প্ৰমাণ কৰিলে গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত তদন্তকাৰী সংস্থা NIAই দাখিল কৰা অভিযোগনামাই ৷ যি অভিযোগনামাত নাম নাই আৰক্ষীৰ অত্যাচাৰত অপমানিত হৈ আত্মহত্যা কৰা দীপাংকৰ গগৈৰ নাম ৷

ইয়াৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে তিতাবৰ থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে তিতাবৰবাসীয়ে ৷ প্ৰতিবাদকাৰীসকলে দীপাংকৰৰ মৃত্যুৰ ন্যায়ৰ লগতে যুৱকজনৰ পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি দিয়াৰ উপৰিও ঘটনাৰ বাবে দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় ৷ আৰক্ষীৰ উপস্থিতিতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে যোৰহাটস্থিত লিচুবাৰী সেনা ছাউনিত 2023ৰ 14 ডিচেম্বৰৰ নিশা ৭.২১ বজাত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছিল দীপাংকৰ গগৈক ৷ দীপাংকৰক তিতাবৰ আৰক্ষীয়ে থানালৈ নি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতে আত্মহত্যা কৰিছিল দীপাংকৰ গগৈয়ে ৷

লগতে পঢ়ক: ল’ৰাটোক হেৰুৱালো, অন্ততঃ ন্যায় হিচাপে সংস্থাপন এটা দিয়ক : দীপাংকৰ গগৈৰ মাতৃৰ কাতৰ আহ্বান

কিন্তু শেহতীয়াকৈ NIA ই আদালতত দাখিল কৰা অভিযোগনামাত নাম নাই দীপাংকৰ গগৈৰ ৷ অৰ্থাৎ উল্লেখিত গ্ৰেণেড বিস্ফোৰণৰ লগত যুৱকজন জড়িত নথকাটো প্ৰমাণিত হ’ল ৷ ইফালে দীপাংকৰ গগৈৰ মৰণোত্তোৰ পৰীক্ষা প্ৰতিবেদনতো উন্মোচিত হয় আন এক ভয়ংকৰ ছবি ৷ প্ৰতিবেদনত উল্লেখ আছিল যে দীপাংকৰ গগৈক গধুৰ বস্তুৰে খুন্দিয়াই আঘাত কৰা হৈছিল ৷ মৃত্যুৰ দুদিনৰ পূৰ্বে দীপাংকৰ গগৈক আঘাত কৰাৰ কথা উল্লেখ আছিল মৰণোত্তৰ পৰীক্ষাত ৷

আনহাতে দীপাংকৰৰ মৃত্যুৰ ন্যায় বিচাৰি পৰিয়ালে তিতাবৰ আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কে চি চামাৰিয়াৰ নেতৃত্বত উক্ত ঘটনাৰ সন্দৰ্ভত এক তদন্ত আয়োগ গঠন কৰি দিছিল ৷ উক্ত আয়োগে এদিন দীপাংকৰ গগৈৰ ঘৰলৈ গৈয়েই সামৰিলে তদন্ত ৷ আজিকোপতি ৰাজহুৱা নহ’ল সেই তদন্ত আয়োগৰ প্ৰতিবেদন ।

আনহাতে দীপাংকৰ গগৈৰ তদন্তকাৰীৰ বিষয়া নিৰাজ দলেই উক্ত ঘটনা সন্দৰ্ভত নিৰাপদ দূৰত অৱস্থান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু দীপাংকৰৰ ভগ্নীয়ে ।

এতিয়া দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায়ৰ বাবে পৰিয়ালে বাট চাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ।

লগতে পঢ়ক: যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.