ETV Bharat / state

জনপ্ৰতিনিধিৰ জনতাবিৰোধী আচৰণ ! সাহায্য বিচৰাৰ বাবেই আঁজুৰি ফালিলে কাপোৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 12:32 PM IST

Allegation against BJP MLA: জনপ্ৰতিনিধিৰ জনবিৰোধী আচৰণ ৷ আশ্ৰয় শিবিৰত খালী হাতেৰে উপস্থিত হ’ল শাসকীয় দলৰ এজন বিধায়ক ৷ সাহায্য বিচৰাৰ পাচতেই সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ বিধায়কগৰাকীৰ সৈতে শিবিৰটোত উপস্থিত হোৱা বিজেপি নেতা-কৰ্মীয়ে এজন যুৱকৰ কাপোৰ আঁজুৰি ফালি পেলোৱাৰ অভিযোগ ৷ কোন সেইজন বিধায়ক- জানিবলৈ পঢ়ক এই প্ৰতিবেদন----

Local people of tinsukia allege Margherita BJP MLA Bhaskar Sharma refused to help flood victims in Flood relief camp
জনপ্ৰতিনিধিৰ জনবিৰোধী আচৰণ! সাহায্য বিচৰাৰ বাবেই আঁজুৰি ফালিলে চাৰ্ট (ETV Bharat Assam)

তিনিচুকীয়া, 3 জুলাই: আহাৰৰ বানত ত্ৰাহিমধুসূদন সুঁৱৰিছে ৰাজ্যবাসীয়ে ৷ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে আজিপৰ্যন্ত এই সমস্যাৰ কোনো স্থায়ী সমাধান উলিয়াবলৈ যত্ন কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ ফলত অসমত বান প্ৰতিবছৰেই আহে আৰু থান-বান কৰি থৈ যায় আটোমটোকাৰিকৈ সজাই তোলা ঘৰখন, শস্যৰ পথাৰ সকলো ৷

প্ৰতিবছৰৰ দৰে এইবছৰো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়কৰ লগতে আমোলা-বিষয়া সকলোলৈ নিৰ্দেশনা দিছে বানৰ সময়ত ৰাইজক সহায়-সহযোগিতা আগবঢ়াবলৈ ৷

আনকি মঙলবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কক ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তৰ কাষত উপস্থিত হোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ এইহেন সংকটৰ সময়ত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত শাসকীয় দলটোৰ এগৰাকী জনপ্ৰতিনিধিৰ উদ্ভট মন্তব্য তথা আচৰণৰ ঘটনা পোহৰলৈ আহিছে, যিয়ে দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । বিধায়কগৰাকী হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা ৷

ঘটনাস্থলীত উপস্থিত দল-সংগঠনৰ নেতৃত্বই বিষয়টো সন্দৰ্ভত খেদ প্ৰকাশ কৰি কয়, "তিনিচুকীয়া জিলাৰ টেকেৰীৰ বানাক্ৰান্ত আশ্ৰয় শিবিৰত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই একাংশ দলীয় কৰ্মকৰ্তাৰ সৈতে উপস্থিত হৈছিল পৰিস্থিতিৰ বুজ ল’বলৈ ৷ কিন্তু বিধায়কগৰাকীয়ে খালী হাতেৰে আশ্ৰয় শিবিৰত উপস্থিত হোৱা প্ৰত্যক্ষ কৰি একাংশ লোকে বিধায়কগৰাকীক প্ৰশ্ন তোলে আৰু কথাৰ কটাকটি হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে" ৷

পৰৱৰ্তী সময়ত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে, হতাহতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হয় ৷ বিধায়ক তথা বিধায়কগৰাকীৰ সৈতে শিবিৰটোত উপস্থিত হোৱা একাংশ বিজেপি নেতা-কৰ্মীয়ে বিধায়কগৰাকীক প্ৰশ্ন তোলা এজন যুৱকৰ কাপোৰ ফালি পেলোৱাৰ দৰে কাণ্ডও সংঘটিত কৰিছে বুলি অভিযোগ তোলে প্ৰত্যক্ষদৰ্শীয়ে ৷

আনকি আশ্ৰয় শিবিৰত খালী হাতেৰে বিধায়কগৰাকী আহিব নালাগিছিল বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পাচতে বিধায়কগৰাকী জাঙুৰ খাই উঠে আৰু ‘একো সহায় নকৰো’, ‘নিদিও’ বুলি কৈ শিবিৰটোৰ পৰা পলায়ন কৰে ৷ বানত ৰাজ্যবাসী ককবকাই থকাৰ সময়ত তথা সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাৰ সময়তো শাসকীয় দলৰ এগৰাকী বিধায়কৰ এনে জনবিৰোধী বক্তব্যই ৰাজ্যৰ সচেতন মহলত লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক: নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024

মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম - Assam Flood 2024

গুৱাহাটীত প্ৰতি ঘন্টাত তিনি ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী - Assam Flood 2024

বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ; মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি - Assam flood 2024

বিকশিত অসমত যাতায়তৰ বাবে নাগৰিকৰ ভৰসা কলৰ ভূঁৰ, নাও ! - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.