ETV Bharat / state

কেতিয়া সমাধান হ'ব তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চলৰ খহনীয়া সমস্যাৰ ? - Assam River Bank Erosion Problem

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:53 PM IST

Erosion Problem in Tinsukia: দুই এদিনৰ ভিতৰত ভাঙিব পাৰে তিনিচুকীয়া জিলাৰ নাওকটা, ফেলাই, হাতীঘূলীৰ মথাউৰি । শংকিত নৈপৰীয়া ৰাইজ । দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ।

People of various place of Tinsukia face erosion from Brahmaputra river
কেতিয়া সমাধান হ'ব তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চলৰ খহনীয়াৰ সমস্যাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৫ জুন: ১৯৯৮ চনৰে পৰা তিনিচুকীয়া জিলাৰ নাওকটা, ফেলাই, হাতীঘূলী অঞ্চলত তীব্ৰ খহনীয়াই বিপদত পেলাই আহিছে নৈপৰীয়া ৰাইজক । বহু চৰকাৰ আহিল আৰু বহু চৰকাৰ গ'ল । কিন্তু এই সমস্যাটো আজিও কিন্তু সমস্যা হৈয়ে ৰৈ গ'ল । কোনো এখন চৰকাৰেই কিন্তু গৰাখহনীয়াৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব নোৱাৰিলে । স্থানীয় ৰাইজে আবেদনৰ পাচত আবেদন জনাইয়ো বিফল হ'ল ।

স্থানীয় ৰাইজে ক্ষোভিত হৈ শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াক ধিক্কাৰ জনোৱাৰ লগতে বিগত সময়ছোৱাত সাংসদ হিচাপে কাৰ্যকাল পাৰ কৰি পুনৰবাৰ একেখন লোকসভা সমষ্টিত সাংসদ হিচাপে জয়যুক্ত হোৱা প্ৰদান বৰুৱাকো ধিক্কাৰ জনাই । প্ৰদান বৰুৱাই নিমাতী কইনাৰ ভাও ধৰা বুলি অভিযোগ কৰি ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ । কিয়নো প্ৰায় ২০-২৫ বছৰ ধৰি এইসকল লোকে গৰাখহনীয়াৰ সমস্যাত ভুগি আহিছে ।

পূৰ্বে এই অঞ্চলৰ বহু গাঁও এনেদৰে খহনীয়াৰ কৱলত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল । এইবাৰ খৰালিৰ সময়তে খহনীয়াৰ কৱলত পৰিছে খেতিয়কসকলৰ বিঘাই বিঘাই কৃষিভূমি । কৃষকসকলে প্ৰতি বছৰে শ শ বিঘা খেতিৰ মাটি এনেদৰে হেৰুৱাই পেলাইছে । প্ৰতিৰোধৰ নামত চৰকাৰে এই অঞ্চলৰে সমীপৰ কেন'পাছ নামৰ ঠাইত জিঅ’ বেগ দি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে । বৰ্তমান সময়তো অব্যাহত আছে তীব্ৰ খহনীয়া ।

কেমেৰাত বন্দী হৈছে খহনীয়াৰ ভয়ংকৰ দৃশ্য । কোন মুহূৰ্তত নৈপৰীয়া ঠাইবোৰ নদীৰ বুকুত বিলীন হৈ পৰিব কোনো অনুমান কৰিব নোৱাৰি । এনেদৰে বছৰে বছৰে খহনীয়াৰ কৱলত পৰিলে এইসমূহ গাঁও বা কৃষিভূমি সকলো এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰিব বুলি উদ্বেগ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: ধনী হোৱা হ’লেতো আমি আৰচিচি বিল্ডিং বনাই থাকিলোহেতেন ! - Assam River Bank Erosion Problem

মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন 75 কোটি টকা - Erosion In Dibrugarh

খহনীয়াই বজাইছে বিপদঘণ্টা, শংকিত ডিব্ৰুগড়বাসী - Erosion In Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.